সমললৈ যাওক

আব্দুছ ছাত্তাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আব্দুছ ছাত্তাৰ (জন্ম: ১ মে' ১৯২২ - মৃত্যু: ২৮ ফেব্ৰুৱাৰী, ১৯৮৭) অসমৰ এগৰাকী কবি, জীৱনীকাৰ,প্ৰবন্ধকাৰ, সমালোচক, ভাষা-তত্ত্বৰ গৱেষক আৰু শিক্ষাবিদ। তেখেতৰ জন্ম হয় ১৯২২ চনৰ ১ মে’ তাৰিখে যোৰহাট জিলাৰ তিতাবৰত।

১৯৪৫ চনত তেওঁ দৰ্শন বিষয়ত সন্মানসহ কটন কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াত বুনিয়াদী শিক্ষকৰ প্ৰশিক্ষণো লয়। ১৯৪৯ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰা ছাত্তাৰ চাহেবে আফগানিস্তানৰ কাবুলস্থিত ইবনেচিনা' কলেজতো পঞ্চাছৰ দশকত কেইটামান বছৰ ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] অসমলৈ ঘূৰি অহাৰ পাছত অসম চৰকাৰৰ শিক্ষা বিভাগত যোগদান কৰি বিভিন্ন পদত অধিষ্ঠিত হৈ অৱশেষত স্কুলসমূহৰ উপপৰিদৰ্শক (D.I. of Schools) ৰূপে যোৰহাটত কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ১৯৮৩ চনত স্কুলসমূহৰ সহকাৰী পৰিদৰ্শক (Asst. Inspector of Schools) হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[2] বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ লগত জড়িত এই সাহিত্যিকজনাই অসম সাহিত্য সভা পত্ৰিকা সম্পাদক (১৯৭১-৭২), প্ৰধান সম্পাদক, অসম সাহিত্য সভা (১৯৭৭), অসম প্ৰকাশন পৰিষদৰ উপসভাপতি ইত্যাদিৰ দায়িত্ব বহন কৰিছিল। সাহিত্য অকাডেমিৰ উপদেষ্টা সমিতিৰ সদস্য হিচাপেও দুবাৰকৈ মনোনীত হৈছিল।[2]

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

তেখেতৰ সাহিত্যিক অৱদানসমূহৰ ভিতৰত

  • সংমিশ্ৰণত অসমীয়া সংস্কৃতি

(অসমীয়া মানুহৰ জীৱনৰ ওপৰত সাংস্কৃতিক প্ৰভাৱ সম্বন্ধীয় তথ্য-পাতিৰ আলোচনা আৰু বিশেষকৈ অসমীয়া ভাষাৰ শব্দমালাত মূল ফাৰ্চী, আৰবী আৰু পস্তু শব্দাৱলীৰ প্ৰভাৱ আৰু প্ৰচলন আৰু সেই শব্দসমূহৰ চলন্তি অসমীয়া ৰূপৰ ইতিবৃত্ত)

  • প্ৰসংগ-কোষ
  • কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈৰ বিস্তৃত জীৱনী)
  • সাহিত্যিকা
  • বিদেশত দুদিনমান
  • নতুন সুৰ
  • বাহাদুৰ গাঁওবুঢ়া,
  • অসমীয়া সাহিত্যত বিবিধ আলোচনা,
  • গান্ধীজীৰ জীৱন কথা,
  • দৃষ্টি আৰু সৃষ্টি

ইত্যাদি উল্লেখযোগ্য।[2]

  1. অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ ।
  2. ২৬ জানুৱাৰী ১৯৮৭ চনত ভাৰত চৰকাৰৰ ‘পদ্মশ্ৰী’ সন্মান লাভ

আব্দুছ ছাত্তাৰৰ ১৯৮৭ চনৰ ২৮ ফেব্ৰুৱাৰীত ৬৫ বছৰ বয়সত যোৰহাটত প্ৰয়াণ ঘটে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. ভাৰত ৰত্নৰ পৰা পদ্মশ্ৰীলৈ - সমীন কলিতা; পৃষ্ঠা:২০৩
  2. 2.0 2.1 2.2 2.3 আব্দুছ ছাত্তাৰ (২০১৭). সংমিশ্ৰণত অসমীয়া সংস্কৃতি. প্ৰকাশক যোৰহাট: সাহিত্যিকা. পৃষ্ঠা. বকলা পৃষ্ঠা.