উপপথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উপপথ
Upapath Assamese film.jpg
উপপথৰ এটা গীতৰ দৃশ্যত বিজু ফুকন আৰু মৃদুলা বৰুৱা
পৰিচালক হেমন্ত দত্ত
কাহিনী নাট্যসম্ৰাট প্ৰফুল্ল বৰা।
প্ৰযোজক ইউনাইটেড চলচ্চিত্ৰ প্ৰডাকচন
মুখ্য প্ৰযোজক প্ৰমোদ বৰুৱা
অভিনয়ত বিজু ফুকন
মৃদুলা বৰুৱা
চিত্ৰগ্ৰহণকাৰী বেণু সেন, ইন্দুকল্প হাজৰিকা, পৰেশ বৰুৱা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক মনীষা হাজৰিকা
মুক্তি
১৯৮০
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

উপপথ (ইংৰাজী: Upapath) ১৯৮০ চনত মুক্তিপ্ৰাপ্ত, বিশ্বনাথ চাৰিআলিৰ ইউনাইটেড চলচ্চিত্ৰ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হেমন্ত দত্ত পৰিচালিত এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ মুখ্য প্ৰযোজক প্ৰমোদ বৰুৱা। প্ৰফুল্ল বৰাৰ একেনামৰ মঞ্চনাটৰ আলমত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে। ছবিৰ মুখ্য ভূমিকাত আছে বিজু ফুকন, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱা[1] উপপথ মৃদুলা বৰুৱাৰ প্ৰথম অভিনীত ছবি। অৱশ্যে তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি উপপথ নহয়, মৰমীহে (১৯৭৮)।[2]

ছবিৰ নায়ক ইন্দ্ৰনীলে তেওঁৰ নবতম উপন্যাস উপপথৰ ৰচনাৰ কাম কৰিবলৈ গুৱাহাটীলৈ আহে। বস্তি জীৱনৰ আধাৰত ৰচনা কৰিবলগীয়া উপন্যাসখনৰ বাবে প্ৰত্যক্ষ অভিজ্ঞতা অৰ্জন কৰিবলৈ তেওঁ বস্তি অঞ্চলতে এটা কোঠা ভাৰা কৰি থাকিবলৈ লয়। তাতেই তেওঁ সন্মুখীন বিভিন্ন বিচিত্ৰ চৰিত্ৰৰ।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

সঙ্গীত[সম্পাদনা কৰক]

জয়ন্ত হাজৰিকাৰ সুৰৰ ভিত্তিত উপপথৰ সংগীত পৰিচালনা কৰিছিল মনীষা হাজৰিকাই। গীত লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈ আৰু হেমন্ত দত্তই।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "শুন হেৰ’ ৰূপহী বিজুলী, তই জানো নাশিব পাৰিবি"  হেমন্ত দত্তসমৰ হাজৰিকা  
2. "জ্বলালো নিতে মই আশাভৰা সাজৰ চাকিযে পোহৰ বিচাৰি হায়, তথাপি পোহৰ নাই"  হেমন্ত দত্তমনীষা হাজৰিকা  
3. "নদী তোৰে বুকুতে কত সোঁত আছে গুপুতে- নিচিনো নাজানো"  নিৰ্মলপ্ৰভা বৰদলৈসমৰ হাজৰিকা, মনীষা হাজৰিকা  
4. "ফাকুৰে দিন আহা আহা, ৰঙৰে দিন আহা আহা, ফাকু খেলো আহা দুহাততে লৈ"  নিৰ্মলপ্ৰভা বৰদলৈসমৰ হাজৰিকা, বনশ্ৰী সেনগুপ্ত  

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Upapath in Maxplayer. maxplayer.in. 
  2. "Mridula Barooah". It's My North-East. http://itsmynortheast.com/2012/06/mridula-barooah/। আহৰণ কৰা হৈছে: ২২ জানুৱাৰী, ২০১৩. 
  3. Das, Babul (1985). পঞ্চাশ বছৰৰ অসমীয়া বোলছবি গীতৰ সংকলন. Bani Mandir, Dibrugarh, Assam, India. পৃষ্ঠা. 345.