অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা | |
---|---|
লেখক | ড° হীৰেন গোহাঁই |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাশ | ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰীত |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা হৈছে ড° হীৰেন গোহাঁইৰ দ্বাৰা ৰচিত গ্ৰন্থ। এই গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। এই গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড° হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
লিখকৰ পৰিচয়[সম্পাদনা কৰক]
ড° হীৰেন গোহাঁই (হিন্দী: हीरेन गोहाँइ, ইংৰাজী: Hiren Gohain), অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এজন সুপ্ৰতিষ্ঠিত সাহিত্যিক আৰু সমালোচক।[1] ইয়াৰ উপৰিও তেখেত এজন কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক।[2] তেখেত ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ স্বৰ্গীয় মহেন্দ্ৰনাথ গোহাঁই আৰু মাতৃ স্বৰ্গীয় শৰৎকুমাৰী গোহাঁই। মহেন্দ্ৰ নাথ গোহাঁই শিক্ষক আছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।[3] উত্তৰ গুৱাহাটীত তেখেতৰ পৈত্ৰিক ঘৰ আছিল।
ড° গোহাঁই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে (জানুৱাৰী, ১৯৯৭)।
বিষয়[সম্পাদনা কৰক]
মহাপুৰুষীয়া ধৰ্মৰ আৰ্থ-সামাজিক, সাংস্কৃতিক, ঐতিহাসিক দিশসমূহৰ বিচাৰ-বিশ্লেষণেৰে এক বিদ্যায়তনিক আৰু সুচিন্তিত আলোচনা আগবঢ়াইছে। তদুপৰি এই গ্ৰ্ন্থত অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰাৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱসমূহো স্পষ্টভাৱে দেখুৱাইছে।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Assamese Intellectuals Angry Over 'Injustice' to Gohain". Outlook. 23 February 2010. http://news.outlookindia.com/items.aspx?artid=675108। আহৰণ কৰা হৈছে: 1 December 2011.
- ↑ Jotwani, Motilal Wadhumal (1979). Contemporary Indian literature and society. প্ৰকাশক New Delhi: Heritage. পৃষ্ঠা. 6. OCLC 5898943.
- ↑ সমীন কলিতা (২০০৮). সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া. পৃষ্ঠা. ১৩৭.