অৰুণ শৰ্মা |
---|
 |
জন্ম |
১৯৩১ চন সেন্দূৰী আলি, ডিব্ৰুগড়, অসম, ভাৰত |
---|
মৃত্যু |
২৭ মাৰ্চ ২০১৭ (৮৫ বছৰ) নতুন দিল্লী |
---|
পেচা |
সহিত্যিক, নাট্যকাৰ |
---|
ভাষা |
অসমীয়া |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
নাগৰিকত্ব |
ভাৰতীয় |
---|
উল্লেখনীয় কৰ্মৰাজি |
আশীৰ্বাদৰ ৰং |
---|
উল্লেখযোগ্য বঁটা |
সাহিত্য অকাডেমি বঁটা (১৯৯৭)[1] |
---|
দাম্পত্যসংগী |
আৰতি শৰ্মা |
---|
সন্তান |
নন্দিনী, অচিন্ত |
অৰুণ শৰ্মা (ইংৰাজী: Arun Sharma, ১৯৩১-২০১৭) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। 'শ্ৰী নিবাৰণ ভট্টাচাৰ্য' নাটকৰ বাবে খ্যাত। অৰুণ শৰ্মাদেৱ আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে।
১৯৩১ চনত ডিব্ৰুগড় জিলাৰ সেন্দূৰী আলিত অৰুণ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল তিলক চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল নৰ্মদা কুমাৰী দেৱী। তেওঁৰ পিতৃ সেই সময়ৰ দা টাইমছ অফ ইণ্ডিয়াৰ সম্পাদক আছিল। ১৯৩৫ চনত তেওঁৰ পৰিয়াল হেলেমৰ ওচৰৰ হেলেমগুৰিৰ এখন গাঁৱলৈ গুছি যায়। তিলক চন্দ্ৰ শৰ্মাই গান্ধীৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ তেতিয়াৰ পৰা খেতি আৰু সমাজ সেৱাৰ লগত নিজকে জড়িত কৰি ৰাখে। অৰুণ শৰ্মাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু তাৰপৰাই ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজৰ পৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত শিক্ষা বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ৰ পৰাই তেওঁ নাটক আৰু কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।
১৯৫৪ চনত দ্যা আছাম ট্ৰিবিউন কাকতৰ আৰ্হি কাকত চাওঁতা হিচাপে অৰুণ শৰ্মাই নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছলৈ এই কাকতৰ সহকাৰী সম্পাদক হৈছিল। ১৯৫৫ চনত তেওঁ জন্ম হোৱা গাঁও হালেমলৈ উভতি যায় আৰু তাত এম চি ডি হাইস্কুলত সহকাৰী অধ্যক্ষ পদত যোগদান কৰে। ১৯৬০ চনত তেওঁ পুনৰ গুৱাহাটীলৈ উভতি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত হৈ থাকে। প্ৰথমতে ইয়াত প্ৰযোজক হিচাবে কাম কৰিছিল আৰু পিছত জ্যেষ্ঠ প্ৰযোজক হৈছিল। তেওঁ শিক্ষাবিষয়ক প্ৰচাৰ বিভাগৰ মুৰব্বী আছিল আৰু এই বিভাগটোৱে শ্ৰেণীকোঠাৰ বাহিৰত অতিৰিক্ত জ্ঞান যোগাৱাৰ এক মাধ্যম আছিল। ১৯৬৯ চনত তেওঁ লণ্ডনৰ বি বি চিত ৰেডিঅ’ প্ৰ’গাম প্ৰডাকচনৰ ওপৰত ছমহীয়া প্ৰশিক্ষণ লৈছিল। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত নাটক বিভাগৰ সহায়ক আছিল। এই সময়তে তেওঁ ৪৭খন নাটক আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ নেচনেল প্ৰ’গামৰ বাবে আৰু যথেষ্ট সংখ্যক অনাতাঁৰ তথ্যচিত্ৰ (Radio Documentary) ৰচনা আৰু নিৰ্দেশনা কৰে। তেওঁ এই তথ্যচিত্ৰসমূহৰ বাবে তিনিটাকৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ সঞ্চালক হিচাবে কাৰ্য্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ ১৯৯০ চনত শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ’, নৰ্থ ইষ্ট চাৰ্ভিচৰ সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
অৱসৰ গ্ৰহণ কৰা পাছত অৰুণ শৰ্মা সাপ্তাহিক অসমীয়া বাতৰি কাকত পূৰ্বাচলৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯০-১৯৯২) হিচাপে আৰু ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈকে অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাবে কাৰ্যনিৰ্বাহ কৰে। সেই সময়তে অসমত বিভিন্ন বিবাদ হৈছিল আৰু তেওঁক স্থানীয় চাহ উদ্যোগ আৰু অসমীয়া লোকসকল মাজত মিলা-প্ৰীতি আনিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। ২০০৫ চনত তেওঁ অসম বুৰঞ্জীক কেন্দ্ৰ কৰি son-et-lumiere (sound-and-light show) ৰচনা কৰি প্ৰদৰ্শন কৰে আৰু ইয়াক দৈনিক গুৱাহাটীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ২০০২ চনত অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল।
১৯৫৯ চনত উজানবজাৰৰ মুক্তিযুঁজাৰু চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সন্তান দুটা: নন্দিনী আৰু অচিন্ত।
নাট্য আৰু সাহিত্যিক জীৱন[সম্পাদনা কৰক]
- শ্ৰী নিবাৰণ ভট্টাচাৰ্য শীৰ্ষক নাটকখন সাহিত্য সভাৰ দ্বাৰা শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত (১৯৬৭)
- সাহিত্যৰ বাবে
- অনাতাঁৰ প্ৰচাৰৰ বাবে
- জাপানত অনুষ্ঠিত আলেখ্য প্ৰতিযোগিতাত এছিয়া পেছিফিক এৱাৰ্ড (১৯৮০)
Japan Prize (1980) International for the radio documentary “All Buds to bloom”.
- ABU (Asia-Pacific Broadcasting Union) Award (1982) for the radio documentary “Caution : Danger Ahead”.
- প্ৰাঁ ফিউচাৰ বাৰ্লিন বঁটা (১৯৮২)
Prix Futura Berlin Commendation certificate (1983) for the radio documentary “All Lips to Smile”.
- Akashvani Award (Second best radio play in India) for the play titled “Kukurnechia Manuh”.
নাট্য সম্ভাৰ
- শ্ৰী নিবাৰণ ভট্টাচাৰ্য (১৯৬১)
- জিণ্টি (১৯৬২)
- পৰশুৰাম (১৯৬২)
- উৰুখা পঁজা (১৯৬৪)
- আহাৰ (১৯৬৪)
- পুৰুষ (১৯৬৪)
- কুকুৰনেচীয়া মানুহ (১৯৬৫)
- চিঞৰ (১৯৭২)
- বুৰঞ্জী পাঠ (১৯৭৪)
- পদ্মা-কুন্তী (১৯৭৬)
- পোষ্টাৰ (১৯৮২)
- বাঘজাল (১৯৮৪)
- নেপোলিয়ন আৰু ডেৰিজী ৯১৯৮৫)
- অন্য এক অধ্যায় (১৯৯৪)
- অগ্নিগড় (১৯৯৬)
- অদিতিৰ আত্মকথা (২০০০)
- চক্ৰব্যূহ (২০০৩)
- চিত্ৰলেখা (গৰীয়সীত প্ৰকাশিত) (২০০৮)
উপন্যাস
- আশীৰ্বাদৰ ৰং
- উভলা শিপা
- পৰশুৰাম
- যযাতি আৰু ৰঞ্জনা
- সংকল্প
অনুবাদ সাহিত্য
- মালায়লম একাংকিকা নাট
- পঞ্জাবী একাংকিকা নাট
- বঙালী উপন্যাস "ইচ্ছামতী'ৰ অসমীয়া অনুবাদ
অন্যান্য
- গৰীয়সী আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰবন্ধ তথা কবিতা প্ৰকাশ
২০১৭ চনৰ ২৭ মাৰ্চ তাৰিখে নতুন দিল্লীৰ সমীপৰ মেডান্ত দ্য মেডিছিটীত পুৱা ৮৫ বছৰ বয়সত অৰুণ শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে।
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২) |
---|
|
|
---|
| ১৯৯০-২০০০ | | |
---|
| ২০০১-২০১০ | |
---|
| ২০১১-বৰ্তমানলৈ | |
---|
|