সমললৈ যাওক

প্ৰস্তুতি পৰাশৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰস্তুতি পৰাশৰ

প্ৰস্তুতি পৰাশৰ
জন্ম ১৫ ডিচেম্বৰ, ১৯৮১ (৪৪ বছৰ)
মালৌ আলি, যোৰহাট,অসম
নাগৰিকত্ব ভাৰত ভাৰতীয়
শিক্ষা জগন্নাথ বৰুৱা মহাবিদ্যালয়
পেচা অভিনেত্ৰী
ধৰ্ম হিন্দু ধৰ্ম
পিতৃ-মাতৃ বিজয় চন্দ্ৰ শৰ্মা (পিতৃ) বিজয়া শৰ্মা (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ অভিনেত্ৰী (ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪, ২০০১-০২ বৰ্ষ)

প্ৰস্তুতি পৰাশৰ (ইংৰাজী: Prastuti Porasor) অসমীয়া চলচ্চিত্ৰ জগত, দূৰদৰ্শন আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ উল্লেখযোগ্য অভিনেত্ৰী[1] তেওঁ অসমীয়া ভাষাৰ কেইবাখনো বোলছবিত অভিনয় কৰিছে।[2]

২০০১-০২ বৰ্ষত প্ৰস্তুতি পৰাশৰে গুণ গুণ গানে গানে বোলছবিখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০০৮-০৯ বৰ্ষত মুনলাইট এৱাৰ্ডছৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈও তেওঁ মনোনীত হৈছিল।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

প্ৰস্তুতি পৰাশৰৰ জন্ম হয় যোৰহাটৰ মালৌ আলিত।[3] পিতৃৰ নাম বিজয় চন্দ্ৰ শৰ্মা।[3] তেওঁ স্কুলীয়া শিক্ষা যোৰহাট বাল্য ভৱনত গ্ৰহণ কৰিছিল। তাৰ পিছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।[3]

অভিনয় জীৱন

[সম্পাদনা কৰক]

প্ৰায় পাঁচ বছৰ বয়সতে বৰ্ণালী নামৰ দূৰদৰ্শনৰ ছিৰিয়েল এখনত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।[4] প্ৰস্তুতি পৰাশৰে অভিনয় কৰা প্ৰথম বোলছবি খনৰ নাম হৈছে মহাৰথী

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০০১-০২ বৰ্ষত গুণ গুণ গানে গানেৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৪ৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
  • ২০০৮-০৯ বৰ্ষৰ মুনলাইট এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানলৈ মনোনয়ন লাভ কৰিছিল।[5]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰপৰিচালক
১৯৯৯মহাৰথীবাণী দাস
২০০০তুমি মোৰ মাথোঁ মোৰজুবিন গাৰ্গ
২০০০আছেনে কোনোবা হিয়াতবাহাৰুল ইছলাম
২০০১এই মৰম তোমাৰ বাবেতৌফিক ৰহমান
২০০২গুণ গুণ গানে গানেবিদ্যুৎ চক্ৰৱৰ্তী
২০০২প্ৰিয়া অ’ প্ৰিয়াঅঞ্জন কলিতা
২০০২জখমমুন্না আহমেদ
২০০২প্ৰেম আৰু প্ৰেমশম্ভু গুপ্তা
২০০২জীৱন নদীৰ দুটি পাৰমুন্না আহমেদ
২০০৩এয়াই জোনাকবিহীন জীৱনমুন্না আহমেদ
২০০৩জুমন সুমনমহিবুল হক
২০০৪হৃদয় কঁপোৱা গানজয়ন্ত নাথ
২০০৪বাৰুদমুনিন বৰুৱা
২০০৪ৰংমুনিন বৰুৱা
২০০৪দীনবন্ধুমুনিন বৰুৱা
২০০৫চুৰেন চোৰৰ পুতেকচন্দ্ৰ মুদৈ
২০১১ৰামধেনুমুনিন বৰুৱা
২০১২মী এণ্ড মাই ছিষ্টাৰৰাজেশ ভূঞা
২০১৫অহেতুকবাণী দাস
২০১৫তেজ[6]ভাস্কৰ উপাধ্যায়
২০১৬দূৰদৰ্শন...এটি যন্ত্ৰৰাজেশ ভূঞা
২০১৬পাগলীৰূপজ্যোতি বৰা
২০১৭মৃগনাভিহেমেন দাস
২০২২গংগামণি সিনহা
২০২৪প্ৰতিশ্ৰুতিকিশোৰ তহবিলদাৰ

দূৰদৰ্শন

[সম্পাদনা কৰক]

প্ৰস্তুতি পৰাশৰে দূৰদৰ্শনৰ কেইবাখনো ছিৰিয়েলটো অভিনয় কৰিছে।[4]

  • বৰ্ণালী
  • নিশাৰ নায়ক
  • চক্ৰবেহু
  • মহানগৰ
  • মেজৰ চাহাব
  • জোনাকত শিহৰণ
  • বিন্দাছ

প্ৰস্তুতি পৰাশৰে প্ৰায় ৩০-৩৫খন মান নাটকত অভিনয় কৰিছে।[4] ইয়াৰ উপৰিও তেওঁ ভ্ৰাম্যমাণ জগতৰ এগৰাকী উল্লেখযোগ্য অভিনেত্ৰী। তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাটক হৈছে: ৰূপালীম, নিমাতী কইনা, আশংকাৰ দিন ৰাতি, সপোনৰ বৃন্দাবন, অষ্টৰাগ ইত্যাদি।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Pre-Christmas cake festival under way". The Assam Tribune. http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2211/city07 আহৰণ কৰা হৈছে: 3 May 2012.[সংযোগবিহীন উৎস]
  2. "সাক্ষাৎকাৰ: ‘মহাৰাণী’খ্যাত বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ সৈতে এক অন্তৰংগ আলাপ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য". সাক্ষাৎকাৰ. ফটাঢোল. ১ আগষ্ট, ২০১৮. https://fotadhol.com/?p=5351 আহৰণ কৰা হৈছে: 24 মে' 2024.[সংযোগবিহীন উৎস]
  3. 1 2 3 "প্ৰস্তুতি পৰাশৰৰ বিষয়ে". http://www.rupaliparda.com/english/who's-who/prastuti.htm আহৰণ কৰা হৈছে: November 03, 2012.
  4. 1 2 3 4 "প্ৰস্তুতি পৰাশৰৰ চলচ্চিত্ৰপঞ্জী". http://www.rupaliparda.com/english/who's-who/prastuti.htm আহৰণ কৰা হৈছে: November 03, 2012.
  5. "Moonlight awards". The Assam Tribune. http://assamtribune.com/mar1309/rv.html আহৰণ কৰা হৈছে: 3 May 2012.[সংযোগবিহীন উৎস]
  6. "Assamese film Tez to be screened at Cannes". assamtribune.com. 16 September 2016. Archived from the original on 16 September 2016. https://web.archive.org/web/20160916232629/http://www.assamtribune.com/scripts/detailsnew.asp?id=may0316%2Fcity051 আহৰণ কৰা হৈছে: 16 September 2016.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]