গৌৰীপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌৰীপুৰ
—  নগৰ  —
গৌৰীপুৰ is located in Assam
গৌৰীপুৰ
অসমত গৌৰীপুৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°05′N 89°58′E / 26.08°N 89.97°E / 26.08; 89.97স্থানাংক: 26°05′N 89°58′E / 26.08°N 89.97°E / 26.08; 89.97
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ধুবুৰী জিলা
উচ্চতা ২৬ মিটাৰ (৮৫.৩০ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ২৩,৪৭৭ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

গৌৰীপুৰ (IPA: ˈgɑʊrɪˌpʊə or ˈgɔːrɪˌpʊə) (ইংৰাজী: Gauripur) অসমধুবুৰী জিলাত অৱস্থিত এখন সৰু টাউন। মূল টাউনখন গদাধৰ নৈৰ পূবপ্ৰান্তত অৱস্থিত।

ইতিহাস[সম্পাদনা কৰক]

গৌৰীপুৰ অঞ্চলটোৰ স্থাপনৰ সৈতে ইয়াৰ মূল প্ৰতিষ্ঠাতা ৰঙামাটিৰ জমিনদাৰ ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাৰ এটা জনশ্ৰুতি আছে। এদিন, ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাই অৰণ্যত চিকাৰৰ বাবে যাওঁতে কোনো এক ঠাইত এটা ভেকুলীয়ে সাপ ভক্ষণ কৰা দেখিবলৈ পায়। এই অসাধাৰণ ঘটনাটো দেখি তেওঁ এয়া ভগৱান মহামায়াৰ তেওঁৰ প্ৰতি এক গুৰুত্বপূৰ্ণ বাৰ্তা বুলি বিশ্বাস জন্মে। কমসময়ৰ ভিতৰতে তেওঁ সেই অঞ্চলত মহামায়া দেৱীৰ এটা মন্দিৰ প্ৰতিষ্ঠা কৰে আৰু মহামায়াৰ অন্য এটা নাম 'গৌৰী' ৰ বাবে অঞ্চলটোৰ নাম গৌৰীপুৰ ৰাখে। পৰৱৰ্ত্তীকালত তেওঁ আনকি ৰঙামাটিৰ পৰা তেওঁৰ জমিনদাৰী গৌৰীপুৰলৈ স্থানান্তৰ কৰে। [1]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ভৌগোলিকভাৱে গৌৰীপুৰ 26°05′N 89°58′E / 26.08°N 89.97°E / 26.08; 89.97ত অৱস্থিত। [2] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ২৬ মিটাৰ (৮৫ ফুট)।

আন্তঃগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[3] গৌৰীপুৰৰ মুঠ জনসংখ্যা ২৩,৪৭৭ জন। [4] ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। গৌৰীপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৭৫%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৮১% আৰু ৬৯%। গৌৰীপুৰৰ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

গৌৰীপুৰ অঞ্চলটো উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা অন্য অংশৰ সৈতে সংযোজিত হৈ আছে। তদুপৰি এই অঞ্চলৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে।গৌৰীপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰত ৰূপসি বীমান বন্দৰ আছে|এই বিমান বন্দৰখনত ৰূপসিৰ পৰা কলিকতা আৰু গুৱাহাটীলৈ যাবৰ বাবে বিমান উপলব্ধ আছে|

শিক্ষা[সম্পাদনা কৰক]

গৌৰীপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল- বিদ্যালয়-

  • গৌৰীপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • প্ৰমথেস বৰুৱা মহাবিদ্যালয়
  • প্রতাপ চন্দ্র উচ্চতৰ মাধ্যমিক বিদ্যালয়

ৰাজনীতি[সম্পাদনা কৰক]

গৌৰীপুৰ ধুবুৰী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। [5]

উল্লেখযোগ্য ঠাই[সম্পাদনা কৰক]

*গৌৰিপুৰ গণেশ আখৰা মন্দিৰ

*গৌৰিপুৰ ৰাজবাৰী

*গৌৰিপুৰ ৰাজবাৰী হাৱাখানা,মাটিয়াবগ

উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Hai Hastir Kanya" written by Dr. Dhiren Das of Gauripur
  2. Falling Rain Genomics, Inc - Gauripur
  3. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  4. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30. 
  5. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2009-10-05.