সমললৈ যাওক

ৰবি কান্নান আৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবি কান্নান আৰ

২০১৩ চনত চিকিৎসা শাস্ত্ৰৰ মহাবীৰ বঁটা ভাৰতৰ উপৰাষ্ট্ৰপতি হামিদ আনচাৰীৰ পৰা গ্ৰহণ কৰা অৱস্থাত ডাঃ ৰবি কান্নান আৰ
নাগৰিকত্ব  ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ কৰ্কট ৰোগ
কৰ্মস্থান অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠান
কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ
জনা যায় কৰ্কট ৰোগীৰ বিনামূলীয়া চিকিৎসা
উল্লেখনীয় বঁটা পদ্মশ্ৰী, ২০২০

ৰবি কান্নান আৰ (ইংৰাজী: Ravi Kannan R) এগৰাকী ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ আৰু শল্য চিকিৎসক। তেওঁ বৰ্তমান কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক।[1] অসমবৰাক উপত্যকাকাছাৰ জিলাত অৱস্থিত এইখন চিকিৎসালয়ে বহুতো দুখীয়া কৰ্কট ৰোগীক বিনামূলীয়া আৰু কম খৰচতে চিকিৎসা সেৱা আগবঢ়ায়। ইয়াৰ আগতে তেওঁ চেন্নাইত অৱস্থিত অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ শল্যকৰ্কটৰোগ বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত আছিল। ২০২০ চনত তেওঁ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[2]

ৰবি কান্নান আৰে তামিলনাডুচেন্নাইত অৱস্থিত কীলপাউক চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ নতুন দিল্লীত অৱস্থিত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা শল্যকৰ্কটৰোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ চেন্নাইত অৱস্থিত অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানত যোগদান কৰিছিল। পিছলৈ তেওঁ এই প্ৰতিষ্ঠানৰ শল্যকৰ্কটৰোগ বিভাগৰ মুৰব্বী পদ লাভ কৰিছিল।[4] ২০০৬ চনত তেওঁ তেওঁৰ কৰ্মসংগী এজনৰ অনুৰোধত পৰামৰ্শৰ বাবে প্ৰথমবাৰৰ বাবে কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰলৈ আহিছিল। অসমৰ কাছাৰ জিলাৰ সদৰ শিলচৰৰ মেহেৰপুৰত অৱস্থিত এই চিকিৎসালয়খন কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় সমাজ নামৰ বেচৰকাৰী প্ৰতিষ্ঠান এখনে পৰিচালনা কৰে। ই বৰাক উপত্যকা আৰু ইয়াৰ আশে-পাশে অৱস্থিত মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, বাংলাদেশকে আদি কৰি দেশৰ আন আন অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা কৰ্কট ৰোগী সকলক বিনামূলীয়াকৈ বা কম খৰচী চিকিৎসা প্ৰদান কৰে। ১০০খন বিছনাযুক্ত এই চিকিৎসালয়খন এই অঞ্চলৰ একমাত্ৰ কৰ্কট চিকিৎসাৰ কেন্দ্ৰ। ডাঃ ৰবি কান্নানে ইয়াত উপস্থিত হোৱাৰ পিছত ইয়াৰ সঞ্চালকে তেওঁক প্ৰতিষ্ঠান খনৰ মুৰব্বী পদ যাচে।[3] ডাঃ কান্নানে তেওঁৰ পৰিয়ালৰ সৈতে ২০০৭ চনত চেন্নাইৰ পৰা শিলচৰলৈ কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ যোগেৰে বৰাক উপত্যকাৰ ৰাইজক চিকিৎসা সেৱা আগবঢ়াবলৈ আহে। বৰ্তমান তেওঁ এই প্ৰতিষ্ঠানৰ সঞ্চালক পদত অধিষ্ঠিত হৈ আছে।[5]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Dr. Ravi Kannan, Director of Cachar Cancer Hospital and Research Centre felicitated at Silchar - Sentinelassam" (en ভাষাত). The Sentinel (Guwahati). 2020-02-06. https://www.sentinelassam.com/north-east-india-news/assam-news/dr-ravi-kannan-director-of-cachar-cancer-hospital-and-research-centre-felicitated-at-silchar/ আহৰণ কৰা হৈছে: 2020-10-30.
  2. "Meet Dr. Ravi Kannan, Padma Shri 2020 awardee who treats cancer patients for free" (en ভাষাত). Daily News and Analysis. https://www.dnaindia.com/india/report-meet-dr-ravi-kannan-padma-shri-2020-awardee-who-treats-cancer-patients-for-free-2811517 আহৰণ কৰা হৈছে: 31 January 2020.
  3. 1 2 Madhavan, Anushree (24 February 2020). "This Chennai doctor who moved to Assam 13 years ago declared Padma Shri recipient for 2020" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/good-news/2020/feb/24/this-chennai-doctor-who-moved-to-assam-13-years-ago-declared-padma-shri-recipient-for-2020-2107461.html আহৰণ কৰা হৈছে: 24 February 2020.
  4. Ramani, Hema Iyer (2020-02-05). "Dr. Ravi Kannan: Facilitating equitable and accessible healthcare" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sci-tech/health/dr-ravi-kannan-facilitating-equitable-and-accessible-healthcare/article30741140.ece.
  5. Jain, Sanya (30 January 2020). "Meet The Padma Shri Awardee Who Treats Cancer Patients Free Of Cost". NDTV. https://www.ndtv.com/offbeat/meet-the-padma-shri-awardee-who-treats-cancer-patients-free-of-cost-2172211 আহৰণ কৰা হৈছে: 2020-10-30.
  6. "Oncologist R. Ravi Kannan of the Cachar Cancer Hospital and Research Centre wins 2023 Ramon Magsaysay award". The Hindu. Septemner 1, 2023. https://www.thehindu.com/sci-tech/health/oncologist-r-ravi-kannan-of-the-cachar-cancer-hospital-and-research-centre-wins-2023-ramon-magsaysay-award/article67256539.ece আহৰণ কৰা হৈছে: 1 September 2023.
  7. "Padma Awards List 2020" (en ভাষাত). Padma Awards, Government of India. https://padmaawards.gov.in/PDFS/2020AwardeesList.pdf আহৰণ কৰা হৈছে: 4 September 2020.
  8. "Mahaveer award in medicine" (en ভাষাত). Bhagwan Mahaveer Foundation. http://bmfawards.org/medicine.php আহৰণ কৰা হৈছে: 4 September 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]