পাতাল ভৈৰৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পাতাল ভৈৰৱী  
পাতাল ভৈৰৱী.jpg
জ্যোতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পাতাল ভৈৰৱীৰ বেটুপাত
লেখক লক্ষ্মীনন্দন বৰা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৯৮৬ (প্ৰথম প্ৰকাশ)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২৮৪

পাতাল ভৈৰৱী (ইংৰাজী: Patal Bhairabi) হৈছে অসমৰ গল্পকাৰ, ঔপন্যাসিক, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দ্বাৰা লিখিত এখন উপন্যাস। ১৯৮৬ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনত নিচাযুক্ত দ্ৰব্যৰ কুপ্ৰভাৱ আৰু তাৰ দ্বাৰা প্ৰভাৱিত হোৱা ভাৰত, বিশেষকৈ অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাৱৰণক উপস্থাপন কৰা হৈছে। গ্ৰন্থখনত কুৰি শতিকাৰ ষষ্ঠ আৰু সপ্তম শতিকাৰ ৰাজনৈতিক আৰু সামাজিক বাতাৱৰণৰ প্ৰতিফলন ঘটিছে।[1]এই গ্ৰন্থখনৰ বাবে লক্ষ্মীনন্দন বৰাই ১৯৮৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[2]

গ্ৰন্থকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

লক্ষ্মীনন্দন বৰা এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। ৰামধেনু যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। কাল বলুকাত খোজ তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ।

উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ[সম্পাদনা কৰক]

ঔপন্যাসিক লক্ষ্মীনন্দন বৰাই এই উপন্যাসখনত ক্ৰমবৰ্ধমান নিচাযুক্ত দ্ৰব্যৰ চোৰাং বেপাৰ আৰু তাৰদ্বাৰা কুপ্ৰভাৱিত হোৱা ভাৰতীয় ৰাজনীতিৰ বিষয়ে বৰ্ণনা কৰিছে। ব্যৱসায়িক ভণ্ডামি আৰু অপৰাধজনিত ঘটনাৰ দ্বাৰা ক্ষয়প্ৰাপ্ত এখন সমাজক উপন্যাসখনত তুলি ধৰা হৈছে। ইয়াৰ লগতে বানাক্ৰান্ত লোকৰ দুখ-দুদৰ্শাইও গ্ৰন্থখনত ঠাই পাইছে।[2][1]

উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে কান্ধূলিজানৰ নিবাসী মুকুন্দ। জীৱনৰ বিভিন্ন ঘটনাৱলীয়ে মুকুন্দক চোৰাং বজাৰৰ ক'লা বজাৰখনৰ সম্ৰাট হিচাপে প্ৰতিষ্ঠিত কৰোৱায়। সময় যোৱাৰ লগে লগে মুকুন্দ অনুশোচনাত আক্ৰান্ত হয়। জীৱনৰ প্ৰকৃত অৰ্থ হেৰুউৱাৰ উপক্ৰম হোৱাত মুকুন্দক উদ্ধাৰ কৰিবলৈ আহে কৰ্কট ৰোগাক্ৰান্ত পত্নী আৰু এজন স্বামীজীয়ে। মুকুন্দই পাতালৰ জগত এৰি সমাজৰ কামত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে। কিন্তু অতীতৰ কুসময়ে মুকুন্দক খেদি ফুৰে। এদিন মুকুন্দই ৰাজনীতিত প্ৰৱেশ কৰে। ৰাজনৈতিক কুচক্ৰান্তৰ বলি হৈ তেওঁ এদিন অপৰাধী হিচাপে বিবেচিত হয়। কাৰাগাৰত থকা সময়ত জনতাৰ স্নেহময় অনুভূতিৰ অভিজ্ঞতা লাভ কৰি মুকুন্দই জীৱনৰ সাৰ্থকতা বিচাৰি পায়। [1]

উপন্যাসখনৰ প্ৰসংগত লেখকে কয় যে– “'পাতাল ভৈৰৱী' পোনতে এখন অপৰাধমূলক উপন্যাস বা থ্ৰিলাৰ হ'ব বুলিহে ভাবিছিলোঁ। কিন্তু কেইটামান অধ্যায় লিখাৰ পাছত ই এক মানৱীয় ৰূপ ল'লে; অপৰাধমূলক আখ্যানৰ গণ্ডী অতিক্ৰম কৰিলে।”[1]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

পাতাল ভৈৰৱীয়ে ১৯৮৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 বৰগোহাঁই, দেৱাশ্ৰী (১৫ জুন ২০১৯). "পাতাল ভৈৰৱী, গ্ৰন্থ সমালোচনা". মণিকূট. http://monikut.com/2019/06/%E0%A6%AA%E0%A6%BE%E0%A6%A4%E0%A6%BE%E0%A6%B2-%E0%A6%AD%E0%A7%88%E0%A7%B0%E0%A7%B1%E0%A7%80-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%A8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A7%8B/। আহৰণ কৰা হৈছে: 21 October 2020. 
  2. 2.0 2.1 বৰুৱা, শান্তনু কৌশিক (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.