বীৰেন্দ্ৰনাথ দত্ত
বীৰেন্দ্ৰনাথ দত্ত | |
---|---|
জন্ম | ৪ নৱেম্বৰ , ১৯৩৫ নগাঁও |
পেচা | লেখক, শিক্ষক, গৱেষক আৰু সংগীত শিল্পী |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসংগী | ইভা বৰুৱা |
বীৰেন্দ্ৰনাথ দত্ত (ইংৰাজী: Birendranath Datta; জন্ম: ১৯৩৫) অসমৰ এজন শিক্ষাবিদ, লিখক, লোক কলাৰ গৱেষক আৰু সংগীত শিল্পী।[1] তেখেতে অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপকৰূপে কাম কৰিছে।[2][3] ২০০৯ চনত, তেখেতক "সাহিত্য আৰু শিক্ষা"ৰ ক্ষেত্ৰত ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল[4] আৰু ২০১০ চনত তেওঁক জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। বীৰেন্দ্ৰনাথ দত্তই অসম সাহিত্য সভাৰ ২০০৩ চনৰ উত্তৰ লখিমপুৰ আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতিত্ব কৰিছিল।[5]
জন্ম[সম্পাদনা কৰক]
১৯৩৫ চনৰ চাৰি নৱেম্বৰ তাৰিখে নগাঁৱত তেখেতৰ জন্ম হয়। তেখেতৰ দেউতাকৰ নাম আছিল কল্পনাথ দত্ত আৰু মাকৰ নাম আছিল মন্দাকিনী দত্ত। তেখেত এজন বিদ্যালয়ৰ শিক্ষক আছিল। কল্পনাথ দত্ত চাকৰিসূত্ৰে নগাঁৱত বাস কৰিছিল। তেখেতসকলৰ প্ৰকৃত ঘৰ আছিল বাইহাটা চাৰিআলিৰ ওচৰৰ পানাৰা গাঁৱত।[6]
শিক্ষা[সম্পাদনা কৰক]
তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল গুৱাহাটীৰ চেনিকুঠি প্ৰাথমিক বিদ্যালয়ত। তেখেতে গোৱালপাৰাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেখেতে প্ৰথম ১০জনৰ মাজত স্থান লাভ কৰা সকলৰ মাজত স্থান লাভ কৰিছিল। পাছত পুনৰ আই.এচ.চি পৰীক্ষাতো প্ৰথম দহোটা স্থানৰ মাজত নিজৰ স্থান ৰাখিবলৈ সক্ষম হৈছিল। শান্তিনিকেতনৰ বিশ্বভাৰতীৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[2] তেখেতে 'গোৱালপাৰা জিলাৰ লোক সংস্কৃতি' (A study of the folk culture of Goalpara District) বিষয়ত গৱেষণা কৰি পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।[7]
কৰ্মজীৱন[সম্পাদনা কৰক]
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছৰে পৰা তেখেতৰ কৰ্মজীৱন আৰম্ভ হৈছিল। বি বৰুৱা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়ত তেখেতে অধ্যাপনা কৰিছিল। তিনিখন কলেজৰ অধ্যক্ষ হৈছিল। ১৯৭৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগত যোগদান কৰে। তেখেতৰ দিনতে এই বিভাগত এম.ফিল পাঠ্যক্ৰমৰ সূচনা হয়। ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ১৯৯৫ চনত তেজপুৰ বিশ্ববিদ্যালয়ত ফোৰ্ড ফাউণ্ডেচনৰ অৰ্থ সাহায্যত নৰ্থ-ইষ্টাৰ্ন আৰ্কাইভেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল আৰ্ট এণ্ড ফৌকল'ৰ (NEACTAF) প্ৰতিষ্ঠা কৰে।
সাহিত্যিক কৰ্মাৱলী[সম্পাদনা কৰক]
তেখেতৰ প্ৰথমখন প্ৰবন্ধৰ কিতাপখন আছিল সংগীতৰ বিষয়ে। তেখেতৰ অসমীয়া সংগীতৰ ঐতিহ্য নামৰ কিতাপখন অসম সাহিত্য সভাই ১৯৭৭ চনত প্ৰকাশ কৰে। তেখেতে সংস্কৃতি আৰু পৰিৱেশ্য কলাৰ সম্পৰ্কে কেবাখনো গ্ৰন্থ অনুবাদ কৰিছে। তদুপৰি তেখেতে বঙালী ভাষাৰ শিশুৰ ছড়া বা দ্ৰুত ছন্দৰ কবিতাৰ দৰে কবিতা অসমীয়া শিশুৰ বাবে ৰচনা কৰিছে[8]। তেখেতৰ আন এখন উল্লেখযোগ্য কিতাপ হৈছে Folkloric Foragings। অসম প্ৰকাশন পৰিষদে ২০১২ চনৰ মে' মাহত বীৰেন্দ্ৰনাথ দত্ত ৰচিত নিৰ্বাচিত ৰচনা নামৰ কিতাপখন প্ৰকাশ কৰি উলিয়াইছে।
'Cultural Contours of Northeast India' নামৰ এখন গ্ৰন্থ অক্সফৰ্ড ইউনিভাৰছিটি প্ৰেছে প্ৰকাশ কৰিছিল[3]। তেখেতে লিখা 'শংকৰ মাধৱৰ মণীষা আৰু অসমৰ সাংস্কৃতিক উত্তৰাধিকাৰ' গ্ৰন্থৰ বাবে ১২ তম জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা লাভ কৰিছিল[9]। তেখেত অসমত সংগীত শিল্পী হিচাপেও জনপ্ৰিয়। তেখেতে বৰ্তমানো সংগীত চৰ্চা অব্যাহত ৰাখিছে।
সন্মান আৰু পুৰস্কাৰ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Eminent Personalities of Assam". creative.sulekha.com. http://creative.sulekha.com/eminent-personalities-of-assam_467977_blog। আহৰণ কৰা হৈছে: February 18, 2013.
- ↑ 2.0 2.1 "Music Not Solely For Entertainment". http://www.bipuljyoti.in/music/birendranath_interview.html। আহৰণ কৰা হৈছে: 11 March 2013.
- ↑ 3.0 3.1 "Cultural Contours of North-East India". Oxford University Press. http://www.us.oup.com/us/catalog/general/subject/Anthropology/Folklore/?view=usa&ci=9780198075578। আহৰণ কৰা হৈছে: 11 March 2013.
- ↑ 4.0 4.1 "Padma awards 2009". http://www.culturopedia.in/Awards/padma-awards2.html। আহৰণ কৰা হৈছে: 13 March 2013.
- ↑ "অসম সাহিত্য সভাৰ সভাপতি সকলৰ তালিকা". http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56। আহৰণ কৰা হৈছে: December 07, 2012.
- ↑ ড॰ কিশোৰ ভট্টাচাৰ্য্য. কথা বৰেণ্য ১০০. পৃষ্ঠা. ২০৬.
- ↑ প্ৰকাশ ছেপ্টেম্বৰ ২০১২. প্ৰকাশক অসম: অসম প্ৰকাশন পৰিষদ. ২০১২. পৃষ্ঠা. ১১৩.
- ↑ কথা বৰেণ্য ১০০.
- ↑ 9.0 9.1 "Dr Birendra Nath Datta conferred literary award". Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=feb2110/city05। আহৰণ কৰা হৈছে: 11 March 2013.
- ↑ "Padma Awards Directory (1954–2009)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/LST-PDAWD.pdf.
|