বিষ্ণুপ্ৰসাদ ৰাভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কলাগুৰু
বিষ্ণুপ্ৰসাদ ৰাভা
জন্ম ৩১ জানুৱাৰী, ১৯০৯
ঢাকা, বেঙ্গল প্ৰেসিডেন্সি
মৃত্যু ২০ জুন, ১৯৬৯ (৬০ বছৰ)[1]
তেজপুৰ, অসম
মৃত্যুৰ কাৰণ কৰ্কট ৰোগ
স্মৃতিচিহ্ন বিষ্ণু ৰাভা স্মৃতি উদ্যান, তেজপুৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা আই.এচ.চি.
পেচা কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন সাম্যবাদী আন্দোলন
দাম্পত্যসঙ্গী প্ৰিয়বালা দত্ত
কনকলতা মেধি
মোহিনীবালা বসুমতাৰী
অংশীদাৰ নিৰুপমা দেৱী
পিতৃ-মাতৃ গোপাল চন্দ্ৰ ৰাভা, গেথীবালা ৰাভা
সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্)
হেমৰাজ ৰাভা (মুন্ মুন্)
মেণ্ডেলা ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভা (ইংৰাজী: Bishnuprasad Rabha; ৩১ জানুৱাৰী, ১৯০৯ – ২০ জুন, ১৯৬৯) অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।[2] কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল।[3][4]

জন্ম[সম্পাদনা কৰক]

১৯০৯ চনৰ ৩০ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)-ৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়।[5] তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে।[1] ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপালচন্দ্ৰ ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. (A.D.C. to the Governor of Bengal) পদলৈ পদোন্নতি দিয়া হৈছিল।[2] দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰবাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল।[1]

[6]

শৈশৱ আৰু শিক্ষা[সম্পাদনা কৰক]

বিষ্ণু ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।[1] এই পৰীক্ষাত তেওঁ সেই সময়ৰ অবিভক্ত দৰং জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সব্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰে।[7]

১৯২৮ চনত তেওঁ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে।[7] তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে।[7] ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিকত কলেজৰ ছাত্ৰবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰীয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায়।[8][7][9] পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কোচ বিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে।[10] ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।[10]

সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন[সম্পাদনা কৰক]

বিষ্ণু ৰাভা স্মৃতি উদ্যানৰ এটা ভাষ্কৰ্য

ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল।

১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাজয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে।[10] জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।[10]

১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে।[10]

১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'ছিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।[10]

বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। [11]

সংগীত আৰু নৃত্য

ৰাভাই বহুতো কালজয়ী গীত (‘পৰজনমৰ শুভলগনত’, ‘লগন উকলি গ'ল’, ‘টিলাই টিলাই’ ইত্যাদি) ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ বিষ্ণু ৰাভা সংগীত হিচাবে পৰিচিত।[5]

নাটক

তেজপুৰৰ বাণ ৰঙ্গমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।[5] প্ৰথম অসমীয়া কথাছবি 'জয়মতী' নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ[5] ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ[12]

চিত্ৰকলা

বিষ্ণু ৰাভা এগৰাকী নিপুন চিত্ৰকৰ আছিল। তেওঁ বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। সেইসময়ৰ ‘বাঁহী’, ‘আমাৰ প্ৰতিনিধি’ আদি আলোচনীৰ বেটুপাতো তেওঁ অংকন কৰিছিল।[13]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।[10]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়বালা বৰুৱাৰ লগত বিবাহ পাশত আবদ্ধ হয়।[উদ্ধৃতিৰ প্ৰয়োজন] বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়। তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে। অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল। ১৯৫১ চনত বিষ্ণু ৰাভাই নলবাৰীবেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়। কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয় ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও অঞ্চলৰ বিন্নাখাতা ভাওৰাগুৰী গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই। মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয়। এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে। পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা। স্বামী ৰাভাদেৱৰ মৃত্যুৰ পাছতো মেহিনী বালা বসুমতাৰীয়ে নিজকে সমাজৰ লগত অনেক অনন্য কাৰ্য্যসূচী লগত জড়িত কৰি জীৱন যাপন কৰি ৰাভা পৰিয়ালৰ দায়িত্বভাৰ লৈছিল। [14]

মৃত্যু[সম্পাদনা কৰক]

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।[12]

সাহিত্য পঞ্জী[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁ ’বৃহত্তৰ অসমৰ পৰিকল্পনা’ নামৰ এলানি প্ৰবন্ধ ১৯৩০ চনৰ পৰা একেলেঠাৰিয়ে ’বাঁহী’ত প্ৰকাশ পাইছিল।[7] তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ'ল:

প্ৰবন্ধ
  • অসমীয়া কৃষ্টিৰ চমু আভাস
  • অতীত অসম
  • মুক্তি দেউল
  • ন পৃথিৱীৰ নতুন যুগ
  • বড়ো জাতিৰ ইতিহাস
  • ৰাভা জাতিৰ ইতিবৃত্ত
  • বোঁৱতী সুতি
  • অসমীয়া কৃষ্টি
  • জনজাতীয় সংস্কৃতিত শিৱ
  • আলিয়াই-লিগাং
  • দিমাছা কছাৰীৰ বুৰঞ্জী
  • বানে কেবাং

উপন্যাস
  • সোণপাহি
  • মিচিং কনেং[10]
  • জীৱন লালসা
নাটক
  • গেঙনি ৰেঙনি (নাটক)
গল্পসমূহ[4]
  • মামীৰ হাৰ
  • কুৰি বছৰ জেইল
  • জাল কেছ
  • হিয়াৰ পুং
  • জাল কেছ
  • হিয়াৰ পুং
  • ফুংকা (বড়ো ভাষাত ৰচিত)[15]

সন্মান[সম্পাদনা কৰক]

বিষ্ণু ৰাভাৰ নামত উন্মোচন কৰা ডাকটিকট

বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১.০১.২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে।[16] তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি" আৰু "বিষ্ণু ৰাভা পুনৰ আহিব উভতি" শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল। [17]

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা স্থাপন কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানীত কৰা হয়।[18][19]

স্মৃতি উদ্যান[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল, বিষ্ণু ৰাভা স্মৃতি উদ্যান, তেজপুৰ

বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি উদ্যান তেজপুৰব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ভৈৰৱী মন্দিৰৰ কাষতে অৱস্থিত। বিষ্ণু ৰাভাৰ সোঁৱাৰণত স্থাপিত এই উদ্যানৰ কাম-কাজ আৰম্ভ কৰে বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই। পাছলৈ অসম চৰকাৰে এই উদ্যানৰ দায়িত্ব লয়। উদ্যানৰ দেৱালত ৰাভাৰ বিভিন্ন কৰ্মৰাজী খোদিত কৰা আছে। এই উদ্যানৰ ভিতৰতে ৰাভাৰ সমাধি অৱস্থিত।[20]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 NN Acharya, Glories of Assam, Bina Library, Gauhati
  2. 2.0 2.1 Babul Tamuli (February 2008). "Bishnu Rabha – A Revolutionary Artiste". bipuljyoti.in. http://www.bipuljyoti.in/authors/bishnurabha/bishnurabha02.html। আহৰণ কৰা হৈছে: February 01, 2013. 
  3. Bishnu Prasad Rabha:A Neglected Genius,By Sanjib Kr Borkakoti আহৰণ ১৫.০৯.২০১১
  4. 4.0 4.1 গ্ৰন্থ: বিষ্ণুক জানো আহা লিখক: নুৰুল শইকীয়া, প্ৰবক্তা, অসমীয়া বিভাগ, কটন মহাবিদ্যালয়
  5. 5.0 5.1 5.2 5.3 "About Kalaguru Bishnuprasad Rabha". www.assaminfo.com. http://www.assaminfo.com/famous-people/45/kalaguru-bishnu-prasad-rabha.htm। আহৰণ কৰা হৈছে: February 01, 2013. 
  6. গৰীয়সী, অষ্টািবংশ বছৰ, অষ্টম সংখ্যা, জুন, ২০২১ পৃষ্ঠা-২৪
  7. 7.0 7.1 7.2 7.3 7.4 ‘বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা’ (১৯৮২)- দেবেন্দ্ৰ নাথ বৰা, প্ৰকাশক বাণীমন্দিৰ, ডিব্ৰুগড়
  8. Bishnu Rabha:A Friend of the Toiling Masses,By Sumanta Rajbanshi আহৰণ ১৫.০৯.২০১১
  9. অনলাইন শিৱসাগৰ ডট কম
  10. 10.0 10.1 10.2 10.3 10.4 10.5 10.6 10.7 শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, ছ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা:লি:, ১৯৯২, পৃষ্ঠা-৪০
  11. গৰীয়সী, অষ্টািবংশ বছৰ, অষ্টম সংখ্যা, জুন, ২০২১ পৃষ্ঠা-২৪
  12. 12.0 12.1 http://onlinesivasagar.com/music/bishnu-rabha.html আ্ৰণ কৰা তাৰিখ: ২০-০৬-২০১২
  13. ‘বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা’ (১৯৮২)- দেবেন্দ্ৰ নাথ বৰা, প্ৰকাশক বাণীমন্দিৰ, ডিব্ৰুগড়
  14. সাতসৰী, ষোড়শ বছৰ, একাদশ সংখ্যা, জুন, ২০২১ পৃষ্ঠা-৩৩
  15. সৈনিক শিল্পী বিষ্ণুৰাভা: পৰমানন্দ মজুমদাৰ, পৃষ্ঠা: ১৮২
  16. "Indian Stamp – Bishnu Prasad Rabha – By India Post | India Stamps". Indian Stamp Ghar. 2009-01-31. http://www.indianstampghar.com/2009/01/indian-stamp-bishnu-prasad-rabha-by-india-post/। আহৰণ কৰা হৈছে: 2013-01-31. 
  17. সাতসৰী, ষোড়শ বছৰ, একাদশ সংখ্যা, জুন, ২০২১ পৃষ্ঠা-৪৩
  18. "Rich tributes paid to Bishnu Rabha". Assam Tribune Website. The Assam Tribune (newspaper). 2007. http://www.assamtribune.com/scripts/details.asp?id=jun2107/at03। আহৰণ কৰা হৈছে: 2007-06-22. 
  19. "Bishnu Rabha Award Recipients". Amtron Website. Badruddin Ajmal. 2007. http://amtron.in/assamgov/grawards/vrawards.html। আহৰণ কৰা হৈছে: 2007-06-22. 
  20. http://www.tezpuronline.in/place_to_view.html আহৰণ কৰা তাৰিখ: ২০-০৬-২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]