কুশল কোঁৱৰ
![]() | এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
![]() | এই প্ৰবন্ধটোৰ পৰিচিতি খণ্ডটো ইয়াৰ তথ্যসমূহৰ সৈতে সংগতি ৰাখি অলপ বিস্তাৰ কৰাৰ প্ৰয়োজন আছে। ৱিকিপিডিয়াৰ পৰিচিতি অংশ লিখাৰ নিয়ম অনুসৰি, এই অংশটোক এটা বিস্তৃত পৰিচিতি প্ৰদানেৰে প্ৰবন্ধটো সুন্দৰ কৰি তোলক। (আলোচনা) |
কুশল কোঁৱৰ | |
---|---|
![]() কুশল কোঁৱৰ | |
জন্ম | ১৯০৫ চন![]() |
মৃত্যু | ১৫ জুন, ১৯৪৩ চন |
জনা যায় | ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ |
কুশল কোঁৱৰ (ইংৰাজী: Kushal Konwar) হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ।[1]
জন্ম তথা প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
১৯০৫ চনত অসমৰ গোলাঘাট জিলাৰ (তেতিয়াৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত) ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিৰ এখন মধ্যবিত্ত পৰিয়ালত কুশল কোঁৱৰৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ।
১৯১৮ চনত প্ৰাথমিক শিক্ষা শেষ কৰি কুশল কোঁৱৰে গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আৰু তাৰেই ফলত সমগ্ৰ ভাৰতবৰ্ষতে সৃষ্টি হোৱা বিদ্ৰোহ আৰু মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমতো যথেষ্ট পৰিমাণে পৰিছিল। ১৯২১ চনত কুশল কোঁৱৰে আন বহুতো অসমীয়া ডেকা গাভৰু তথা স্কুলীয়া বিদ্যাৰ্থীৰ দৰে বিদ্যালয় ত্যাগ কৰি এই আন্দোলনত জঁপিয়াই পৰে। সেইসময়ত কোঁৱৰৰ বয়স আছিল মাত্ৰ ১৭ বছৰ। সেইসময়তে অৰ্থনৈতিক দুৰৱস্থাৰ বাবে কুশল কোঁৱৰৰ দেউতাকে পৈতৃক সম্পত্তি বিক্ৰি কৰি বালিজানৰ পৰা ৰেংমাই লৈ গুচি আহে।
১৯২৫ চনত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি ১৯২৭ চনৰ ১৭ জুনত বালিজান চাহবাগিচাত বাগিচা পৰিদৰ্শক হিচাপে সোমায় আৰু এই বাগিচাতেই ১৯৩৬ চনলৈ কাৰ্য্যনিৰ্বাহ কৰে।
১৯২৯ চনত কুশল কোঁৱৰে জনৈক প্ৰেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।
ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত কুশল কোৱঁৰ[সম্পাদনা কৰক]
স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰাত বাগিচাৰ কাম ত্যাগ কৰে আৰু সামাজিক কাম কৰাৰ স্বাৰ্থত গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল। কিন্তু ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰেল দুৰ্ঘটনাটোৰ দলপতি বুলি তেওঁক ১৯৪২ চনৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ প্ৰথম গৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয়।
মৃত্যু[সম্পাদনা কৰক]
১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হয়।[1][2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 "KUSHAL KONWAR OR SWAHID KUSHAL KONWAR OR MARTYR KUSHAL KONWAR". assaminfo.com. http://www.assaminfo.com/famous-people/21/kushal-konwar-or-swahid-kushal-konwar-or-martyr-kushal-konwar.htm। আহৰণ কৰা হৈছে: February 28, 2013.
- ↑ Assam General Knowledge. Bright Publications. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C। আহৰণ কৰা হৈছে: 21 November 2012.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Konwar-The only martyr to be hanged in 1942, Jolly Saikia Gogoi
- KUSHAL KONWAR OR SWAHID KUSHAL KONWAR OR MARTYR KUSHAL KONWAR