ভবেন্দ্ৰ নাথ শইকীয়া
ভবেন্দ্ৰ নাথ শইকীয়া | |
---|---|
![]() | |
জন্ম | ২০ ফেব্ৰুৱাৰী, ১৯৩২ নগাঁও, অসম |
মৃত্যু | ১৩ আগষ্ট, ২০০৩ (৭১ বছৰ) গুৱাহাটী, অসম |
ছদ্মনাম | প্ৰহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয় আদি |
পেছা | ঔপন্যাসিক, গল্পকাৰ, সম্পাদক, নাট্যকাৰ, চিত্ৰ-নিৰ্মাতা, ৰিডাৰ |
উল্লেখনীয় কৰ্মৰাজি | 'অগ্নিস্নান', 'সন্ধ্যাৰাগ' নামৰ কথাছবি, 'অন্তৰীপ' নামৰ উপন্যাস 'প্ৰান্তিক' নামৰ পষেকীয়া আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক, ভ্ৰাম্যমাণৰ বাবে লিখা স্বৰ্ণজয়ন্তী, শতাব্দী আদি নাটক |
উল্লেখযোগ্য বঁটা | অসম প্ৰকাশন পৰিষদ বঁটা, সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা |
দাম্পত্যসংগী | প্ৰীতি শইকীয়া |
সন্তান | সংগীতা আৰু ৰশ্মি (জীয়েক) |
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (ইংৰাজী: Dr. Bhabendra Nath Saikia, ১৯৩২ – ২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।
ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।[1] তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
ইয়াৰ উপৰি তেওঁ ৰেডিঅ' নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰৰ পৰা তেওঁ 'ৰজত কমল বঁটা' লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে 'পদ্মশ্ৰী' সন্মানো লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। তেওঁৰ দেউতাকৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। ১৯৪৮ চনত তেখেত ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত ভৰ্তি হয়, আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত এম.এচ.চি ডিগ্ৰী লয় আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে। ১৯৬১ চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন'লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে।
কৰ্মজীৱন[সম্পাদনা কৰক]
তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটালাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰে। অসমীয়া নাট্য জগতত ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে। কেইবাখনো ৰেডিঅ' নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।
ছদ্মনাম[সম্পাদনা কৰক]
হাস্য-ব্যংগাত্মক সাহিত্যত[সম্পাদনা কৰক]
ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেওঁৰ একাধিক সাহিত্যিক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহ ‘প্ৰান্তিক’ আৰু সাপ্তাহিক কাকত ‘বুধবাৰ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল। তেওঁৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক। উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখা প্ৰান্তিকৰ পাততে প্ৰকাশিত হৈছিল।
সেইসমূহৰ নাম এনেধৰণৰঃ-
|
|
সত্যপ্ৰিয় পাঠকৰ পাছত তেওঁ বেছিকৈ সদানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল। লেখাকেইটা হৈছে: (১) সোণালী এণ্টাৰপ্ৰাইজ, (২)বিগ ক্ল’জ আপ, (৩)বেলি ডুবাৰ সময়, (৪)পৰম প্ৰিয় বন্ধুবৰ, (৫)বিশ্বাসঘাতক বান্দৰ, আৰু (৬) ভিতৰবিলাক। এইকেইটা লেখা প্ৰকাশ পাইছিল ‘বুধবাৰ’ত। সত্যপ্ৰিয় আৰু সদানন্দ পাঠকৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল। সেইসমূহ ৰচনা প্ৰান্তিকৰ পৃষ্ঠাতে ভিন্ ভিন্ সময়ত প্ৰকাশিত হৈছিল। লেখাবোৰৰ শিৰোনাম আৰু তেওঁ ব্যৱহাৰ কৰা ছদ্মনাম তলত উল্লেখ কৰা হ'ল-
- এদিন বাদে এদিন- ৰজনী দত্ত,
- দিগম্বৰ বুৰ্জোৱা- বিৰাজমোহন বৰুৱা,
- নিজৰ প্ৰেছক্ৰিপছনৰ ঔষধ-গোলোক মহন্ত,
- কেণ্ডিডেট-দিবাকৰ নেওগ,
- খাদ্যপ্ৰাণ-গৃহানন্দ স্বামী,
- শৃংখল-বিচিত্ৰা দত্ত,
- বাটৰ আমনি-অৰবিন্দ দত্ত,
- আনন্দ-সুকুমাৰ দত্ত,
- ডিঙিৰ খজুৱতি-মানবেন্দ্ৰ দাস,
- সদায় কাঠৰ বাকচ নালাগে-নি.কা.ব.,
- মোৰ ৰাশিফল সদায় ভাল-পৰমানন্দ ৰাজগুৰু,
- ব’হাগৰ কথা। সেই সভাখন-এজন অৱসৰপ্ৰাপ্ত মুখ্য অতিথি,
- ইণ্টিমেট-কুসুম কুমাৰ বৰুৱা।
উল্লেখনীয় যে, তেখেতৰ এই হাস্য-ব্যংগাত্মক ৰচনাসমূহ পাছলৈ ‘কল্পলোকৰ কাহিনী’ নামৰ এখনি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া সাহিত্যৰ জগতত বহুসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক। চৌপাশৰ সামাজিক-সাংস্কৃতিক সমস্যাবোৰৰ পুনৰীক্ষণ, অসমীয়া মানুহৰ চৰিত্ৰৰ কেতবোৰ অবিচ্ছেদ্য দিশ উন্মোচন, প্ৰাত্যহিকতাত সঘনাই মুখামুখি হোৱা বেমেজালিবোৰৰ পৰ্যবেক্ষণ- ইত্যাদিয়েই হৈছে তেখেতৰ দ্বাৰা লিখিত এই হাস্য-ব্যংগাত্মক ৰচনালানিৰ অন্তৰ্নিহিত তাৎপৰ্য।[2]
অন্যান্য ৰচনাত[সম্পাদনা কৰক]
বিদেশৰ পটভূমিত লিখা কেইটামান গল্প ড॰ শইকীয়াই ছদ্মনামত লিখিছিল। তিনিটা গল্প লিখিছিল সঞ্চয় ছদ্মনামেৰে। বাকীকেইটা নিজৰ নামত লিখিছিল। এই সন্দৰ্ভত তেওঁ কৈছিল যে- "মোৰ চুটি গল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ'ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লেখিবলৈ মন কৰা নাছিলোঁ। "[3] ইয়াৰ উপৰিও তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা 'বেউলা' ছবিখনৰ সমালোচনা লিখিছিল। সেইটো লিখিছিল সুনীতি ছদ্মনামেৰে। সমালোচনাটি 'আৱাহন'ত প্ৰকাশিত হৈছিল। সাদিনীয়া 'নৱদূত' নামৰ এখন কাকতত তেওঁ 'দৃষ্টিপাত' নামৰ এটা শিতানত লিখিছিল। সেইবোৰ লিখনি তেওঁপ্ৰহৰী ছদ্মনামত লিখিছিল। চিনেমা বিষয়ক লেখামেলাৰ বাবে তেওঁ চিত্ৰপ্ৰিয় পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁৰ আন দুটি ছদ্মনাম আছিল পৰ্যবেক্ষক আৰু সুদৰ্শন।[3]
ব্যক্তিগত জীৱন[সম্পাদনা কৰক]
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুজনী পুত্ৰী আছিল ড॰ সংগীতা আৰু ৰশ্মি।
মৃত্যু[সম্পাদনা কৰক]
২০০৩ চনৰ ১৩ আগষ্টত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই ৰোগাক্ৰান্ত হৈ নশ্বৰ দেহ ত্যাগ কৰে।
সাহিত্যকৰ্ম[সম্পাদনা কৰক]
নাটক[সম্পাদনা কৰক]
|
চুটি গল্প[সম্পাদনা কৰক]তেখেতৰ চুটি গল্প সংকলন কেইখন হ'ল
|
উপন্যাস[সম্পাদনা কৰক]
আত্মজীৱনী[সম্পাদনা কৰক]
চিন্তামূলক গ্ৰন্থ[সম্পাদনা কৰক]প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)। শিশুসাহিত্য[সম্পাদনা কৰক]
|
চলচ্চিত্ৰ পৰিচালক ৰূপে[সম্পাদনা কৰক]
অসমীয়া চলচ্চিত্ৰৰ পাতনি ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰে হৈছিল। পিছৰ প্ৰায় ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ বেছিখিনিয়েই আছিল তীব্ৰ বাণিজ্যিক ধৰ্মী। (ব্যতিক্ৰম: পদুম বৰুৱাৰ গঙাচিলনীৰ পাখি)। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্চিত্ৰৰ শুভাৰম্ভ কৰে।
সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচ্চিত্ৰপ্ৰেমীৰ মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। 'কালসন্ধ্যা' হিন্দীভাষাত নিৰ্মিত। আটাইকেইখন ছবিয়েই কলাসন্মত ছবি হিচাপে উচ্চ প্ৰসংশিত। 'অগ্নিস্নান'ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। 'কালসন্ধ্যা'ৰ বাহিৰে আন কেইখন ছবিযে় শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা পায়।
ভবেন্দ্ৰনাথ শইকীয়াৰ কেউখন অসমীয়া ছবিয়েই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেখেতৰ ছবিত কথাছবি সুলভ ৰূপকৰ পৰিবৰ্তে সাহিত্যৰ উপাদানৰ পয়োভৰ বেছি বুলি সমালোচকে কয়[4]। সংলাপৰ ওপৰত প্ৰাধান্য দিয়াৰ কাৰণে কিছুমান সমালোচকে তেওঁৰ কথাছবি বৰ বেছি পৰিমাণে সাহিত্যধৰ্মী বুলি অভিযোগ কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ মতে সাহিত্যধৰ্মীতা তেওঁৰ ছবিৰ বিশেষ উপাদান আৰু কিছুসংখ্যক কথাছবি নিৰ্মাণ কৰিব পাৰিলে সাহিত্যধৰ্মী ছবিৰ এটা ধাৰা তেওঁ সৃষ্টি কৰিব পাৰিলেহেঁতেন বুলি তেখেতে নিজে উল্লেখ কৰি গৈছে।[5]
ক্ৰম | বৰ্ষ | কথাছবি | ভাষা | তথ্য |
---|---|---|---|---|
১ | ১৯৭৭ | সন্ধ্যাৰাগ | অসমীয়া | ৰজত কমল বঁটা (১৯৭৭) ১৯৭৮ চনৰ Cannes Film Festivalত প্ৰদৰ্শিত।[6] |
২ | ১৯৮১ | অনিৰ্বাণ | অসমীয়া | ৰজত কমল বঁটা (১৯৮১) |
৩ | ১৯৮৫ | অগ্নিস্নান | অসমীয়া | ৰজত কমল বঁটা (১৯৮৫) |
৪ | ১৯৮৮ | কোলাহল | অসমীয়া | ৰজত কমল বঁটা (১৯৮৮) |
৫ | ১৯৯১ | সাৰথি | অসমীয়া | ৰজত কমল বঁটা (১৯৯২) |
৬ | ১৯৯৩ | আৱৰ্তন | অসমীয়া | ৰজত কমল বঁটা 1(১৯৯৪) |
৭ | ১৯৯৫ | ইতিহাস | অসমীয়া | ৰজত কমল বঁটা (১৯৯৬) |
৮ | ১৯৯৭ | কালসন্ধ্যা | হিন্দী | International Film Festival of India আৰু International Film Festival of India ত প্ৰদৰ্শিত।[6] |
নাট্যকাৰ আৰু পৰিচালক ৰূপে[সম্পাদনা কৰক]
অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত ড॰ শইকীয়া নাট্যকাৰ আৰু পৰিচালক হিচাপে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল, ভ্ৰাম্যমাণৰ বাবে তেখেতে কেইবাখেনা নাটক ৰচনা কৰি গৈছে। বিশেষকৈ আৱাহন থিয়েটাৰ গোষ্ঠীৰ বাবে তেখেতে ৰচনা আৰু পৰিচালনা কৰা নাটসমূহ আজিও জনপ্ৰিয়তাৰ শীৰ্ষত আছে বুলি গণ্য কৰা হয়।
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
ড॰ শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল:
- অসম প্ৰকাশন পৰিষদ বঁটা
- সাহিত্য অকাডেমি বঁটা[7]
- অসম উপত্যকা সাহিত্য বঁটা
- শ্ৰীমন্ত শংকৰদেৱ বঁটা
- পদ্মশ্ৰী বঁটা
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Saikia, Bhabendra Nath (1961). "The structure, aggregation and melting of metal and other films condensed from vapour". Imperial College London. http://hdl.handle.net/10044/1/13521। আহৰণ কৰা হৈছে: 2 August 2019.
- ↑ বৰা, ঈশান জ্যোতি (১-১৫এপ্ৰিল, ২০১৯). "ড॰ ভবেন্দ্ৰ নাথ শইকীয়াছাৰৰ ছদ্মনাম". প্ৰান্তিক (গুৱাহাটী: প্ৰদীপ বৰুৱা): ৯.
- ↑ 3.0 3.1 দত্ত, উৎপল (২০ ফেব্ৰুৱাৰী, ২০১৭). ড॰ ভবেন্দ্ৰ নাথ শইকীয়া-ছয় দশকৰ গদ্য. জ্যোতি প্ৰকাশন.
- ↑ অপূৰ্ব শৰ্মা; চলচ্চিত্ৰ সমালোচনা আৰু সন্ধ্যাৰাগ, মূল কিতাপঃ অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ, প্ৰথম প্ৰকাশঃ ২০০১, পৰিবেশকঃ অন্বেষা, পৃঃ৬৬-৬৭
- ↑ ভিডিঅ': The Reel Life of North East An Interview with Dr. Bhabendra Nath Saikia, উপলব্ধঃ http://www.bhabensaikia.com/Bhaben_Saikia_Interview.htm, তাৰিখঃ ০১-০৩-২০১২
- ↑ 6.0 6.1 "The man and his magic". The Hindu. August 16, 2012. http://www.thehindu.com/arts/cinema/article3779648.ece.
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- ভবেন্দ্ৰ নাথ শইকীয়া সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Farewell to you, maestro
- Complete Works of Dr. Bhabendra Nath Saikia
- Dr. Bhabendra Nath Saikia Children's Welfare Trust
- The Official Bhabendra Nath Saikia forum
|
|
|
|