তপন দাস
তপন দাস | |
---|---|
![]() দীনবন্ধুৰ এটি দৃশ্যত তপন দাস | |
জন্ম | ১১ জানুৱাৰী, ১৯৬২ গুৱাহাটী, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | অসম অভিযান্ত্ৰিক মহাবিদ্যালয় |
পেচা | অভিনেতা, লেখক |
জনা যায় | অভিনয় |
তপন দাস (ইংৰাজী: Tapan Das) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক।[1]
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
![]() | অনুগ্ৰহ কৰি এই অংশটো বহলাই লিখক। |
তপন দাসৰ জন্ম হৈছিল ১৯৬২চনৰ ১১ জানুৱাৰীত।[2]
কৰ্মজীৱন[সম্পাদনা কৰক]
হাইস্কুলত পঢ়ি থকাৰ সময়তে তপন দাস প্ৰথমে মঞ্চ অভিনয়ৰ লগত জড়িত হয়। গুৱাহাটীৰ মঞ্চত অভিনয় কৰি জনপ্ৰিয় হোৱা তপন দাসে প্ৰথমে অভিনয় কৰে পুলক গগৈ পৰিচালিত 'সেন্দূৰ' বোলছবিত। বৰ্তমানলৈ কমেও ২০খন বোলছবিত তপন দাসে অভিনয় কৰিছে।[3]
বোলছবিৰ বাহিৰেও তপন দাসে কহিনুৰ, বৰদৈচিলা, শকুন্তলা থিয়েটাৰত ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰিছে। ভ্ৰাম্যমাণৰ মঞ্চত অভিনয়ৰ উপৰি হেঙুল আৰু ওপৰত উল্লিখিত থিয়েটাৰ সমূহত নাট পৰিচালনাও কৰিছে।[2] ২০১১ বৰ্ষত তপন দাসে ৰাজতিলক থিয়েটাৰত অভিনয় কৰে। তাৰ পিছত তেখেতে থিয়েটাৰ সূৰ্য্যৰ সৈতে জড়িত হৈ পৰে।
তপন দাসে বিস্ময় আলোচনীৰ পাতত প্ৰথমে চুটি গল্প লিখিবলৈ আৰম্ভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
তপন দাসে আবৃত্তিকাৰ হিচাপেও সুখ্যাতি অৰ্জন কৰিছে। তপন দাসৰ দ্বাৰা আবৃত্তি কৰা নীলিম কুমাৰৰ কবিতাই এটা সময়ত প্ৰভুত পৰিমাণে জনপ্ৰিয়তা অৰ্জন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
অভিনীত ছবি[সম্পাদনা কৰক]
|
|
|
প্ৰকাশিত গল্পপুথি[সম্পাদনা কৰক]
স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]
- ৰূপকাৰ বঁটা (২০১২)[3][4]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "অভিনেতা তপন দাসলৈ ৰূপকাৰ বঁটা ২০১২", সাদিন, ৬ জানুৱাৰী ২০১২
- ↑ 2.0 2.1 "About Tapan Das". Rupaliparda.com. http://www.rupaliparda.com/english/who's-who/tapandas.htm। আহৰণ কৰা হৈছে: 2013-03-24.
- ↑ 3.0 3.1 TI Trade (2012-01-06). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=jan0612/city06। আহৰণ কৰা হৈছে: 2013-03-24.
- ↑ 4.0 4.1 4.2 "The Sentinel". Sentinelassam.com. http://www.sentinelassam.com/ghy_city/story.php?sec=2&subsec=4&id=102792&dtP=2012-01-06&ppr=1। আহৰণ কৰা হৈছে: 2013-03-24.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- তপন দাস সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|