সমললৈ যাওক

হেম ভৰালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেম ভৰালী

২০০৬ চনত এখন সংবাদমেলত হেম ভৰালী
জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯১৯
অসম, ভাৰত
মৃত্যু ২৯ এপ্ৰিল, ২০২০ (১০১ বছৰ)
অসম, ভাৰত
পেচা মুক্তি যুঁজাৰু
সমাজ সৱিকা
সৰ্বোদয়া নেত্ৰী
গান্ধিবাদী কৰ্মী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা
ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা

হেম ভৰালী (১৯১৯-২০২০) এগৰাকী ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সেৱিকা, সৰ্বোদয়া নেত্ৰী আৰু গান্ধিবাদী কৰ্মী। তেওঁক বিশেষকৈ নাৰী সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে পিছপৰা সকলৰ বাবে কৰি অহা প্ৰচেষ্টাৰ বাবে জনা যায়।[1][2] ১৯৫০ চনৰ ভূমিকম্প আৰু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পৰৱৰ্ত্তীসময়ত পুনৰ্গঠন আৰু সাহায্য অভিযানত তেওঁ অগ্ৰণী ভূমিকা লৈছিল।[3] ২০০৫ চনত ভাৰত চৰকাৰে তেওঁক সমাজ সেৱাৰ স্বীকৃতিস্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[4] ২০০৬ চনত নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰমনি নামৰ সংগঠনে তেওঁক জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা (National Communal Harmony Award) প্ৰদান কৰে।

চমু জীৱনী

[সম্পাদনা কৰক]

১৯১৯ চনৰ ১৯ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাৰ ঢকুৱাখনাত হেম ভৰালীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত ধনীৰাম ভৰালী আৰু মাতৃৰ নাম আছিল অম্বিকা ভৰালী।[2][5] তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ১৯৫০ চনৰ ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত বিশেষকৈ উত্তৰ লখিমপুৰত সাহায্য অভিযানতো তেওঁ অগ্ৰণী ভূমিকা লয়।[3][6] ১৯৫১ চনত বিনোৱা ভাৱেৰ নেতৃত্বত আৰম্ভ হোৱা ভূদান আন্দোলনত তেওঁ যোগদান কৰে।[7] এইসময়ত তেজপুৰত মৈত্ৰেয়ী আশ্ৰমত থাকি তেওঁ কাম কাজ চলাই যায়।[8][2][9] ১৯৬৭ চনৰ ২৫ অক্টোবৰত উদ্বোধন সম্পন্ন হোৱা অখিল ভাৰত মহিলা লোকযাত্ৰাৰ অসমৰ যাত্ৰী দলৰ নেত্ৰী হিচাপে ভৰালীয়ে বাৰ বছৰ ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ পদব্ৰজে ভ্ৰমণ কৰাৰ উপৰিও নেপাল আৰু সিংহললৈকে খোজ কাঢ়ি যাত্ৰা কৰিছিল।[5] ভৰালীয়ে স্বইচ্ছাৰে আজীৱন অবিবাহিতা হৈ ৰয় আৰু তেওঁ গুৱাহাটীত বাস কৰিছিল।[10][11][12] ২০২০ চনৰ ২৯ এপ্ৰিল তাৰিখে গুৱাহাটীৰ পূৱ-শৰণীয়াস্থিত নিজ বাসগৃহ হেম ভৰালীৰ দেহাৱসান ঘটে।[13][14] মৃত্যুৰ পূৰ্বে তেওঁ‌ নিজৰ শৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত দান দি থৈ গৈছিল।[5]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • কনকলতা বৰুৱা বঁটা, অসম চৰকাৰ (২০০৪)[5]
  • পদ্মশ্ৰী, ভাৰত চৰকাৰ (২০০৫)[4]
  • জাতীয় সাম্প্ৰদায়িক সমন্বয় বঁটা, নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰমনি (২০০৬)[15]
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় সম্প্ৰীতি বঁটা (২০০৬)[5]
  • ফকৰুদ্দিন আলি আহমেদ সোঁৱৰণী বঁটা, অসম চৰকাৰ (২০০৯)[16]
  • ৰাষ্ট্ৰীয় কৃতী বঁটা, কেশৱ চন্দ্ৰ দাস বাণিজ্য মহাবিদ্যালয় (২০১৪)[5]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "PM's Speech on Presentation of Fakhruddin Ali Ahmed Memorial Award 2008 & 2009". Government of India. 18 February 2011. http://pib.nic.in/newsite/PrintRelease.aspx?relid=69905 আহৰণ কৰা হৈছে: 30 November 2015.
  2. 1 2 3 "Hema Bharali - Zoom Info profile". Zoom Info. 2015. http://www.zoominfo.com/p/Hema-Bharali/1069517234 আহৰণ কৰা হৈছে: 29 November 2015.
  3. 1 2 "Hema Bharali to be felicitated at AICC session". Assam Tribune. 18 December 2010. Archived from the original on 8 December 2015. https://web.archive.org/web/20151208153041/http://www.assamtribune.com/scripts/mdetails.asp?id=dec1810%2Fcity07 আহৰণ কৰা হৈছে: 29 November 2015.
  4. 1 2 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 November 2014. https://www.webcitation.org/6U68ulwpb?url=http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 21 July 2015.
  5. 1 2 3 4 5 6 চৌধুৰী, গৌতম (3 May 2020). "পদ্মশ্ৰী হেম ভৰালীঃ এক শ্ৰদ্ধাঞ্জলি". মণিকূট (অসমীয়া ই-আলোচনী). Archived from the original on 4 May 2020. https://web.archive.org/web/20200504152518/http://monikut.com/2020/05/assamese-e-magazine-hem-bharati-tribute/ আহৰণ কৰা হৈছে: 3 May 2020.
  6. "Kalam to present Communal Harmony awards". One India. 30 April 2006. http://www.oneindia.com/2006/04/30/kalam-present-kabir-puraskar-communal-harmony.html আহৰণ কৰা হৈছে: 30 November 2015.
  7. "Hema Bharali - Assam News". Assam News. 6 June 2011. http://rajivkonwar100.blogspot.ae/2011/06/hema-bharali.html আহৰণ কৰা হৈছে: 29 November 2015.
  8. "Threads Woven Ideals, Principles and Administration". Allied Publishers. 2010. https://books.google.ae/books?id=9WuETtCFspEC&pg=PA162&lpg=PA162&dq=Hema+Bharali&source=bl&ots=dcwIhwDt53&sig=O_MHkia3l9wnixj98EI69C7JD6k&hl=en&sa=X&ved=0ahUKEwiV5vOph7PJAhVFNxQKHbg3D3sQ6AEIRTAK#v=onepage&q=Hema%20Bharali&f=false আহৰণ কৰা হৈছে: 29 November 2015.
  9. "Our History". Ask Guwahati. 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304041735/http://www.asksguwahati.org/history.html আহৰণ কৰা হৈছে: 30 November 2015.
  10. "Other nonagenarian Gandhians". Ashta Bharati. October 2010. Archived from the original on 27 January 2015. https://web.archive.org/web/20150127224402/http://www.asthabharati.org/Dia_Oct%20010/nat.htm আহৰণ কৰা হৈছে: 30 November 2015.
  11. "Financial aid to ailing Gandhian Hema Bharali". Tarun Gogoi. 19 December 2013. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304125508/http://www.tarungogoi.in/pressrelease.php?displaytype=Press&displayid=PR-101215 আহৰণ কৰা হৈছে: 30 November 2015.
  12. "MS. HEMA BHARALI". Government of India. 2015. http://nfch.nic.in/sites/default/files/WORD_FILE/Award(IND).pdf আহৰণ কৰা হৈছে: 30 November 2015.
  13. "বৰ্ষীয়ান গান্ধীবাদী, মুক্তিযোদ্ধা, পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান". ৩০ এপ্ৰিল ২০২০. https://assam.news18.com/news/assam/freedom-fighter-hem-bharali-passed-away-56415.html আহৰণ কৰা হৈছে: ৩০ এপ্ৰিল ২০২০.
  14. Freedom Fighter Hema Bharali Passes Away in Guwahati
  15. "Award for Hema Bharali". The Hindu. 1 May 2006. http://www.thehindu.com/todays-paper/tp-national/award-for-hema-bharali/article3126856.ece আহৰণ কৰা হৈছে: 29 November 2015.
  16. "PM Confers Fakruddin Ali Ahmed Award to MJ Akbar, Hema Bharali". Radiance Weekly. 2015. Archived from the original on 2015-12-08. https://web.archive.org/web/20151208141518/http://www.radianceweekly.com/246/6819/budget-2011-12tight-rope-balancing/2011-03-13/northeast-newsletter/story-detail/pm-confers-fakruddin-ali-ahmed-award-to-mj-akbar-hema-bharali.html আহৰণ কৰা হৈছে: 29 November 2015.