সমললৈ যাওক

প্ৰতিমা বৰুৱা পাণ্ডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰতিমা বৰুৱা পাণ্ডে
গুৱাহাটীৰ চান্দমাৰীত অৱস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ মূৰ্তি
গুৱাহাটীৰ চান্দমাৰীত অৱস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ মূৰ্তি
পৃষ্ঠভূমি
সংগীতৰ ধৰণ লোক সংগীত আৰু স্থানীয় বোলছবিৰ পাৰ্শ্ব সংগীত
পেচা গায়িকা

প্ৰতিমা বৰুৱা পাণ্ডে (৩ অক্টোবৰ ১৯৩৪ — ২৭ ডিচেম্বৰ ২০০২) আছিল অসমৰ এগৰাকী লোক-সংগীতৰ শিল্পী।[1] তেখেত ধুবুৰীগৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল। ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ "এৰা বাটৰ সুৰ" চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতত খোজ পেলায়।[2] গোৱালপৰীয়া লোকগীতলৈ অৱদানৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৪ চনৰ ৩ অক্টোবৰত কলিকতাৰ বালিগঞ্জৰ চাৰকুলাৰ ৰোডস্থিত নিজা বাসভৱনত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হয়। মহালয়াৰ দিনা জন্ম হোৱাৰ বাবে ককাদেউতাক প্ৰভাত চন্দ্ৰ বৰুৱাই নাতিনীয়েকৰ নাম প্ৰতিমা ৰাখে।। পিতৃ আছিল প্ৰকৃতিশ বৰুৱা আৰু মাতৃ মালতী বৰুৱা। প্ৰকৃতিশচন্দ্ৰ বৰুৱা আছিল বিখ্যাত হাতী চিকাৰী আৰু প্ৰজাগণৰ মাজত লালজী নামেৰে খ্যাত আছিল।'দেৱদাস' খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল প্ৰতিমা পাণ্ডেৰ খুৰাক। গৌৰীপুৰত ঘৰুৱা শিক্ষক হিচাপে শ্ৰী ভুৱন চন্দ্ৰ বৰুৱা আৰু নিৰ্মল চন্দ্ৰ ৰায়ৰ তত্ত্বাৱধানত প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯৪৮ চনত গৌৰীপুৰ ছোৱালী এম ই স্কুলৰপৰা ষষ্ঠ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত প্ৰতিমাই কলিকতাগোখলে মেমোৰিয়েল স্কুলত নাম লগাই। [3]তাত তেওঁ ৬০ জনীয়া ছাত্ৰী নিবাসত থাকিবলৈ আৰম কৰে। কলিকতা প্ৰতিমাৰ বাবে সুপৰিচিত আছিল। কিয়নো তেওঁলোকৰ নিজস্ব ঘৰো কলিকতাত আছিল। প্ৰতিমাই প্ৰতি শনিবাৰে কলিকতাৰ সেই ঘৰলৈ গৈছিল। প্ৰমথেশ চন্দ্ৰ বৰুৱা, মাধুৰীলতা বৰুৱাকে ধৰি পৰিয়ালৰ লোকসকল সেই বাসভৱনটোত বাস কৰিছিল। পৰিয়ালটোত প্ৰায়ে গানৰ আখৰা বহিছিল আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই অংশগ্ৰহণ কৰিছিল। গোখলে মেমৰিয়েল স্কূুলত পতা সংগীতৰ প্ৰতিযোগিতাবোৰত প্ৰতিমাই সদায় অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে তেখেতৰ সঙ্গীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল।[3]

শিল্পী জীৱন

[সম্পাদনা কৰক]

১৯৫৭ চনত ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত গুৱাহাটীৰ জজ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডেই ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰে। ১৯৬২ চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত "হস্তীৰ কন্যা", "কেনেহে ৰাধিব তোৰ বিৰহ মন" আৰু "একেবাৰ হৰি বোল মন ৰচনা" গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে।[2] ১৯৭৫ চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি প্ৰতিমা পাণ্ডে এগৰাকী লোকশিল্পীৰূপে প্ৰতিষ্ঠা হোৱাৰ বাট সুগম হয়। ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৬৯ চনত প্ৰতিমা বৰুৱাই উত্তৰ প্ৰদেশৰ পৰা আহি গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা কলেজত ইংৰাজী বিষয়ত প্ৰৱক্তা হিচাপে যোগদান কৰা শ্ৰী গংগাশংকৰ পাণ্ডেৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

কিংবদন্তি ভাৰতীয় লোকগায়িকা প্ৰতিমা বৰুৱা পাণ্ডে ২০০২ চনৰ ২৭ ডিচেম্বৰত অসমগুৱাহাটীৰ জিএন আৰ চি চিকিৎসালয়ত চিকিৎসাধীন হয় আৰু একাধিক অংগ বিকলতা আৰু চেপটিচেমিয়াৰ বাবে শেষ নিশ্বাস ত্যাগ কৰে। [4] [5]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • সংগীত নাটক অকাডেমি বঁটা (১৯৮৯),[6]
  • পদ্মশ্ৰী (১৯৯১),[7]
  • ডি লিট উত্তৰ বংগ বিশ্ববিদ্যালয় (২০০০),
  • অসম শিল্পী দিৱস বঁটা,
  • জয়মতী বঁটা,
  • বিষ্ণুৰাভা বঁটা,
  • অসম নাট্য সমিতি বঁটা,
  • ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰশস্তি পত্ৰ,
  • অব্বাছুদ্দিন মেম'ৰিয়েল বঁটা (কলকাতা)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Legendary folk singer Pratima B Pandey dies". The Times of India, Dec 27, 2002. Archived from the original on 2012-03-15. https://web.archive.org/web/20120315010603/http://articles.timesofindia.indiatimes.com/2002-12-27/news-interviews/27327003_1_folk-singer-national-award আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১.
  2. 1 2 "Pratima Barua Pandey". Enajori.com. Archived from the original on 2013-04-10. https://web.archive.org/web/20130410035234/http://enajori.com/musical-minds/ আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১.
  3. 1 2 "A Tribute to Pratima Barua-Pandey". Archived from the original on 2012-10-31. https://web.archive.org/web/20121031061418/http://www.bipuljyoti.in/music/pratima_barua_pandey.html আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১.
  4. The Times of India https://timesofindia.indiatimes.com Legendary folk singer Pratima B Pandey dies | Hindi Movie News
  5. Telegraph India https://www.telegraphindia.com Pratima laid to eternal rest
  6. AssamInfo.com https://www.assaminfo.com First Assamese Woman to Receive the Sangeet Natak Akademi Award
  7. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 21 July 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]