প্ৰতিমা বৰুৱা পাণ্ডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰতিমা বৰুৱা পাণ্ডে

গুৱাহাটীৰ চান্দমাৰীত অৱস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ মূৰ্তি
প্ৰাথমিক তথ্য
জন্ম ৩ অক্টোবৰ, ১৯৩৫,
কলিকতা
মৃত্যু ২৭ ডিচেম্বৰ, ২০০২ (৬৭ বছৰ)
অসম
সংগীতৰ প্ৰকাৰ লোক সংগীত আৰু স্থানীয় বোলছবিৰ পাৰ্শ্ব সংগীত
পেচা গায়িকা

প্ৰতিমা বৰুৱা পাণ্ডে (৩ অক্টোবৰ ১৯৩৫ — ২৭ ডিচেম্বৰ ২০০২) আছিল অসমৰ এগৰাকী লোক-সংগীতৰ শিল্পী।[1] তেখেত ধুবুৰীগৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল। ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ "এৰা বাটৰ সুৰ" চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতত খোজ পেলায়।[2] গোৱালপৰীয়া লোকগীতলৈ অৱদানৰ বাবে তেখেতে পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৫ চনৰ ৩ অক্টোবৰত কলিকতাত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হয়। পিতৃ আছিল প্ৰকৃতিশ বৰুৱা। 'দেৱদাস' খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল প্ৰতিমা পাণ্ডেৰ খুৰাক। প্ৰথমে কলিকতাৰে 'গোখলে মেম'ৰিয়েল স্কুল'ত আৰু পিছলৈ 'গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়'ত তেখেতে শিক্ষা লাভ কৰে।[3] বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে তেখেতৰ সঙ্গীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল।[3]

শিল্পী জীৱন[সম্পাদনা কৰক]

১৯৫৭ চনত ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত গুৱাহাটীৰ জজ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডেই ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰে। ১৯৬২ চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত "হস্তীৰ কন্যা", "কেনেহে ৰাধিব তোৰ বিৰহ মন" আৰু "একেবাৰ হৰি বোল মন ৰচনা" গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে।[2] ১৯৭৫ চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি প্ৰতিমা পাণ্ডে এগৰাকী লোকশিল্পীৰূপে প্ৰতিষ্ঠা হোৱাৰ বাট সুগম হয়। ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • সংগীত নাটক অকাডেমি বঁটা (১৯৮৯),
  • পদ্মশ্ৰী (১৯৯১),
  • ডি লিট উত্তৰ বংগ বিশ্ববিদ্যালয় (২০০০),
  • অসম শিল্পী দিৱস বঁটা,
  • জয়মতী বঁটা,
  • বিষ্ণুৰাভা বঁটা,
  • অসম নাট্য সমিতি বঁটা,
  • ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰশস্তি পত্ৰ,
  • অব্বাছুদ্দিন মেম'ৰিয়েল বঁটা (কলকাতা)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Legendary folk singer Pratima B Pandey dies". The Times of India, Dec 27, 2002. Archived from the original on 2012-03-15. https://web.archive.org/web/20120315010603/http://articles.timesofindia.indiatimes.com/2002-12-27/news-interviews/27327003_1_folk-singer-national-award। আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১. 
  2. 2.0 2.1 "Pratima Barua Pandey". Enajori.com. Archived from the original on 2013-04-10. https://web.archive.org/web/20130410035234/http://enajori.com/musical-minds/। আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১. 
  3. 3.0 3.1 "A Tribute to Pratima Barua-Pandey". http://www.bipuljyoti.in/music/pratima_barua_pandey.html। আহৰণ কৰা হৈছে: ২৬ ডিচেম্বৰ, ২০১১. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]