হেমন্ত দত্ত
হেমন্ত দত্ত | |
---|---|
![]() | |
জন্ম | হেমন্ত দত্ত ১৯৪১ খাৰুপেটীয়া, দৰং জিলা, অসম |
পেচা | অভিনেতা, নাট্যকাৰ, গীতিকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখযোগ্য বঁটা | ভবেন বৰুৱা বঁটা ভবেন্দ্ৰ নাথ শইকীয়া বঁটা |
হেমন্ত দত্ত এগৰাকী অসমীয়া নাট্যকাৰ, গীতিকাৰ অভিনেতা আৰু পৰিচালক। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা হেমন্ত দত্তই এশৰো অধিক নাট আৰু পাঁচশৰো অধিক গীত ৰচনা কৰিছে।[1][2]
চমু জীৱনী[সম্পাদনা কৰক]
১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত হেমন্ত দত্তৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত। তেওঁ পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল। স্কুলীয়া শিক্ষা মঙলদৈত লাভ কৰা দত্তই ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰে।
অভিনয়[সম্পাদনা কৰক]
মঙলদৈত থাকোঁতে অগ্ৰজসকলৰ নাট্যাভিনয় দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৃষ্ট হয়। মঙলদৈত পঢ়ি থকা কালত অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ ৰচনা কৰা নাট এখনত অভিনয় কৰিবলগীয়া অভিনেতাজনৰ বেমাৰ হোৱাত তেঁৱেই নায়কৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া হয়। ইয়াৰ পিছত তেওঁ শেৱালি, অনিৰ্বাণ, মন-মন্দিৰ, বাৰুদ ইত্যাদি ছবিত অভিনয় কৰে। ভ্ৰাম্যমাণৰ নাটক টাইটানিকত তেওঁ কেপ্টইনৰ চৰিত্ৰতো অভিনয় কৰে।
গীতিকাৰ জীৱন[সম্পাদনা কৰক]
কানৈ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, ভবেশ গোস্বামী, প্ৰিন্স আদি বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে। এই সময়ছোৱাত তেওঁলোকে 'কুইভাৰ্ছ বেণ্ড' নামৰ এক সাংস্কৃতিক গোষ্ঠী গঠন কৰে। তেওঁ লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড়ৰ 'ইণ্ডিয়া ক্লাব'ত পৰিবেশন কৰে। ১৯৭৭ চনত নতুন আশা চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেচাগত ভাবে গীত ৰচনা কৰিবলৈ ধৰে। প্ৰায় পাঁচশতকৈও অধিক গীত ৰচনা কৰা দত্তৰ মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি গীত বহুলভাৱে জনপ্ৰিয় হয়। জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদি কণ্ঠশিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে। তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰে। পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ বন্ধ কৰিব হাত, বন্ধ কৰিব মাত গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয়।[3]
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
- ভবেন বৰুৱা বঁটা (২০১৭)[1]
- ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮-১৯)
- মুন লাইট মিডিয়া বঁটা
- অসম নাট্য সন্মিলনী বঁটা
- অতুল চন্দ্ৰ হাজৰিকা বঁটা
- নাট্য সিন্ধু বঁটা
- গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮)
উল্লেখযোগ্য নাট[সম্পাদনা কৰক]
- এটা নষ্ট ল'ৰাৰ গল্প
- পথ
- টাইটানিক
- সেন্দূৰ
- আকাশৰ দৰে মন
- মুক্তি
- চক্ৰবেহু
- জেতুকা পাতৰ ৰং
উল্লেখযোগ্য গীত[সম্পাদনা কৰক]
গীত | গায়ক | টোকা |
---|---|---|
মই যি বাটেৰে ওলালো আজি | জয়ন্ত হাজৰিকা | জয়ন্ত হাজৰিকাৰ বাবে লিখা প্ৰথম গীত |
সময় গতিশীল | জয়ন্ত হাজৰিকা | - |
তুমি আহিছিলা চেনাই | চাৰু গোহাঁই | - |
বুকু দুৰু দুৰু | জুবিন গাৰ্গ | যৌৱনে আমনি কৰে ছবিৰ ৰ্গীত জুবিন গাৰ্গে বোলছবিত গোৱা প্ৰথম গীত |
নহ'লে পৰিচয় হিয়াৰে | জুবিন গাৰ্গ | হিয়া দিয়া নিয়া বোলছবিৰ গীত |
হিয়াৰ মৰম মুকুতা হৈ | ৰিদিপ দত্ত | - |
এই আকাশ বৰ বিশাল | জয়ন্ত হাজৰিকা | - |
গছে বনে সেউজীয়া | ঋতুপৰ্ণ শৰ্মা | |
নায়ক হ'ব খুজি | জুবিন গাৰ্গ | নায়ক বোলছবিৰ গীত |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "Bhaben Baruah Award, 2017 conferred on Hemanta Dutta". assamtribune.com. 2017-09-05. http://www.assamtribune.com/scripts/detailsnew.asp?id=sep0517/state050। আহৰণ কৰা হৈছে: 2018-12-07.
- ↑ "Kohinoor Theatre bags Best Popular Theatre Group Award: Aditi Sharma Life Time Achievement Award to writer and lyricist Hemanta Dutta.". guwahatiplus.com. 2018-06-22. http://www.guwahatiplus.com/daily-news/kohinoor-theatre-bags-best-popular-theatre-group-award। আহৰণ কৰা হৈছে: 2018-12-07.
- ↑ "Musical Minds". https://www.enajori.com/?page_id=382। আহৰণ কৰা হৈছে: 22 May 2020.