সমললৈ যাওক

মৌন ওঁঠ মুখৰ হৃদয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৌন ওঁঠ মুখৰ হৃদয়  
লেখক য়েছে দৰজে ঠংচি
অংগসজ্জা বিকাশজ্যোতি বৰুৱা
প্ৰচ্ছদ শিল্পী অৰুণ নাথ
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক বনলতা
প্ৰকাশ ২০০১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৭৫
আই.এচ.বি.এন. 81-7339-310-9

মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় অসম সাহিত্য সভা অধিৱেশন, ২০০১ চনত। দশম সংস্কৰণ প্ৰকাশ পায় ছেপ্তেম্বৰ, ২০১৮ চনত। গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলোৱাৰ আগতেই উপন্যাসখন খণ্ড খণ্ডকৈ ১৯৯১ চনত প্ৰান্তিকত প্ৰকাশ পাইছিল।

লেখকৰ পৰিচয়

[সম্পাদনা কৰক]
য়েছে দৰজে ঠংছি

১৯৫২ চনত অৰুণাচল প্ৰদেশপশ্চিম কামেং জিলাৰ জীগাঁৱৰ এটি চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত ঠংচিদেৱৰ জন্ম। তেখেতে জীগাঁও প্ৰাথমিক বিদ্যালয়, বোমডিলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি কটন কলেজত পঢ়িবলৈ লয় আৰু কটন কলেজৰ পৰা অসমীয়াত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ ১৯৭৭ চনত অৰুণাচল প্ৰদেশ অসামৰিক সেৱাত যোগদান কৰে। ১৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ পদোন্নতি লাভ কৰে। ১৯৯৩ চনৰ পৰা টাৱাং, নামনি সোৱণশিৰি, চাংলাং, লোহিত আৰু পূব কামেং জিলাৰ উপায়ুক্ত হিচাপে সেৱা আগবঢ়াই বৰ্তমান তেওঁ অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু পৰিকল্পনা আদি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।

চৰিত্ৰসমূহ

[সম্পাদনা কৰক]

উপন্যাসখন মূলতঃ পাহাৰ ভৈয়াম একত্ৰিত কৰিব খোজা এটা স্থায়ী পথৰ নিৰ্মাণৰ ওপৰত আধাৰিত। পথ নিৰ্মাণৰ দৰে কষ্টসাধ্য কাম এটা কৰাবলৈকে বিভিন্ন জাতি-জনজাতিৰ লোকসকলক একত্ৰিত কৰি একেলগে কাম কৰাওঁতে ভিন ভিন জনগোষ্ঠীৰ অলেখ চৰিত্ৰই ইয়াত ভূমুকি মাৰিছে।

চেৰদুকপেন দলৰ মূল মানুহ ৰিনচিন নৰবু। তাৰ লগত আছে চিৰিং জাংমু, চৌকি বাংমু, দৈমা, ৱাংমু, ঙাৱাঙ, দৰজি, টাছি, নৰবু চিৰিং ঠংদোক, টাচি, টালো, টামো ইত্যাদি।

নিচি দলৰ মূল মানুহ তাদাক নাতুং। তাৰ লগত আছে য়ামা, য়াদো, মাংফা, টাকাৰ, টেচি, টালো ইত্যাদি।

তদুপৰি মহৰী বাবু দিলীপ শইকীয়া, চেক্‌চন অফিচাৰ সহদেৱ ঘোষ চাহাব, সহকাৰী অভিযন্তা মিষ্টাৰ ভূৰে লাল, ৰিনচিনৰ খুৰাক চেৱাং।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

এয়া প্ৰায় পঞ্চাশ দশকৰ কথা। এতিয়াৰ অৰুণাচল প্ৰদেশখন তেতিয়া উত্তৰ-পূব সীমান্ত অঞ্চল নামেৰে জনাজাত আছিল। ইংৰাজীত চমুকৈ নেফা। ইংৰাজৰ শাসনকালত এই পৰ্বতীয়া এলেকাত প্ৰশাসনৰ ব্যৱস্থা কৰাত কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। স্বাধীনতাৰ পাছতহে ভাৰত চৰকাৰে এই পিছপৰি থকা অঞ্চলত প্ৰশাসনৰ ব্যৱস্থা কটকটীয়া কৰি তুলিবলৈ কাৰ্যপন্থা গ্ৰহণ কৰে। ফলত ইংৰাজ শাসন কালত স্থাপিত জিলা সদৰ ঠাইবিলাক বৰ্তমানৰ অসমৰ পৰা তুলি নি ব'মডিলা, জিৰো, তেজু আৰু খুনচাত স্থাপিত কৰা হয়। কিন্তু তেতিয়াৰ নেফালৈ বাহিৰৰ পৰা বনুৱা নিবলৈ টান। গতিকে সেই কামত নিয়োগ কৰা তাৰেই স্থায়ী বাসিন্দাসকলক। কামেং সীমান্ত বিভাগৰ সদৰ ঠাই বোমডিলাক সংলগ্ন কৰিবৰ বাবে কাম আৰম্ভ হ’ল মিছামাৰিৰ পৰা। ঊনৈশ শ আঠষষ্ঠি চনত চাকু নামৰ ঠাইলৈকে আলিবাট নিৰ্মাণ সম্পূৰ্ণ হৈ গ’ল। চাকুৰ পৰা বোমডিলালৈক এইছোৱা বাট নিৰ্মাণৰ কামো শৰত্‌ কাল অহাৰ লগে লগে পুনৰ আৰম্ভ কৰা হ’ল। তাৰে এটা অতি কঠিন অংশৰ বাট নিৰ্মাণ কৰিবলৈকে একেঠাইত গোট খাইছিল চেৰদুকপেন, নিচি, মনপা আদি জনজাতিৰ লোকসকল। আদিতে ইটো জাতিয়ে সিটো জাতিৰ প্ৰতি এক শংকা এক উত্‌কণ্ঠা পুহি ৰাখিছিল। কোনোবাখিনিত তেওঁলোকৰ পৰস্পৰৰ মনত অজানিতে অলপ ঘৃণাও আছিল। কিন্তু কামৰ তাগিদাত আৰু সময়ৰ প্ৰৰোচনাত যেতিয়া ইটো জাতিৰ মানুহে সিটো জাতিৰ মানুহৰ লগত মিলামিচা আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে অতদিনে পৰস্পৰে পৰস্পৰলৈ পুহি ৰখা ভুল ধাৰণাসমূহৰ পৰা মুক্ত হবলৈ ধৰিলে। জীৱনৰ সহজ দাবীৰ পৰিপ্ৰেক্ষিততে চেৰদুকপেন দলৰ চৰ্দাৰ ৰিনচিন আৰু নিচি দলৰ গাভৰু য়ামাৰ মনৰ মিল হয়। কিন্তু নিচি দলৰ নীতি-নিয়ম মতে য়ামাক বিয়া কৰিবৰ বাবে ইতিমধ্যে দৰাৰ ঘৰৰ পৰা কন্যাৰ দাম লোৱা হৈছে। আৰু ৰাস্তা বনোৱাৰ কাম শেষ হ’লেই ঘূৰি গৈ য়ামাই দৰাৰ ঘৰলৈ যাব লাগিব। আনহাতে ৰিনচিন হ’ল চেৰদুকপেন সম্প্ৰদায়ৰ। কোনো কাৰণতে পুৰণিকলীয়া নিয়ম ভাঙি য়ামাক ৰিনচিনলৈ দিব নোৱাৰি। প্ৰেমৰ দাবীৰ বশৱৰ্তী হৈ ৰিনচিন আৰু য়ামাই দেহে মনে ইজনে সিজনক গ্ৰহণ কৰিলেও সমাজক প্ৰত্যাহ্বান জনোৱাৰ সাহস নাই য়ামাৰ ককায়েক তাদাকৰ। শেষত য়ামাই ৰিনচিনলৈ পলাই যোৱাৰ সিদ্ধান্ত লোৱাত তাদাকৰ পৰামৰ্শমতেই জোৰ কৰি য়ামাক দৰা ঘৰলৈ লৈ যোৱা হয়।

উপন্যাসখনত এটা সৰল প্ৰেম কাহিনীয়ে পোখা মেলিলেও তাৰে আলমত সৰল প্ৰাকৃতিক বৰ্ণনা, পাহাৰীয়া মানুহৰ নিভাঁজ আচৰণ আৰু পাহাৰীয়া জনজাতীয় মানুহৰ প্ৰকৃতিসুলভ মনৰ কোমলতা আৰু সৰলতাৰ সৈতে কঠিন বাস্তৱৰ সংঘাতৰ বৰ্ণনাই পাঠকৰ মনত গভীৰ ৰেখাপাত কৰে। ঘটনা-বৈচিত্ৰ্যৰ মাজেদি ভাৱৰ ঐক্যকেন্দ্ৰিকতা ৰক্ষাৰ দিশত য়েছে দৰজে ঠংচি ডাঙৰীয়া সচেতন আৰু সফল।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. মৌন ওঁঠ মুখৰ হৃদয়: ৰচক-য়েছে দৰজে ঠংচি, প্ৰকাশ: ২০০১ চন