অমলপ্ৰভা দাস
অমলপ্ৰভা দাস | |
---|---|
জন্ম | ১২ নৱেম্বৰ ১৯১১ ডিব্ৰুগড়, অসম |
পেচা | সমাজ কৰ্মী |
জনা যায় | সমাজ সেৱা |
পিতৃ-মাতৃ | হৰেকৃষ্ণ দাস হেমপ্ৰভা দাস |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী যমুনালাল বাজাজ বঁটা |
অমলপ্ৰভা দাস (ইংৰাজী: Amalprava Das) এগৰাকী ভাৰতীয় গান্ধীবাদী সমাজ কৰ্মী আছিল। তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত অৱস্থিত কস্তুৰবা গান্ধী আশ্ৰমৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ লগতে তেওঁ মহিলা সকলৰ বাবে এক আত্ম সহায়ক গোট আৰু হৰিজন সকলৰ সামাজিক উন্নতিৰ হকে কাম কৰা গুৱাহাটী যুৱক সেৱাদল নামৰ এটি বেচৰকাৰী সংগঠন প্ৰতিষ্ঠা কৰিছিল।[1] তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[2] উল্লেখযোগ্য যে, ১৯৫৪ চনৰ পৰায়ে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথম পদ্মশ্ৰী বঁটা লাভ কৰা অসমীয়া মহিলা। ১৯৮১ চনত তেওঁ যমুনালাল বাজাজ বঁটা লাভ কৰে।[3] ভাৰত চৰকাৰে তেওঁক আকৌ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আগবঢ়াইছিল, পিছে তেওঁ এই বঁটা স্বীকাৰ নকৰিলে।[1]
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেতৰ নামেৰে এটা ছাত্ৰী নিবাসৰ নামকৰণ কৰা হয়
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯১১ চনৰ ১২ নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ এক সম্ভ্ৰান্ত পৰিয়ালত অমলপ্ৰভা দাসৰ জন্ম হয়।[3] তেওঁৰ পিতৃ হৰেকৃষ্ণ দাস আৰু মাতৃ হেমপ্ৰভা দাস মহাত্মা গান্ধীৰ অনুগামী আছিল।[4][1] তেওঁ প্ৰাৰম্ভিক শিক্ষা স্থানীয় শিক্ষা প্ৰতিষ্ঠান সমূহতে গ্ৰহণ কৰে। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি নকৰি কলকাতাৰ বেথুন কলেজত নাম লগায়। ইয়াৰ পৰা তেওঁ ১৯২৯ চনত এণ্ট্ৰেছ পৰীক্ষা পাছ কৰে। তাৰ পিছত তেওঁ কলকাতাৰে স্কটিছ চাৰ্ছ কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰায়ে ৰসায়ন বিজ্ঞানৰ স্নাতক আৰু প্ৰায়োগিক ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেইদৰে এই বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত হয়।[1][4] তাৰ পিছত তেওঁ ক্লিনিকেল পেথ'লজীত ডিপ্লোমা লাভ কৰে। উচ্চশিক্ষিত অমলপ্ৰভায়ে ব্ৰিটিছ চৰকাৰৰ অধীনৰ কটন কলেজত শিক্ষকতা কৰাৰ প্ৰস্তাৱ পাইছিল কিন্তু দেশপ্ৰেমমূলক কাৰণৰ বাবে তেওঁ এই চাকৰি প্ৰত্যাখ্যান কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৩৪ চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে গুৱাহাটীস্থিত তেওঁলোকৰ ঘৰত আশ্ৰয় লৈছিল। মহাত্মা গান্ধীৰ লগত অমলপ্ৰভাৰ এই সাক্ষাৎকাৰে তেওঁৰ জীৱনত বিস্তৰ প্ৰভাৱ পেলাইছিল।[1] তেওঁ গুৱাহাটীৰ শৰণীয়া পাহাৰত মাতৃ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। পিছলৈ এই আশ্ৰম কৌস্তুৰবা আশ্ৰম নামেৰে জনাজাত হয় আৰু কৌস্তুৰবা গান্ধী স্মৃতি ন্যাসক দান দিয়া হয়। এই আশ্ৰমত তেওঁ আৰ্থিকভাৱে পিছপৰা মহিলা সকলক কুটিৰ শিল্পৰ প্ৰশিক্ষণ দিছিল। তেওঁ গাঁৱৰ দুখীয়া মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে তেওঁ বিভিন্ন কৰ্ম পন্থা হাতত লৈছিল।[3] তেওঁ কেইবাটাও প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল, তাৰে ভিতৰত গ্ৰাম সেৱিকা বিদ্যালয়, কৌস্তুৰবা কল্যাণ কেন্দ্ৰ, গৌহাটী কটাই মণ্ডল, গুৱাহাটী যুৱক সেৱাদল আৰু গো-সেৱা সমিতি অন্যতম।[1]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]১৯৫৪ চনত যেতিয়া ভাৰত চৰকাৰে পদ্ম সন্মানৰ আৰম্ভণি কৰিছিল, অমলপ্ৰভায়ে প্ৰথম পদ্মশ্ৰী লাভ কৰা ভাৰতীয় সকলৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হয়।[2] "সামাজিক গঠনমূলক কামলৈ আগবঢ়োৱা সৰ্বকৃষ্ট অৱদানৰ বাবে" তেওঁক ১৯৮১ চনত যমুনালাল বাজাজ বঁটা প্ৰদান কৰা হয়।[5][3] পিছলৈ ভাৰত চৰকাৰে তেওঁক দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটা আগবঢ়াইছিল। কিন্তু ৰাজহুৱা সন্মানৰ প্ৰতি অনীহাৰ বাবে তেওঁ এই বঁটা গ্ৰহণ নকৰিলে।[1] তেওঁৰ জীৱন আৰু কৰ্মৰাজি উল্লিখিত এখনি জীৱনী গ্ৰন্থ ১৯৮৯ চনত, অৰ্থাৎ তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশিত হয়।[6]
অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে তেওঁৰ নামত "অমলপ্ৰভা দাস বঁটা" ২০১৩ চনৰ পৰা প্ৰৱৰ্তন কৰে। সমাজৰ বাবে নিস্বাৰ্থ আৰু উৎকৃষ্ট বৰঙনি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।[4][7] এই বিভাগে তেওঁৰ জীৱনৰ আধাৰিত এখনি তথ্যচিত্ৰ প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে।[8]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 "Telegraph India". Telegraph India. 14 August 2014. http://www.telegraphindia.com/1040814/asp/guwahati/story_3619157.asp। আহৰণ কৰা হৈছে: March 29, 2015.
- ↑ 2.0 2.1 "Padma Shri". Padma Shri. 2015. Archived from the original on November 15, 2014. http://www.webcitation.org/6U68ulwpb?url=http%3A%2F%2Fmha.nic.in%2Fsites%2Fupload_files%2Fmha%2Ffiles%2FLST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: November 11, 2014.
- ↑ 3.0 3.1 3.2 3.3 "Jamnalal Bajaj Foundation". Jamnalal Bajaj Foundation. 2015. http://www.jamnalalbajajfoundation.org/awards/archives/1981/constructive-work/amalprava-das। আহৰণ কৰা হৈছে: March 29, 2015.
- ↑ 4.0 4.1 4.2 "Sentinel". Sentinel. 28 January 2013. Archived from the original on 2015-09-24. https://web.archive.org/web/20150924101351/http://www.sentinelassam.com/state2/story.php?sec=2&subsec=7&id=216190&dtP=2015-01-30&ppr=1। আহৰণ কৰা হৈছে: March 29, 2015.
- ↑ "India Water Portal". India Water Portal. 2015. Archived from the original on September 24, 2015. https://web.archive.org/web/20150924034539/http://www.indiawaterportal.org/sites/indiawaterportal.org/files/jba_form_constructive_work_0.pdf। আহৰণ কৰা হৈছে: March 29, 2015.
- ↑ Komol Singha, Gautam Patikar (2010). Rural Development in North East India. Concept Publishing Company. পৃষ্ঠা. 294 of 316. ISBN 9788180696688. https://books.google.ae/books?id=cvMgERDpbIIC&pg=PA294&lpg=PA294&dq=Amalprava+Das+biography&source=bl&ots=2n-H4Ul0qJ&sig=2tb3N8SnRtoPRgID33_0qAJUTVU&hl=en&sa=X&ei=RPgXVe7yBMHnaOiHgagN&redir_esc=y#v=onepage&q=Amalprava%20Das%20biography&f=false.
- ↑ "Karar Nivang". Karar Nivang. 2013. Archived from the original on April 2, 2015. https://web.archive.org/web/20150402094327/http://thekararnivang.com/2015/01/23/janardhan-pathak-aphan-amal-prava-das-anong-eh-pajirji/। আহৰণ কৰা হৈছে: March 29, 2015.
- ↑ "Assam Tribune". Assam Tribune. 11 March 2015. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402110929/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar1115%2Fat051। আহৰণ কৰা হৈছে: March 29, 2015.