মহেশ্বৰ বসুমতাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহেশ্বৰ বসুমতাৰী
জন্ম বড়োলেণ্ড
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা জন্তুৰ তত্ত্বাবধায়ক
জনা যায় অসমৰ বন্যকৰ্মী

মহেশ্বৰ বসুমতাৰী অসমৰ এগৰাকী প্ৰকৃতিবিদ। বৰ্তমান তেওঁ ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wildlife Trust of India)ৰ 'International Fund for Animal Welfare'ৰ মানাহৰ সংৰক্ষণ প্ৰকল্প (Greater Manas Conservation Project)ত জন্তুৰ তত্ত্বাবধায়ক (animal keeper) হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। বন্যপ্ৰাণীৰ সুৰক্ষা তথা যত্নত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ 'Sanctuary Asia' নামৰ বন্যপ্ৰাণী সম্পৰ্কীয় আলোচনীখনে আগবঢ়োৱা ২০১৩ বৰ্ষৰ 'Wildlife Service' বঁটা লাভ কৰিছে।[1][2] প্ৰতিকূল পৰিৱেশতো ধৈৰ্য্য ধৰি উপস্থিত বুদ্ধিৰে সঠিক সিদ্ধান্ত ল'ব পৰাৰ বাবে মহেশ্বৰ বসুমতাৰী 'অনটাই' (Ontai) নামেৰে প্ৰখ্যাত। বড়ো ভাষাত এই অনটাই শব্দৰ অৰ্থ হ'ল শিল।[3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মহেশ্বৰ বসুমতাৰীৰ জন্ম হয় বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্ভুক্ত অঞ্চলত। শৈশৱৰে পৰা অঞ্চলটোৰ ৰাজনৈতিক অস্থিৰতাৰ মাজত জীৱন অতিবাহিত কৰিব লগীয়া হোৱাত তেওঁৰ শিক্ষা অৰ্ধসমাপ্ত হৈ ৰয়।[2] উনৈশ বছৰ বয়সতে মহেশ্বৰ বসুমতাৰী বিবাহ পাশত আবদ্ধ হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

জীৱন-নিৰ্বাহৰ বাবে মহেশ্বৰ বসুমতাৰীয়ে প্ৰথমে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যত চোৰাংচিকাৰীৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিবলৈ লয়।[3] কিন্তু পৰৱৰ্ত্তী কালত এই অসৎ উপাৰ্জনৰ বাবে অনুতপ্ত হৈ তেওঁ ২০০৫ চনত অসমৰ বনবিভাগৰ ওচৰত আত্মসমৰ্পণ কৰে।[4] ইয়াৰ পিছতে তেওঁ সেইসময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জৈববৈচিত্ৰ্য সংৰক্ষণৰ অৰ্থে মানাহৰ আশে পাশে গঢ়ি উঠা সম্প্ৰদায় ভিত্তিৰ সংগঠন (Community-based Organisation) ত যোগ দিয়াৰ সিদ্ধান্ত লয়। তেওঁ মানাহৰ কচুগাঁৱৰ গ্ৰীণ ফৰেষ্ট কনজাৰভেশ্যন' (Green Forest Conservation) নামৰ সংগঠনৰ সংৰক্ষণ সম্পৰ্কীয় কাৰ্য্যকলাপত অংশগ্ৰহণ কৰিবলৈ লয়।[5]

২০০৯ চনত মহেশ্বৰ বসুমতাৰীয়ে ৱাইল্ডলাইফ ট্ৰাষ্ট অব ইণ্ডিয়া (WTI) ৰ ‘Centre for Wildlife Rehabilitation and Conservation (CWRC)’ ত যোগ দি মাউৰা গোধাফুটুকী বাঘৰ সংস্থাপনত তেওঁ অৱদান আগবঢ়ায়।[6] এই অৱদানৰ বাবে National Geographic ৰ ‘The Return of the Clouded Leopards’ নামৰ তথ্যচিত্ৰখনতো মহেশ্বৰ বসুমতাৰীৰ কাহীনী প্ৰচাৰিত হয়।[3] তদুপৰি তেওঁ অসমৰ বনবিভাগৰ হৈ স্থানীয় চোৰাংচিকাৰী সকলক অস্ত্ৰ পৰিত্যাগ কৰি বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰত্যয় জন্মাবলৈও চেষ্টা কৰি আহিছে।

তেওঁ অসমৰ বন বিভাগৰ হৈ গৱেষকসকলৰ সৈতে হাতী আৰু সোণালী বান্দৰৰ জৰীপ কৰা কামতো সহায় কৰিছে।[6] শেহতীয়াকৈ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ Sanctuary Asia নামৰ বন্যপ্ৰাণী সম্পৰ্কীয় আলোচনীখনৰ Earth Hero সকলৰ মাজত স্থান পাইছে। মহেশ্বৰ বসুমতাৰীয়ে এই আলোচনীখনে আগবঢ়োৱা ২০১৩ বৰ্ষৰ Wildlife Service বঁটা লাভ কৰিছে।[7][1]

বৰ্তমান মহেশ্বৰ বসুমতাৰীয়ে ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wildlife Trust of India)ৰ 'International Fund for Animal Welfare' ৰ মানাহৰ সংৰক্ষণ প্ৰকল্প (Greater Manas Conservation Project)ৰ অধীনত মাউৰা গঁড়ৰ পোৱালিৰ চোৱা-চিতা কৰা কামত জড়িত হৈ আছে।[3]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • Sanctuary Asia নামৰ বন্যপ্ৰাণী সম্পৰ্কীয় আলোচনীৰ ২০১৩ বৰ্ষৰ Wildlife Service বঁটা[7][1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Business Standard ত প্ৰকাশিত বাতৰি". ৬ ডিচেম্বৰ, ২০১৩. http://www.business-standard.com/article/pti-stories/assam-animal-keeper-awarded-sanctuary-asia-wildlife-service-113120600457_1.html। আহৰণ কৰা হৈছে: 6 জানুৱাৰী 2014. 
  2. 2.0 2.1 "The North East Today ত প্ৰকাশিত বাতৰি". ৬ ডিচেম্বৰ, ২০১৩. http://tntmagazine.in/breaking-news/ifaw-wti-animal-keeper-from-manas-gets-wildlife-service-award/। আহৰণ কৰা হৈছে: 6 জানুৱাৰী 2014. 
  3. 3.0 3.1 3.2 3.3 "The Assam Tribune ত প্ৰকাশিত বাতৰি". Archived from the original on 2013-12-11. https://web.archive.org/web/20131211124326/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec0613/at0412। আহৰণ কৰা হৈছে: 6 জানুৱাৰী 2014. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2015-09-19. https://web.archive.org/web/20150919203740/http://www.wti.org.in/MemberDetails.aspx?MemberId=80। আহৰণ কৰা হৈছে: 2014-01-06. 
  5. "আৰ্কাইভ কপি". Archived from the original on 2015-09-19. https://web.archive.org/web/20150919202016/http://www.wti.org.in/NewsDetails.aspx?NewsId=1130। আহৰণ কৰা হৈছে: 2014-01-06. 
  6. 6.0 6.1 "Sanctuary Asia ত প্ৰকাশিত বাতৰি". জানুৱাৰী, ২০১৪. Archived from the original on 2014-07-25. https://web.archive.org/web/20140725223629/http://www.sanctuaryasia.com/people/earth-heroes/9648-maheswar-basumatary-ontai.html। আহৰণ কৰা হৈছে: 6 জানুৱাৰী 2014. 
  7. 7.0 7.1 "Assam Times ত প্ৰকাশিত বাতৰি". ৬ ডিচেম্বৰ, ২০১৩. http://www.assamtimes.org/node/9119। আহৰণ কৰা হৈছে: 6 জানুৱাৰী 2014.