কথা ৰত্নাকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কথা ৰত্নাকৰ  
কথা ৰত্নাকৰ.jpg
কথা ৰত্নাকৰৰ সপ্তম প্ৰকাশৰ বেটুপাত
লেখক ধ্ৰুৱজ্যোতি বৰা
প্ৰচ্ছদ শিল্পী বিষ্ণু তামুলী
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সামাজিক উপন্যাস,কল্পকাহিনী
প্ৰকাশক অন্বেষা
প্ৰকাশ ২০০৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ (কেঁচাবন্ধা)
পৃষ্ঠা সংখ্যা ৩৯২
আই.এচ.বি.এন. 81-89003-23-2

কথা ৰত্নাকৰ হ'ল ড° ধ্ৰুৱজ্যোতি বৰাৰ দ্বাৰা ৰচিত এক উপন্যাস। স্বাধীনতাৰ উত্তৰ কালত, অসমৰ পিছপৰা সমাজ এখন আৰু অনুন্নত সম্প্ৰদায় এটাৰ জীৱনলৈ সমাজবাদী ৰাজনৈতিক আন্দোলন আৰু মহাপুৰুষীয়া ধৰ্মৰ প্ৰভাৱে কঢ়িয়াই অনা পৰিৱৰ্তন বৰ্ণিত হৈছে এই উপন্যাসখনত।[1] দৈনিক জনসাধাৰণ কাকতত খণ্ড খণ্ডকৈ প্ৰকাশিত এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ২০০৭ চনত। কথা ৰত্নাকৰে ২০০৯ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2][3]

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ড° ধ্ৰুৱজ্যোতি বৰা এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ আৰু পেছাগতভাৱে চিকিৎসক। তিনি দশকযোৰা সাহিত্যিক জীৱনত তেখেতৰ বহু উচ্চ-সমালোচিত লিখনি প্ৰকাশ পাইছে। তেখেতে বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বৰাই "কালান্তৰৰ গদ্য" উপন্যাসৰ বাবে অসম সাহিত্য সভাঅম্বিকাগিৰী ৰায়চৌধুৰী বঁটা (২০০১) আৰু কথা ৰত্নাকৰ উপন্যাসৰ বাবে ২০০৯ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2][3]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

কথা ৰত্নাকৰ বিস্তৃত পটভূমিত ৰচিত এক উপন্যাস। অতিকথা ৰূপকথাৰে উপচি থকা অসমৰ গ্ৰাম্য জীৱনৰ সুখ দুখ,হিংসা অসূয়া প্ৰেম ভালপোৱাত নিহিত হৈ থকা মানৱীয় প্ৰবৃত্তি আৰু অসমৰ বৰ্ণিল নৈসৰ্গ উজ্জীৱিত হৈ উঠিছে কাহিনীকাৰৰ লিখনিত। কিতাপখনৰ কাহিনীটো তিনিটা খণ্ডত ৰচিত।

প্ৰথম খণ্ড[সম্পাদনা কৰক]

ইয়াৰে প্ৰথম খণ্ডটিত মইনাৰ লৰালিকাল আৰু পৰিস্থিতিৰ দাস হৈ সি অপৰাধ জগতত খোজ দিয়াৰ কাহিনী বৰ্ণিত। মইনাৰ ঘৰ জহাখাতত। জাতত কৈৱৰ্ত্ত। খুব সৰুতে এবাৰ সি সহপাঠী নৰেশ্বৰৰ ঘৰত সকাম খাবলৈ যাওঁতে ডোমৰ লৰা বুলি অপমানিত হয় আৰু তেতিয়াৰে পৰা এক প্ৰতিশোধৰ মনোভাৱে তাৰ মনত গা কৰি উঠে। সেইদিনাই সি মনৰ দুখত এৰাবাৰীৰ বিশাল বটগছ জোপাত উঠি থাকোতে গছডালৰ খোৰোঙত ৰজাদিনীয়া মানুহ লগোৱা বিশাল বৰশী এডাল বিচাৰি পায়। বুদু আৰু লেধাই ভঙুৱাই তাক খালৰ পানীৰে গা ধুওৱাত তাৰ ডাবল নিমুনিয়া হয়। মাকৰ মোমায়েক-ককাকে তাকে মাককে গোলাঘাটলৈ নি তাৰ বেমাৰৰ চিকিৎসা কৰে। সেই সময়ছোৱাতে সি ককাকৰ বহুত কাষ ছাপি যায়। কিন্তু সি ঘৰলৈ অহাৰ কিছুদিন পিছতে তাৰ উচ্চ শিক্ষাৰ একমাত্ৰ সমৰ্থনকাৰী ককাকৰ মৃত্যু হোৱাত তাৰ শিক্ষাগ্ৰহণ সাং হয়। এন্ধাৰময়,বিস্বাদ,আকালে দেখা দিয়া দিনবোৰতে বুদু ভঙুৱাই তাক বিড়ি খাবলৈ,চুৰি কৰিবলৈ শিকাই,প্ৰেম ডকাইতৰ লগত চিনাকি কৰি দিয়ে। প্ৰেমৰ লগলাগি মইনাই "বচাৰ বাঁহ-গেলেকৰ হাঁহ,ঢেকীয়ালৰ গুৰ-জহাখাটৰ চোৰ" ফকৰাটিক সঁচা ৰূপ দি এক ডাঙৰ ডকাইত হৈ পৰে।

দ্বিতীয় খণ্ড[সম্পাদনা কৰক]

দ্বিতীয় খণ্ডটিত মইনাই পাপৰ অন্ধকূপৰ পৰা মুক্তি লভাৰ চেষ্টা চলাইও অতীতৰ দাগ আৰু ভাগ্যৰ আঁচোৰত সেই অন্ধকাৰলৈ বেছিকৈ সোমাই যোৱা দেখিবলৈ পোৱা যায়। বেয়া কামত লিপ্ত হৈ সি এক অপৰাধবোধত ভুগিবলৈ লয়। সম্বন্ধীয় ভায়েক গোপালে তাৰ লগত ছাঁৰ দৰে লাগি থাকি তাৰ মনটোক কিছু সকাহ দি থাকে। ইপিনে নৰেশ্বৰে "মেলটৰী"ত সোমোৱা দেখি সিওঁ দুবাৰকৈ চেষ্টা কৰে যদিও এবাৰ তাৰ হাৰ্ণিয়াৰ কাৰণে আৰু দ্বিতীয়বাৰ তাৰ পুলিছ ৰেকৰ্ড ভাল নোহোৱা বাবে সি বিফল হয়। তেতিয়া মইনাৰ মনলৈ ভাৱ আহে যে সিহঁত নীচকূলৰ মানুহ,সেয়েহে সিহঁতৰ উদ্ধাৰৰ কোনো বাট নাই। বিভিন্ন কামত ঘূৰি ফুৰোতে মইনাই ছ'চিয়েলিষ্ট সোণেস্বৰ মাষ্টৰকো লগ পায় যিয়ে গ্ৰেজিঙৰ মাটি ভাঙি দুখীয়াৰ মাজত বিলাই দিয়াৰ কথা কয়। ইপিনে কৈৱৰ্ত গাঁৱৰ ল'ৰা এটাই নৰেশ্বৰৰ খুড়াকৰ ছোৱালীক পলুৱাই নিয়াত সি প্ৰেমই সিহঁতক লুকুৱাই থোৱা বুলি চোভা কৰি হত্যাৰ চেষ্টা কৰে। ইয়াৰ পোটক তুলিবলৈ মইনাই তাক গুলীয়াই হত্যা কৰিবলৈ চেষ্টা কৰিও বিফল হয়।

তৃতীয় খণ্ড[সম্পাদনা কৰক]

তৃতীয় খণ্ডই মইনাৰ কাৰাবন্দী জীৱন আৰু কৈৱৰ্ত গাঁও খনলৈ মহাপুৰুষীয়া নামধৰ্মই নমাই অনা পৰিৱৰ্তনৰ নজিৰ কঢ়িয়াই। ইপিনে ৰাজনৈতিক উন্নতিয়েহে দুখীয়াসকলৰ প্ৰগতি আনিব বুলি বিশ্বাস কৰি গোপালে মইনাৰ সংগ এৰি "কমুনিচ"(কমিউনিষ্ট) বাহিনীত যোগ দিয়ে। নৰেশ্বৰৰ দিনে দিনে বাঢ়ি অহা উদ্ধতালি সহিব নোৱাৰি মইনাই তাক পুনৰ হত্যাৰ চেষ্টা কৰে আৰু সেইবাৰ নৰেশ্বৰৰ হাত এখন কাটি পেলাবলগীয়া অৱস্থা হয়। মইনা পলাই সাৰে কিন্তু পুলিছে প্ৰেম,তিলেশ্বৰী সকলোকে গ্ৰেপ্তাৰ কৰে আৰু প্ৰেমৰ কাৰাবাসৰ শাস্তি হয়। কিছু বছৰ আত্মগোপন কৰি থকাৰ পিছত এদিন মইনাকো পুলিছে গ্ৰেপ্তাৰ কৰে আৰু তাৰ দুবছৰ কাৰাদণ্ড হয়। জেলৰ পৰা ওলায়েই সি সিহঁতৰ গাঁওখনলৈ নামধৰ্মই অনা পৰিৱৰ্তন দেখি স্তম্ভিত হয়। যি কৈৱৰ্তক সত্ৰৰ গোঁসায়ে শৰণ দিওঁতেও ভৰিৰ খোজতহে সেৱা কৰিবলৈ দিয়ে,সেই কৈৱৰ্তই নামপ্ৰসংগ কৰি উদ্ধাৰ হব পাৰিবনে নাই সেই সম্পৰ্কে সন্দিহান হ'লেও সি তাত যোগদান কৰে। পিছলৈ সি দৈয়াঙৰ পাৰৰ মাটি ভাঙি তাতেই থাকিবলৈ লয়। সংসাৰৰ চক্ৰবৎ গতিত হিচাপ নোহোৱাকৈ বৈচিত্ৰহীন,স্মৃতিহীন দিন-স্মৃতিহীন ৰাতি কটাই মইনাই জীৱনৰ বাকীকেইটা দিন দৈয়াঙেৰে খলকনি তুলি কোনো জলকুঁৱৰী অহালৈ বাট চাই ৰ'ল যিয়ে তাক এক নতুন পৃথিৱীলৈ লৈ যাব।

কাহিনীৰ এক আভাস দিবলৈ কিতাপখনৰ আৰম্ভণিতে 'উপন্যাসৰ গতি নিৰ্ণায়ক' হিচাপে 'কৃত্তিবাসী ৰামায়ণ'ৰ ৰত্নাকৰৰ কাহিনীটো বৰপেটাৰ কথিত ভাষাত উল্লেখ কৰা হৈছে।

প্ৰধান চৰিত্ৰসমূহ[সম্পাদনা কৰক]

  • মইনা : মইনা উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ। সৰুতেই সহপাঠী নৰেশ্বৰৰ ঘৰত সকাম খাবলৈ গৈ ডোম বুলি অপমানিত হোৱাৰে পৰা তাৰ মনত এক প্ৰতিবাদী সত্ত্বাই ঘৰ কৰি উঠে। অভাৱৰ তাড়না,ভাগ্যৰ ছাকনৈয়াত পৰি সি ক্ৰমে অপৰাধৰ ঘোলা জগত খনত সোমাই পৰে। বুদু ভঙুৱা আৰু প্ৰেম ডকাইতৰ লগ লাগি সিও এক ডাঙৰ ডকাইত হৈ পৰে। সেই জগতত খনৰ পৰা উভতি অহাৰ চেষ্টা কৰিও বাৰে বাৰে ভাগ্যৰ ওচৰত পৰাস্ত হয়। উদণ্ড নৰেশ্বৰক দুবাৰকৈ হত্যা কৰিবলৈ চেষ্টা কৰাৰ অপৰাধত সি জেলত সোমাই। জেলৰ পৰা ওলাই সি গ্ৰেজিঙৰ মাটি ভাঙি তাতেই থাকিবলৈ লয়। দুবাৰকৈ বিয়া পাতিও বৈশিষ্টহীন দিন ৰাতিৰ অন্তহীন প্ৰবাহৰ মাজেদিয়েই সি জীৱনৰ বাকীকেইটা দিন কটায়।
  • বুদু : বুদু আছিল জহাখাটৰ এক নম্বৰ ভঙুৱা ভকত। লেধাইৰ লগ লাগি দিন ৰাতি সি ভাং খায়েই কটাইছিল। সিয়েই মইনাক চুৰি বিদ্যাৰ শিক্ষা দিছিল। মইনাই পুলিছৰ পৰা পলাই থকা কালছোৱাত বুদুৱে গাঁৱৰ খবৰ বাতৰিবোৰ নি তাক দিছিলগৈ। পিছলৈ লেধাইৰ লগত সি ছাগলী পোহাত লাগিছিল। নামধৰ্মৰ সংস্পৰ্শলৈ আহি বুদুৱে সকলো বেয়া কাম আনকি ভাং হোপাও বাদ দিছিল আৰু ঘৰে ঘৰে নামধৰ্মৰ গুণ গৰিমা গাই ফুৰিছিল।
  • নৰেশ্বৰ : নৰেশ্বৰ আছিল মইনাৰ বাল্যবন্ধু। কিন্তু কালৰ কুটিল চক্ৰত পৰি দুয়ো ঘোৰ শত্ৰু ই পৰে। নৰেশ্বৰে "মেলটৰী"ত যোগ দিয়ে আৰু গাঁৱলৈ আহিলে মইনাহঁতৰ গাৱঁৰ মানুহক দেখিলেই ডোম বুলি গালি শপনি আৰু নানা অবাইচ মাত মাতিবলৈ ধৰিলে।এবাৰ প্ৰেমক প্ৰাণে মৰাৰ চেষ্টা কৰে। তাৰ অতপালি সহিব নোৱাৰি মইনাই তাক দুবাৰো হত্যাৰ চেষ্টা কৰে আৰু দ্বিতীয় বাৰ যাঠিয়ে শালি পেলোৱা বাবে তাৰ এটা বাহু গুৰিতে কাটি পেলাব লগীয়া হয়।
  • গোপাল : গোপাল মইনাৰ সম্বন্ধীয় ভায়েক। মইনাৰ বীৰত্বমূলক কাম-কাজ বোৰ দেখি সি মইনাৰ লগ লয়। মইনাৰ লগ লাগি সি দুই এটা ডকাইতি কামতো ভাগ লয় যদিও মইনাই কিন্তু কোনোদিনেই গোপালক ডকাইতৰ ৰূপত চাব খোজা নাছিল। লাহে লাহে শোষিতসকলৰ মুক্তি সম্বন্ধে দুয়োৰে মত সলনি হৈ যায় আৰু গোপালে "কমুনিচ"(কমিউনিষ্ট) সকলৰ লগ লাগে। সমাজৰ তলশ্ৰেণীৰ মানুহৰ ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ গোপালে নিজা পথত আগবাঢ়ি যায়।
  • তিলেশ্বৰী : তিলেশ্বৰী হ'ল মদ বেচা পোহাৰী কামিনী বাইৰ জীয়েক। কোনোবাই ডোম বুলিলে কওঁতাজনৰ চৈধ্য পুৰুষ উজাৰি গালি পৰা তিলেশ্বৰীয়ে মইনাই আত্মগোপন কৰি থকা কালত তাক বহুধৰণে সহায় কৰে। ডকাইতৰ লগত চামিল হোৱা অপৰাধত পুলিছে তিলেশ্বৰীকো ধৰি নিয়ে যদিও প্ৰমাণৰ অভাৱত মুকলি কৰি দিয়ে।
  • প্ৰেম : প্ৰেম ডকাইত দৰাচলতে কোঁচ আছিল। কিন্তু কৈৱৰ্ত ছোৱালী এজনী বিয়া কৰি সি নিজা জ্ঞাতি-কুটুম্বক এৰি কৈৱৰ্ত গাঁৱতে থাকিবলৈ লয়। মইনাক প্ৰেময়েই ডকাইত হোৱাৰ পথত আগবঢ়াই লৈ যায়। নৰেশ্বৰে দাৰে ১৭টা ঘাপ মৰাৰ পিছৰে পৰা সি ভালকৈ চলা ফুৰা কৰিব নোৱাৰা হয়। পিছত সি এবাৰ জেললৈ যাব লগাও হয়। ছোৱালীজনীক নাৰ্ছ কৰাৰ প্ৰেমৰ সপোনটো সঁচা হয় আৰু তাৰ পুতেকেও বোকাখাটত চাকৰি এটা পায়।

সমালোচনা[সম্পাদনা কৰক]

কথা ৰত্নাকৰ এক সফল উপন্যাস হিচাপে পৰিগণিত হৈছে। সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ আগতেই গ্ৰন্থখন তিনিবাৰকৈ পুনৰমুদ্ৰণ কৰিব লগা হৈছিল।[1] বিশিষ্ট সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যই লিখিছে "ঔপনিবেশিক কালছোৱাৰ,উজনি অসমৰ এখন পাচপৰা কৈৱৰ্ত সমাজৰ জীৱন,পৰিৱেশ,সুখ-দুখ,হাঁহি-অশ্ৰু,ভোক,ক্ষোভ,বিদ্ৰোহ,শিক্ষাহীনতা,জাতিভেদৰ ঘৃণাৰ আৱৰ্তত দুখবৰণ,অন্তবেৰ্দনা আৰু স্বপ্নৰ কলাত্মক উপস্থাপন উপন্যাসখনৰ ঘাই কথা।"[1]

সাহিত্য ডট অৰ্গত ধ্ৰুবজ্যোতি শৰ্মাই কথা ৰত্নাকৰৰ গ্ৰন্থ আলোনাত লিখিছে " এখন সমাজৰ সৰু-বৰ সকলো দিশেই সামৰি সৰু-বৰ কাহিনীবোৰক কাহিনীৰ ৰূপ দি ‘কথা ৰত্নাকৰ’ যেন এক আধুনিক আখ্যানহে । গ্ৰাম্য জীৱনত পৰিপূৰ্ণ সুখ-দুখ, হিংসা-অসূয়াৰ বৰ্ণনাত সম্পূৰ্ণৰূপে সফল ঔপন্যাসিক । প্ৰেম-ভালপোৱা, সহায়-সহানুভূতিৰ এক বহুল মিলনভূমি ‘কথা-ৰত্নাকৰ’ । মানৱীয় প্ৰবৃত্তিও জলজল-পটপটকৈ পৰিষ্ফুট হৈছে উপন্যাসখনত । শিক্ষাহীন, জাতিভেদ, সাম্প্ৰদায়িকতাত জৰ্জৰ পিছপৰা এখন সমাজৰ কিযে এক সুন্দৰ বিশ্লেষণ । ক্ষুধা আৰু অৰ্থনৈতিক দৈন্যতাই কেনেকৈ মানুহৰ প্ৰবৃত্তিত হিংসাৰ প্ৰলেপ সানিব পাৰে তাকো উপন্যাসখনত সুন্দৰভাৱে অংকন কৰা হৈছে ।"[4]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 বেটুপাতৰ চতুৰ্থ পৃষ্ঠা,কথা ৰত্নাকৰ
  2. 2.0 2.1 কথা ৰত্নাকৰৰ শেষ পৃষ্ঠা. অন্বেষা. ২০১০. ISBN 81-89003-23-2. 
  3. 3.0 3.1 3.2 "Poets dominate 2009 Sahitya Akademi Awards". The Hindu. December 24, 2009. http://www.hindu.com/2009/12/24/stories/2009122457512000.htm। আহৰণ কৰা হৈছে: January 30, 2013. 
  4. ধ্ৰুৱজ্যোতি শৰ্মা (১৫ নৱেম্বৰ, ২০১১). "কথা ৰত্নাকৰ (ঔপন্যাসিক- ডঃ ধ্ৰুৱজ্যোতি বৰা) গ্ৰন্থ আলোচনা". সাহিত্য ডট্‌ অৰ্গ. http://www.xahitya.org/2011/11/15/%E0%A6%95%E0%A6%A5%E0%A6%BE-%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%95%E0%A7%B0-%E0%A6%94%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%95%E0%A6%83-%E0%A6%A1/। আহৰণ কৰা হৈছে: ৩০ জানুৱাৰী, ২০১৩.