কুশল কোঁৱৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুশল কোঁৱৰ
জন্ম ১৯০৫ চন
ভাৰত গোলাঘাট, অসম
মৃত্যু ১৫ জুন, ১৯৪৩ চন
জনা যায় ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম শ্বহীদ

কুশল কোঁৱৰ (ইংৰাজী: Kushal Konwar) হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ।[1]

জন্ম তথা প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯০৫ চনত অসমৰ গোলাঘাট জিলাৰ (তেতিয়াৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত) ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিৰ এখন মধ্যবিত্ত পৰিয়ালত কুশল কোৱৰৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃৰ নাম আছিল সোণাৰাম কোৱঁৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোৱঁৰ।

১৯১৮ চনত প্ৰাথমিক শিক্ষা শেষ কৰি কুশল কোৱঁৰে গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। ১৯১৯ চনৰ জালিয়ানাৱালা বাগ হত্যাকাণ্ড আৰু তাৰেই ফলত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা বিদ্ৰোহ আৰু মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো যথেষ্ট পৰিমানে পৰিছিল। ১৯২১ চনত কুশল কোৱঁৰে আন বহুতো অসমীয়া ডেকা গাভৰু তথা স্কুলীয়া বিদ্যাৰ্থীৰ দৰে বিদ্যালয় ত্যাগ কৰি এই আন্দোলনত জপিয়াই পৰে।সেইসময়ত কোৱঁৰৰ বয়স আছিল ১৭ বছৰ। সেইসময়তে অৰ্থনৈতিক দুৰৱস্থাৰ বাবে কুশল কোৱঁৰৰ দেউতাকে পৈত্ৰিক সম্পত্তি বিক্ৰি কৰি বালিজানৰ পৰা ৰেংমাই লৈ গুচি আহে।

১৯২৫ চনত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি ১৯২৭ চনৰ ১৭ জুনত বালিজান চাহবাগিচাত বাগিচা পৰিদৰ্শক হিচাপে সোমায় আৰু এই বাগিচাতেই ১৯৩৬ চনলৈ কাৰ্য্যনিৰ্বাহ কৰে।

১৯২৯ চনত কুশল কোৱঁৰে জনৈক প্ৰেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কুশল কোৱঁৰ[সম্পাদনা কৰক]

স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰা বাগিচাৰ কাম ত্যাগ কৰে সামাজিক কাম কৰাৰ স্বাৰ্থত। গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল। কিন্তু সৰুপথাৰৰ ৰেল দুৰ্ঘটনা ঘটোৱা দলৰ দলপতি বুলি তেওঁক ১৯৪২ ৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ এক নম্বৰ আছামী বুলি অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয়।

মৃত্যু[সম্পাদনা কৰক]

১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হয়।[1][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]