হেমচন্দ্ৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমচন্দ্ৰ বৰুৱা
জন্ম ২৪ আঘোণ ১৮৩৫ চন[1]
দেৰগাঁও
মৃত্যু ১৭ ব'হাগ ১৮৯৬ চন
ৰাষ্ট্ৰীয়তা ভাৰতীয়

হেমচন্দ্ৰ বৰুৱা (ইংৰাজী: Hemchandra Barua; ১৮৩৫-১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক।[2] ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, হেমকোষ অভিধানৰ প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয়।[3] হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক (১০ ডিচেম্বৰ) ২০০৫ চনৰ পৰা 'অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস' হিচাপে ইলোৰা বিজ্ঞান মঞ্চই পালন কৰি আহিছে।[4]

জন্ম[সম্পাদনা কৰক]

১৮৩৫ চনৰ ১০ ডিচেম্বৰত অসমৰ ঐতিহাসিক দেৰগাঁৱৰ ৰজাবাহৰত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী। মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল। হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জ্যেষ্ঠ সন্তান আছিল।[5]

শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন[সম্পাদনা কৰক]

হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত। দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে ব্যাকৰণো পঢ়ুৱাইছিল। ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিৎসাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।[6] ফলত তেওঁ শিৱসাগৰলৈ গৈ খুৰাক লক্ষ্মীৰাম বৰুৱাৰ ঘৰত থাকিবলগীয়া হয়। কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে। তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি টকা[5] য'ত তেও কেপ্তেইন ব্ৰডীৰ সংস্পশলৈ আহে,যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটী কমিচনাৰ আছিল। কেপ্তেইন ব্ৰডীয়ে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষা আৰু সংস্কৃতিৰ জ্ঞান দিছিল।

নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেখেতে সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল।

বিবাহ[সম্পাদনা কৰক]

১৮৫২ চনত তেখেতে বিয়া কৰাইছিল। এবছৰৰ পাছতে এজনী কন্যা সন্তান জন্ম লাভ কৰে। জীয়েকৰ নাম পদ্মাৱতী ৰাখিছিল। বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে অকাল মৃত্যুক সাৱটি লয়।[5]

কৰ্ম জীৱন[সম্পাদনা কৰক]

  • গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান।
  • শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান।
  • পুনৰ ৰাজহ বিভাগৰ চাকৰিত যোগদান। (১৮৬২ চনলৈকে)
  • গুৱাহাটীত ন্যায়িক আদালতৰ ভাষা অনুবাদক (কাকতী) হিচাপে যোগদান।
  • অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ।
  • কামৰূপৰ উপায়ুক্ত কাৰ্যালয়ত এবছৰ অনুবাদক পদত যোগদান।
  • ন্যায়িক আয়ুক্ত চাহাবৰ কাৰ্যালয়ত পুনৰ যোগদান।
  • কিছুকাল 'আছাম নিউজ' কাকতৰ সম্পাদক।

এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদ‍ই সংবাদ পত্ৰৰ লগতো জড়িত হৈ আছিল। ১৮৯৬ চন(১৮১৮ শক)ৰ ১৭ ব'হাগ তাৰিখে তেখেতৰ মৃত্যু হয়।

প্ৰকাশিত পুথি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস". https://prathamkhabar.com/2017/12/%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A7%B0-%E0%A6%93%E0%A6%9C%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1/। আহৰণ কৰা হৈছে: 39 April 2020. 
  2. http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লিখিত তথ্য
  3. 3.0 3.1 নবীন চন্দ্ৰ লহকৰ (২০১২). অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা. অকণিৰ সাহিত্য সভা. পৃষ্ঠা. ৩. 
  4. মঙলদৈত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন
  5. 5.0 5.1 5.2 5.3 5.4 5.5 গগণ চন্দ্ৰ অধিকাৰী (১০ ডিচেম্বৰ, ২০১১ (শনিবাৰ)). ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা. পৃষ্ঠা. ৪. 
  6. http://www.iitg.ernet.in/rcilts/phaseI/hem_b.html RCILTS, IIT, Guwahati ত হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে থকা তথ্য

বাহ্যিক সংযোগ[সম্পাদনা কৰক]