গিলবাৰ্টছন চাংমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গিলবাৰ্টছন চাংমা
জন্ম অসম
পেচা ক্ৰীড়াবিদ,
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়

গিলবাৰ্টছন চাংমা অসমৰ এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

খেলুৱৈ জীৱন[সম্পাদনা কৰক]

দশম শ্ৰেণীতে শিক্ষা সামৰি গিলবাৰ্টছন চাংমাই ১৯৭১ চনত পুলিচ কনিষ্টবল হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ এই সময়ছোৱাতে তেওঁ অসম পুলিচৰ ফুটবল দলত যোগদান কৰি তেওঁ জনপ্ৰিয় হৈ পৰে৷ তেওঁ ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈ অসম পুলিচ দলৰ অধিনায়ক দায়িত্ব পালন কৰে৷[1]

ৰাষ্ট্ৰীয় পৰ্য্যায়ত[সম্পাদনা কৰক]

১৯৭৩ চনত তেওঁ কেৰালাৰ কোচিত অনুষ্ঠিত ফুটবল টুৰ্ণামেন্টত ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷ পৰৱৰ্ত্তীকালত গিলবাৰ্টছন চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠতে সাতবাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰে৷ তেওঁ ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্ব লয়৷ [1]

তাৰোপৰি গিলবাৰ্টছন চাংমাই অসম পুলিচৰ হৈ বৰদলৈ ট্ৰফী, এ টি পি এ শ্বিল্ড, কেপ্টেইন এন এম গুপ্তা ট্ৰফী লাভ কৰে৷ ১৯৮১ চনৰ তেওঁ সন্তোষ ট্ৰফীৰ চেম্পিয়ন হয়৷

আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত[সম্পাদনা কৰক]

১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে৷[1]

অৱসৰ গ্ৰহণ[সম্পাদনা কৰক]

১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নাগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়৷[1]

তথ্যসুত্ৰ[সম্পাদনা কৰক]