কামেশ্বৰ ব্ৰহ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামেশ্বৰ ব্ৰহ্ম
জন্ম ১ ছেপ্টেম্বৰ, ১৯৪০ (৮৩ বছৰ)
ভুমুকা গাঁও, কোকৰাঝাৰ জিলা, অসম
পেচা সাহিত্যিক
শিক্ষাবিদ
জনা যায় বড়ো সাহিত্য
পিতৃ-মাতৃ তৰামণি ব্ৰহ্ম (পিতৃ)
সনথি ব্ৰহ্ম (মাতৃ)
আত্মীয়-স্বজন বিনেশ্বৰ ব্ৰহ্ম (ভাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০১৬

ড॰ কামেশ্বৰ ব্ৰহ্ম (জন্ম: ১ ছেপ্টেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল।[1] তেওঁ অসমৰ গোঁসাইগাঁও মহাবিদ্যালয়ৰ প্ৰাপ্তন অধ্যক্ষ আছিল।[2] ১৯৪০ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে অসমৰ কোকৰাঝাৰ জিলাৰ ভুমুকা গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁ নিজৰ লিখনি আৰু কাম-কাজৰ জৰিয়তে বড়ো ভাষাৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল।[3] তেওঁ অসম সাহিত্য সভাৰ লগতো জড়িত আছিল।[4] তেওঁ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ আছে।[5] ২০১৬ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[6] পদ্মশ্ৰী লাভ কৰা তেওঁ দ্বিতীয় গৰাকী বড়ো ব্যক্তি।[3] বিখ্যাত বড়ো সাহিত্যিক তথা বড়ো সাহিত্য সভাৰ প্ৰাপ্তন সভাপতি বিনেশ্বৰ ব্ৰহ্ম তেওঁৰ জ্যেষ্ঠ ভাতৃ।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]