শান্তনুকুলনন্দন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শান্তনুকুলনন্দন  
শান্তনুকুলনন্দন.jpg
শান্তনুকুলনন্দন গ্ৰন্থৰ বেটুপাত
লেখক পূৰবী বৰমুদৈ
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক বনলতা প্ৰকাশন, ডিব্ৰুগড়
প্ৰকাশ এপ্ৰিল, ২০১০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

শান্তনুকুলনন্দন হৈছে পূৰবী বৰমুদৈৰ দ্বাৰা ৰচিত এখন উপন্যাস।[1] অসমীয়া সাহিত্য ক্ষেত্ৰত গৱেষণাধৰ্মী দৃষ্টিকোণেৰে এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসখনে ২০০৭ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1] এই গ্ৰন্থখনত প্ৰাচীন কামৰূপৰ মূলাধাৰ নদী ব্ৰহ্মপুত্ৰৰ উৎপত্তি আৰু ইয়াৰ নামকৰণৰ সন্দৰ্ভত লেখিকাই ব্যাখ্যা আগবঢ়াইছে। লেখিকাই ইতিহাস চেতনা আৰু বৰ্ণনীয় উপস্থাপন শৈলীৰে এই উপন্যাসখন ৰচনা কৰিছে।[1]

লেখিকাৰ পৰিচয়[সম্পাদনা কৰক]

পূৰবী বৰমুদৈ (জন্ম:৮ মে' ১৯৫০) অসমৰ এগৰাকী সাহিত্যিক। তেখেত মূলতঃ বুৰঞ্জীমূলক উপন্যাসৰ ৰচয়িতা[উদ্ধৃতিৰ প্ৰয়োজন]। তেখেত সাহিত্য অকাডেমি বঁটা[2] আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত।

গ্ৰন্থ পৰ্যালোচনা[সম্পাদনা কৰক]

শান্তনুকুলনন্দন গ্ৰন্থখনত লেখিকাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন সভ্যতাত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষিক, ৰাজনৈতিক, সাংস্কৃতিক তথা ধৰ্মীয় সমন্বয়ৰ কিদৰে এক সাৰ্বজনীন আৰু আদৰ্শ সংস্কৃতিৰ সৃষ্টি হৈছে তাক যুক্তি সহকাৰে নিখুঁত ৰূপে অংকন কৰাৰ প্ৰয়াস কৰিছে। লেখিকাই উপন্যাসখনৰ চৰিত্ৰৰ মাজত হোৱা বাৰ্তালাপেৰে কাহিনীভাগ আগুৱাই নিছে। বিস্তৃত বৰ্ণনাই কিছুমান ক্ষেত্ৰত যি একঘেয়ামী অৱস্থাৰ সৃষ্টি কৰে তাৰ তুলনাত বাৰ্তালাপ বা যুক্তিতৰ্কই পাঠকৰ হৃদয়ত বিষয়বস্তু সম্পৰ্কে সহজতে সাঁচ বহুৱাব সক্ষম হয়। লেখিকাই উপৰোক্ত কৌশলৰ জৰিয়তে মনোগ্ৰাহীকৈ উপন্যাসখনৰ বিষয়বস্তু পাঠকৰ বোধগম্য কৰি তোলাত সফল হৈছে। সবল শব্দমালা আৰু অৰ্থগভীৰ বাক্যবিন্যাসে উপন্যাসখনৰ গাম্ভীৰ্যতা ৰক্ষা কৰিছে।[1]

ব্ৰহ্মপুত্ৰ (লৌহিত্য) আৰু ইয়াৰ আলমত গঢ় লৈ উঠা সভ্যতাৰ কথা উল্লেখ কৰোতে ঔপন্যাসিকে কেইবাটাও উপ-কাহিনীৰ সংযোগ কৰিছে। লেখিকাই উপন্যাসখনত লৌহিত্যৰ পাৰত অৱস্থিত ভাৰ্গৱ মুনিৰ আশ্ৰমৰ বৰ্ণনা, উজ্জ্বয়িনী, নালন্দা বিশ্ববিদ্যালয়ৰ পৰিৱেশৰ চিত্ৰ সুন্দৰভাৱে অংকন কৰিছে। সেইসময়ত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ শীলভদ্ৰ, মহাচীন দেশীয় বিধি বিশাৰদ হিউ-ৱেন-চাং আদি ঐতিহাসিক চৰিত্ৰবোৰৰ ক্ৰিয়া-কলাপৰ মাজেৰে সেই সময়ৰ ভৌগোলিক, ঐতিহাসিক, ৰাজনৈতিক, সাংস্কৃতিক আদি দিশবোৰৰ কথা অনুধাৱন কৰিব পাৰি। আচাৰ্য শান্তিৰক্ষিত নামৰ চৰিত্ৰৰ জৰিয়তে লেখিকাই সেই সময়ৰ তীব্বতীয় সমাজ ব্যৱস্থা তথা ভাৰত, নেপাল আৰু তিব্বতত সেইসময়ৰ বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ এটি সম্যক চিত্ৰ দাঙি ধৰাৰ প্ৰয়াস কৰিছে। ব্ৰহ্মপুত্ৰৰ সৃষ্টি কাহিনী ক’বলৈ গৈ লেখিকাই নিজস্ব ৰচনাশৈলীৰে উপন্যাসখনক বলিষ্ঠতা প্ৰদান কৰিছে। উপন্যাসখনত মহাভাৰতীয় কথনশৈলী আধুনিক সম্পৰীক্ষাৰে উপস্থাপিত কৰিছে, আনহাতে ইতিহাস আৰু মৌলিকতাৰ মণিকাঞ্চন সংযোগ ঘটাইছে। বিষয় বস্তুৰ প্ৰতি লক্ষ্য ৰাখি লেখিকাই সংস্কৃত শব্দৰ ব্যৱহাৰ অধিক কৰিছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]