গৌৰীপুৰ
গৌৰীপুৰ | |
|---|---|
নগৰ | |
| দেশ | |
| ৰাজ্য | অসম |
| জিলা | ধুবুৰী জিলা |
| উচ্চতা | ২৬ মিটাৰ (৮৫ ফুট) |
| জনসংখ্যা (2001) | |
• মুঠ |
২৩,৪৭৭ |
গৌৰীপুৰ (IPA: ˈgɑʊrɪˌpʊə or ˈgɔːrɪˌpʊə) (ইংৰাজী: Gauripur) অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন সৰু চহৰ। মূল চহৰখন গদাধৰ নৈৰ পূবপ্ৰান্তত অৱস্থিত।
ইতিহাস
[সম্পাদনা কৰক]গৌৰীপুৰ অঞ্চলটোৰ স্থাপনৰ সৈতে ইয়াৰ মূল প্ৰতিষ্ঠাতা ৰঙামাটিৰ জমিদাৰ ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাৰ এটা জনশ্ৰুতি আছে। এদিন ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাই অৰণ্যত চিকাৰৰ বাবে যাওতে কোনো এক ঠাইত এটা ভেকুলীয়ে সাপ ভক্ষণ কৰা দেখিবলৈ পায়। এই অসাধাৰণ ঘটনাটো দেখি তেওঁ এয়া ভগৱান মহামায়াৰ তেওঁৰ প্ৰতি এক গুৰুত্বপূৰ্ণ বাৰ্তা বুলি বিশ্বাস জন্মে। কম সময়ৰ ভিতৰতে তেওঁ সেই অঞ্চলত মহামায়া দেৱীৰ এটা মন্দিৰ প্ৰতিষ্ঠা কৰে আৰু মহামায়াৰ অন্য এটা নাম 'গৌৰী'ৰ বাবে অঞ্চলটোৰ নাম গৌৰীপুৰ ৰাখে। পৰৱৰ্তীকালত তেওঁ ৰঙামাটিৰ পৰা তেওঁৰ জমিদাৰী গৌৰীপুৰলৈ স্থানান্তৰ কৰে।[1] পৰৱৰ্তী সময়ত প্ৰতাপ চন্দ্ৰ বৰুৱাৰ পুত্ৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই গৌৰীপুৰ ঠাইখন এখন আটক ধুনীয়া ঠাইলৈ ৰূপান্তৰ কৰে। সেয়ে প্ৰভাত চন্দ্ৰ বৰুৱাক গৌৰীপুৰৰ আৰ্কিটেকচাৰ বুলি কোৱা হয়।

ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]ভৌগোলিকভাৱে গৌৰীপুৰ 26°05′N 89°58′E / 26.08°N 89.97°Eত অৱস্থিত। [2] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ২৬ মিটাৰ (৮৫ ফুট)।
আন্তঃগাঁথনি
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি,[3] গৌৰীপুৰৰ মুঠ জনসংখ্যা ২৩,৪৭৭ জন।[4] ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। গৌৰীপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৭৫%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৮১% আৰু ৬৯%। গৌৰীপুৰৰ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।
যাতায়াত ব্যৱস্থা
[সম্পাদনা কৰক]গৌৰীপুৰ অঞ্চলটো উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা অন্য অংশৰ সৈতে সংযোজিত হৈ আছে। তদুপৰি এই অঞ্চলৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে। গৌৰীপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰত ৰূপসী বিমান বন্দৰ আছে। এই বিমান বন্দৰটোত ৰূপসীৰ পৰা কলিকতা আৰু গুৱাহাটীলৈ যাবৰ বাবে বিমান উপলব্ধ আছে। ৰে'লপথেৰে ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰীবাহী ৰেলৰ চলাচল আছে।
শিক্ষা
[সম্পাদনা কৰক]গৌৰীপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
- গৌৰীপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়। (ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ বহু বছৰ আগতে এই বিদ্যালয়খন গৌৰীপুৰৰ জমিদাৰী আমোলত ছোৱালী শিক্ষাৰ বিস্তাৰৰ বাবে খোলা হৈছিল। এই বিদ্যালয়খন থকা ঠাইডোখৰত এসময়ত জমিদাৰী আমোলত বাঘৰ পিঞ্জৰা আছিল। সেয়ে স্থানীয় লোকসকলে এতিয়াও এই স্কুলখনক 'বাঘেৰ খাচা' স্কুল বুলি নামকৰন কৰা দেখা যায়।)
- গৌৰীপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- প্ৰমথেশ বৰুৱা মহাবিদ্যালয়
- প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা চমুকৈ পি চি ইনষ্টিটিউট। (
(ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগতে প্ৰভাত চন্দ্ৰ বৰুৱাৰ দেউতাক প্ৰতাপ চন্দ্ৰ বৰুৱাই প্ৰতিষ্ঠা কৰিছিল। পাছলৈ প্ৰভাত চন্দ্ৰ বৰুৱাই হাইস্কুললৈ ৰূপান্তৰিত কৰে আৰু দেউতাকৰ নাম অনুসৰি প্ৰতাপ চন্দ্ৰ বৰুৱা ইনষ্টিটিউট নাম ৰাখে।)
বৰ্তমান বহুতো বেচৰকাৰী বিদ্যালয় গঢ়ি উঠিছে।

ৰাজনীতি
[সম্পাদনা কৰক]গৌৰীপুৰ ধুবুৰী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[5]
উল্লেখযোগ্য ঠাই
[সম্পাদনা কৰক]- গৌৰীপুৰ গণেশ আখৰা মন্দিৰ
- গৌৰীপুৰ ৰাজবাৰী
- গৌৰীপুৰ ৰাজবাৰী হাৱাখানা, মাটিয়াবগ
- মহামায়া মন্দিৰ
- মদনমোহন মন্দিৰ


উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]- প্ৰমথেশ চন্দ্ৰ বৰুৱা, অভিনেতা।
- প্ৰতাপ চন্দ্ৰ বৰুৱা (ৰঙামাটিৰ পৰা গৌৰীপুৰলৈ ৰাজধানী স্থানান্তৰিত কৰে ।)
- ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা (প্ৰতাপ চন্দ্ৰ বৰুৱাৰ পুত্ৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিল গৌৰীপুৰ চহৰৰ মূল স্থাপতবিদ। গৌৰীপুৰৰ ৰাজহাউলি, মাটিয়াবগৰ হাৱাখানা আৰু দুই জীয়ৰী নীহাৰবালা বৰুৱা আৰু নীলিমা বৰুৱাৰ বাবে দুটা ৰাজহাউলি নিৰ্মাণ কৰে।)
- পাৰ্বতী বৰুৱা (ভাৰতৰ প্ৰথম মহিলা হাতী মাউত।)
- প্ৰতিমা বৰুৱা পাণ্ডে, লোকশিল্পী।
- ৰেৱতী মোহন দত্ত চৌধুৰী ওৰফে শীলভদ্ৰ, সাহিত্যিক। বিশিষ্ট সাহিত্যিক ৰেৱতী মোহন দত্ত চৌধুৰীয়ে "মধুপুৰ বহুদুৰ " নামৰ কিতাপখন গৌৰীপুৰৰ ওপৰত ভিত্তি কৰিয়েই লিখিছিল।
- নীলিমা বৰুৱা
- নীহাৰবালা বৰুৱা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "হায় হস্তীৰ কণ্যা", লেখক: ড° ধীৰেন দাস, গৌৰীপুৰ
- ↑ Falling Rain Genomics, Inc - Gauripur
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2009-10-05.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]1.https://pragnews.com/index.php/regional-assamese/gauripur-rajbari-durga-puja