সমললৈ যাওক

ভীমৰাও ৰামজী আম্বেদকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড° ভীমৰাও ৰামজী আম্বেদকাৰ
জন্ম ভীমৰাও ৰামজী আম্বেদকাৰ
১৪ এপ্ৰিল, ১৮৯১
Mhow, Central Provinces, British India (now in Madhya Pradesh)
মৃত্যু ৬ ডিচেম্বৰ, ১৯৫৬ (৬৫ বছৰ)
Delhi, India
ৰাষ্ট্ৰীয়তা Indian
অন্য নাম বাবা, বাবাচাহেব, ভীমা, মুকনায়ক
শিক্ষানুষ্ঠান University of Mumbai
Columbia University
University of London
London School of Economics
সংস্থা Samata Sainik Dal, Independent Labour Party, Scheduled Castes Federation
পদবী 1st Law Minister of India, Chairman of the Constitution Drafting Committee
ধৰ্ম বৌদ্ধধৰ্ম
দাম্পত্যসঙ্গী Ramabai Ambedkar (m. 1906 - d. 1935)[1] Savita Ambedkar (m. 1948)[2]
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাৰত ৰত্ন
স্বাক্ষৰ

ড° ভীমৰাও ৰামজী আম্বেদকাৰ (ইংৰাজী: Bhimrao Ramji Ambedkar; মাৰাঠী: भीमराव रामजी आंबेडकर) (১৮৯১-১৯৫৬) এজন ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল। ১৯৩০-৩১ আৰু ১৯৩১-৩২ চনত প্ৰথম ঘূৰণীয়া মেজমেলত তেওঁ অনুন্নত জাতিৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। বোম্বাই বিধান সভাৰ সদস্য নিৰ্বাচিত হৈছিল। ব্ৰিটিছ চৰকাৰে তেওঁ যুটীয়া সংসদী কমিটীৰ সদস্য নিযুক্ত কৰিছিল। তেওঁ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাঠ গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী নিযুক্ত হৈছিল। ভাৰতীয় সংবিধান সভাৰ সদস্য আছিল আৰু ১৯৪৭ চনত তেওঁ সংবিধান খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি হৈছিল আৰু ভাৰতীয় সংবিধান ৰচনা কৰিছিল।[3]

২০১২ চনত History TV আৰু CNN-IBN চেনেলে দেশজুৰি চলোৱা এটা সমীক্ষাত তেখেতক "শ্ৰেষ্ঠ ভাৰতীয়" হিচাপে বাছনি কৰা হৈছিল।[4][5] ১৯৯০ চনত তেখেতক মৰনোত্তৰভাৱে ভাৰত-ৰত্ন বঁটা প্ৰদান কৰা হয়।

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

ভীমৰাও ৰামজী আম্বেদকাৰ ১৮৯১ চনৰ চৈধ্য এপ্ৰিলৰ তাৰিখে নিঃকুলীয়া বংশত জন্ম হৈছিল । তেওঁৰ জন্ম হয় অবিভক্ত বোম্বাই প্ৰদেশৰ ৰত্নগিৰি জিলাত। তেওঁলোকৰ পৰিয়ালটি আছিল মহৰ সম্প্ৰদায়ৰ আৰু এই মহৰ সম্প্ৰদায়েই আছিল ৰত্নগিৰিত একেবাৰে পিছপৰা ঘৃণনীয়। মহৰ কুলটো হিন্দু ধৰ্মৰ তথা চতুৰ বৰ্ণ সমাজৰ শূদ্ৰ জাতিৰ ভিতৰত আটাইতকৈ নিম্ন শ্ৰেণীৰ আৰু এই শ্ৰেণীবোৰ সেইকালত অন্তজ, পেৰিয়া আৰু অতি শূদ্ৰ বুলি জনাজাত হৈছিল। পিছপৰা এনে শ্ৰেণীক অচ্যুত, মহাত্মা গান্ধীয়ে নাম দিছিল হৰিজন, সাংবিধানিক ভাবে কোৱা হৈছিল অনুসূচীত জাতি। ব্ৰিটিছ সকলে তেওঁলোকক Depressed Class বুলি কৈছিল। ভাৰতত থকা ৪২৯টা অনুন্নত শ্ৰেণীৰ ভিতৰত মহৰ শ্ৰেণীয়ে সবাতোকৈ পিছপৰা আৰু হীন আছিল। তেওঁৰ পিতাক ৰামজী মালোজী চকপাল সৈন্য বাহিনীৰ চুবেদাৰ মেজৰ আছিল। তেওঁ ৰমাবাই নামৰ এঘাৰ বছৰীয়া ছোৱালী এজনীৰ সৈতে বিবাহ পাশত আবন্ধ হৈছিল।[3]

শিক্ষা জীৱন

[সম্পাদনা কৰক]

বি.আৰ. আম্বেদকাৰৰ প্ৰাইমেৰী শিক্ষা নিজৰ জন্মস্থানতেই আৰম্ভ হৈছিল। তাৰ পিছত তেওঁ পিতাকে বোম্বাই নগৰীলৈ লৈ গল মাধ্যমিক শিক্ষা লাভৰ কাৰণে। বোম্বাই এল ফিন ষ্টোন নামৰ হাইস্কুল খনত নাম ভৰ্তি কৰালে। কিন্তু বিদ্যালয়ত নীচ জাতিকুলৰ হোৱা বাবে ঘৃণা-অবহেলাৰ পাত্ৰ হৈছিল।[3] তেওঁৰ সংস্কৃত শিকাৰ আগ্ৰহ আছিল যদিও শিক্ষকে তেওঁক সেই অনুমতি প্ৰদান নকৰিলে বৰঞ্চ তেওঁক পাৰ্চীহে পঢ়িবলৈ অনুমতি দিছিল। পিছত তেওঁ সংস্কৃতৰ শিক্ষা নিজে লৈছিল। ইংৰাজীৰ জ্ঞান লাভিছিল পিতাকৰ পৰা। তেওঁৰ এনেকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ বোম্বাই এলফিনষ্টোন কলেজত ভৰ্তি হয়। ১৯১২ খৃষ্টাব্দত তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হল। ইয়াৰ পিছত তেওঁ কিছুদিন চাকৰি কৰি পৰিয়ালটিক তনকীয়াল কৰি ১৯১৩ খৃষ্টাব্দত তেওঁ আমেৰিকানিউয়ৰ্ককলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰিলে। তেওঁ বুৰঞ্জী, নৃতত্ত্ব, সমাজবিদ্যা, মনোবিজ্ঞান,অৰ্থনীতি আদি বিষয়ত অধ্যয়ন কৰিছিল। ১৯১৫ খৃষ্টাব্দত তেওঁ এনচিয়েণ্ট ইণ্ডিয়ান কমাৰ্ছ মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তাৰপিছত তেওঁ দি ইভলিউচন অৱ প্ৰভিন্সিয়েল ফাইনেন্স ইন ব্ৰিটিছ-ইণ্ডিয়া সম্পৰ্কত গভীৰ অধ্যয়ন চলাই, ফিল'চফি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত তেওঁ ১৯১৬ খৃষ্টাব্দত অধ্যয়নৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ'ল। তাতে তেওঁ লণ্ডন স্কুল অৱ ইকন'মিক্স এণ্ড পলিটিকেল চায়েন্স নামৰ বিদ্যালয়ত ভৰ্তি হল আৰু ডি. এছ. চি. ডিগ্ৰী লাভৰ বাবে আৰু গ্ৰেইজইনত আইন বিষয়ৰ ডিগ্ৰী লাভৰ উদ্দেশ্যে অধ্যয়নত লাগে। কিন্তু তেওঁৰ সেই অধ্যয়ন আধৰুৱা কৰিয়েই ভাৰতলৈ উভতি আহে।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]
১৯৩৫ চনৰ ১৩ অক্টোবৰত নাচিকৰ ইয়'লাত বক্তৃতা দি থকা অৱস্থাত আম্বেদকাৰ

বি. আৰ আম্বেদকাৰে শিক্ষা সমাপ্ত কৰি ভাৰতলৈ উভতি আহি বৰোদাৰ সৈনিক বিভাগৰ ছেক্ৰেটৰী পদত নিযুক্তি পালে। কিন্তু উচ্চ হিন্দুসকলে নীচ জাতিকুলৰ বুলি এইবাৰো এই বিদেশত শিক্ষিত লোকজনৰ শিক্ষাৰ অকণো আদৰ আৰু সহানুভূতি নেদেখুৱালে, কাৰ্যালয়ত তেওঁক এডোখৰ চুকত বহিবলৈ দিলে আৰু কোঠাটোত আগৰে পৰা পাৰি থোৱা কাৰ্পেটখন আঁতৰাই পেলাইছিল। অফিচৰ কাগজ পত্ৰ দুৰৰে পৰা দলিয়াহে তেওঁলৈ দিয়া হৈছিল।[3] তেওঁ হিন্দু সমাজৰ এই বৈষম্য আঁতৰ কৰিবলৈ সংকল্প লৈ বোম্বাইত এডাইচাৰ টু ডিলাৰ এণ্ড চেয়াৰচ নামে এখন ফাৰ্ম আৰম্ভ কৰিলে। তাৰপিছতে তেওঁ চিডেন হাম বাণিজ্য কলেজত অস্থায়ী ভাৱে ৰাজনীতি-অৰ্থনীতি প্ৰৱক্তা পদত নিযুক্তি পালে। ইয়াতো তেওঁ জাত-কুলৰ কু-প্ৰভাৱত তিষ্টিব নোৱাৰিলে। ১৯১৭ খৃষ্টাব্দত তেওঁ অস্পৃশ্য সকলৰ হৈ টাইথ বেৰ কমিছনৰ আগত সাক্ষ্য দিছিল, ১৯১৮ খৃষ্টাব্দত নাগপুৰত অস্পৃশ্য সন্মিলন পাতিছিল। ইয়াৰ পিছতে তেওঁ অসমাপ্ত শিক্ষা শেষ কৰিবলৈ দৃঢ় সংকল্প লৈ লণ্ডনলৈ পুনৰ যাত্ৰা কৰে। ১৯২১ খৃষ্টাব্দত প্ৰভিন্সিয়েল দি চেট্ৰেলাইজেচন অৱ ইম্পোৰিয়েল ফাইনেন্স ইন ব্ৰিটিছ ইণ্ডিয়া শীৰ্ষক অধ্যয়নৰ বাবে এম. এছ. ছি. ডিগ্ৰী লাভ কৰিলে। ১৯২২ খৃষ্টাব্দত তেওঁ আইন বিষয়ত উত্তীৰ্ন হয়। ১৯২৩ খৃষ্টাব্দত তেওঁ ডি. এচ. চি ডিগ্ৰীও সমাপ্ত কৰিলে। তাৰ পিছত তেওঁ এল. এল ডি, আৰু ডি লিট উপাধি আৰ্জন কৰিলে। আধৰুৱা শিক্ষা সমাপ্ত কৰি তেওঁ এইবাৰ ভাৰতলৈ আহি বোম্বাই হাইকোৰ্টতে বেৰিষ্টাৰ হিচাপে স্বাধীন ব্যৱসায় ওকালতি কৰিবলৈ ললে। ইয়াতো তেওঁক জাতিকুলৰ ভেদভাবে পিছ এৰা নাছিল। বৰং মানুহে তেওঁক উপহাস কৰি গৰীবৰ ব্যাৰিষ্টাৰ ৰ হে বুলিছিল। ১৯২৪ খৃষ্টাব্দত বঞ্চিত সকলক তেওঁলোকৰ পাপ্য স্বাস্থ্য, সম্পদ, সংস্কৃতি , সন্মান আদিৰ বাবে সংগ্ৰামত ব্ৰতী হল।[3] ১৯২৬ খৃষ্টাব্দত তেওঁ এম. এল. এৰ বাবে মনোনয়ন দিছিল। ১৯২৭ খৃষ্টাব্দত তেওঁ মহাৰ পৰিষদ গঠন কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। ১৯৩০ খৃষ্টাব্দৰ ৩ মাৰ্চত মন্দিৰত সোমোৱাৰ অধিকাৰ বিচাৰি কলাৰাব মন্দিৰৰ সন্মুখত সত্যাগ্ৰহ কৰিছিল। ১৯৩৬ চনত তেওঁ স্বতন্ত্ৰ শ্ৰমিক পাৰ্টি গঠন কৰি, ১৯৩৭ চনত বম্বে বিধান সবাৰ এম. এল.এ নিৰ্বাচিত হয়। ১৯৪২ খৃষ্টাব্দত তেওঁ সৰ্বভাৰতীয় অনুসূচীত জাতি ফেডাৰেছন গঠন কৰিছিল আৰু পিছলৈ ভাৰতীয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈ লাট গৱৰ্ণৰ কাৰ্যকৰী কাউন্সিলৰ শ্ৰম মন্ত্ৰী নিযুক্ত হয়। ১৯৪৫ খৃষ্টাব্দত তেওঁ মানৱ শিক্ষা সমাজ গঠন কৰিলে। ১৯৪৬ চনত ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ১৯৪৭ খৃষ্টাব্দৰ ২৯ আগষ্টত সংবিধানৰ খচৰা প্ৰস্তুতি কমিটীৰ সভাপতি নিৰ্বাচিত হৈ স্বাধীন ভাৰতৰ নতুন সংবিধান ৰচনা কৰিছিল। ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেওঁ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম আইন মন্ত্ৰী নিযুক্ত হৈছিল। ১৯৫২ চনত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ১৯৫৫ চনত তেওঁ বুদ্ধিষ্ট ছোচাইটি অৱ ইণ্ডিয়া গঠন কৰে। ১৯৫৬ চনত তেওঁ নাগপুৰত ৰাজহুৱা বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।[3]

আম্বেদকাৰৰ অৱদান

[সম্পাদনা কৰক]

সৰুৰে পৰা আম্বেদকাৰে তেওঁৰ প্ৰতি সমাজৰ বৈষম্যৰ অপমান ভোগ কৰি আহিছিল, সেয়েহে তেওঁ তাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিল। এই উদ্দেশ্যে ১৯২৭ চনত তেওঁ ‘বহিষকৃত ভাৰত’ নামৰ মাৰাঠী পষেকীয়া কাকত এখন উলিয়াই আনিবলৈ আৰম্ভ কৰে।

১৯২৭ চনত বোম্বেৰ গৱৰ্ণৰে তেওঁক বিধান পৰিষদলৈ মনোনীত কৰে আৰু চে ১৯৩৭ চনলৈকে বোম্বাই বিধানসভাৰ সদস্য হৈ থাকে।

সেই সময়ত দলিতসকলক অস্পৃশ্য বুলি গণ্য কৰি মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। তেওঁ মন্দিৰত অস্পৃশ্য লোকৰ প্ৰৱেশৰ দাবী জনায় আৰু ১৯৩০ চনত ৩০ হাজাৰ দলিতৰ সৈতে নাশিকৰ কলাৰাম মন্দিৰৰ প্ৰৱেশৰ বাবে সত্যগ্ৰহ কৰে।

এই উপলক্ষে উচ্চ জাতিৰ লোকৰ লাথিৰ বাবে বহু লোক আহত হৈছিল যদিও সকলোকে মন্দিৰত প্ৰৱেশ কৰাই শেষ নিশ্বাস ল’লে। এই ঘটনাৰ পিছত মানুহে তেওঁক ‘বাবা চাহেব’ বুলি ক’বলৈ ধৰিলে।

১৯৯৫ চনত তেওঁ ‘স্বাধীন শ্ৰমিক পাৰ্টি’ প্ৰতিষ্ঠা কৰে, যাৰ জৰিয়তে তেওঁ দলিত আৰু অস্পৃশ্য বুলি গণ্য কৰা লোকসকলৰ উন্নতিৰ বাবে মৌলবাদীৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। ১৯৩৫ চনত তেওঁক চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ সন্মানীয় পদ দিয়া হয়।[ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

পুৰস্কাৰ প্ৰাপ্ত বঁটা

[সম্পাদনা কৰক]
  • ভাৰত-ৰত্ন বঁটা, (১৯৯০)

ইংৰাজী গ্ৰন্থ সংকলন

[সম্পাদনা কৰক]
  • The problem of the Rupee,
  • Ranade,
  • Gandhi and Jinnah,
  • Who were the Shudras And how come to be the fourth Varna in the Indo-Aryan Society.
  • Thoughts on Linguistic States,
  • The Buddha and His Dharma.

বি.আৰ. আম্বেদকাৰ ১৯৫৬ চনৰ ৬ ডিচেম্বৰত মৃত্যু হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Pritchett, Frances. "In the 1900s" (PHP). http://www.columbia.edu/itc/mealac/pritchett/00ambedkar/timeline/1900s.html। আহৰণ কৰা হৈছে: 5 January 2012. 
  2. Pritchett, Frances. "In the 1940s". http://www.columbia.edu/itc/mealac/pritchett/00ambedkar/timeline/1940s.html। আহৰণ কৰা হৈছে: 2012-06-13. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৮৪,৮৫,৮৬,৮৭,৮৮,৮৯,৯০. 
  4. "আৰ্কাইভ কপি". cnn ibn. Archived from the original on 2012-11-06. https://web.archive.org/web/20121106012934/http://ibnlive.in.com/videos/282480/the-greatest-indian-after-independence-br-ambedkar.html. 
  5. "আৰ্কাইভ কপি". Archived from the original on 2012-08-08. https://web.archive.org/web/20120808090032/http://www.historyindia.com/TGI/। আহৰণ কৰা হৈছে: 2013-01-03. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • Michael, S.M. (1999). Untouchable, Dalits in Modern India. Lynne Rienner Publishers. ISBN 978-1-55587-697-5. 
  • Beltz, Johannes; Jondhale, S., eds. Reconstructing the World: B.R. Ambedkar and Buddhism in India. প্ৰকাশক New Delhi: Oxford University Press. 
  • Sangharakshita, Urgyen. Ambedkar and Buddhism. ISBN 0-904766-28-4.  PDF Archived 2015-09-24 at the Wayback Machine
  • Jaffrelot, Christophe (2004). Ambedkar and Untouchability. Analysing and Fighting Caste. প্ৰকাশক New York: Columbia University Press. 
  • Omvedt, Gail. Ambedkar: Towards an Enlightened India. ISBN 0-670-04991-3. 
  • Gautam, C. (May 2000). Life of Babasaheb Ambedkar (Second সম্পাদনা). প্ৰকাশক London: Ambedkar Memorial Trust. 
  • Kuber, W. N.. Dr. Ambedkar: A Critical Study. প্ৰকাশক New Delhi: People's Publishing House. 
  • Bholay, Bhaskar Laxman (2001). Dr Dr. Baba Saheb Ambedkar: Anubhav Ani Athavani. প্ৰকাশক Nagpur: Sahitya Akademi. 
  • Kasare, M. L.. Economic Philosophy of Dr. B.R. Ambedkar. প্ৰকাশক New Delhi: B. I. Publications. 
  • Ahir, D. C.. The Legacy Of Dr. Ambedkar. প্ৰকাশক Delhi: B. R. Publishing. ISBN 81-7018-603-X. 
  • Ajnat, Surendra (1986). Ambedkar on Islam. প্ৰকাশক Jalandhar: Buddhist Publ.. 
  • Fernando, W. J. Basil (2000). Demoralisation and Hope: Creating the Social Foundation for Sustaining Democracy—A comparative study of N. F. S. Grundtvig (1783–1872) Denmark and B. R. Ambedkar (1881–1956) India. প্ৰকাশক Hong Kong: AHRC Publication. ISBN 962-8314-08-4. 
  • "Pakistan or the Partition of India". http://www.columbia.edu/itc/mealac/pritchett/00ambedkar/ambedkar_partition/index.html.