ৰবীন বেনাৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবীন বেনাৰ্জী
জন্ম ১২ আগষ্ট, ১৯০৮
বহৰমপুৰ, পশ্চিম বংগ, ভাৰত
মৃত্যু ৬ আগষ্ট, ২০০৩ (৯৪ বছৰ)
বাসগৃহ গোলাঘাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ, তথ্যচিত্ৰ নিৰ্মাতা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী (১৯৭১)

ৰবীন বেনাৰ্জী (ইংৰাজী: Robin Banerjee; ১২ আগষ্ট, ১৯০৮ – ৬ আগষ্ট, ২০০৩) অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ৰবীন বেনাৰ্জীৰ জন্ম হয় ১৯০৮ চনৰ ১২ আগষ্ট তাৰিখে পশ্চিম বংগৰ বহৰমপুৰ নামৰ অঞ্চলটোত। তেওঁ শান্তিনিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে। ইয়াৰ পিছত তেওঁ কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰে। পৰৱৰ্ত্তী পৰ্য্যয়ত বেনাৰ্জীয়ে ১৯৩৪ চনত লিভাৰপুল আৰু ১৯৩৬ চনত এডিনবাৰ্গলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৩৭ চনত তেওঁ লিভাৰপুলত 'ৰয়েল নেভি'ত যোগদান কৰে আৰু অতি ওচৰৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ প্ৰত্যক্ষ কৰে। এই যুদ্ধৰ পিছতে তেওঁ ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত লয়।

১৯৫২ চনত তেওঁ অসমলৈ আহি চাবুৱা চাহ বাগানত মুখ্য চিকিৎসা বিষয়া ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। এইসময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ কালত তেওঁ অসমৰ জৈববৈচিত্ৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু গোলাঘাটতে ৰৈ যোৱাৰ সিদ্ধান্ত লয়।

বেনাৰ্জীৰ প্ৰথমখন তথ্যচিত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নিৰ্মিত হৈছিল আৰু ১৯৬১ চনত এই তথ্যচিত্ৰ বাৰ্লিন টিভিত প্ৰদৰ্শন হয়। এই তথ্যচিত্ৰখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বেনাৰ্জীয়ে তথ্যচিত্ৰ নিৰ্মাতা ৰূপে সুখ্যাতি লাভ কৰে। পৰৱৰ্ত্তী কালত তেওঁ ৩২খন তথ্যচিত্ৰ নিৰ্মাণ কৰে আৰু ইয়াৰ বাবে প্ৰায় ১৪টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

বেনাৰ্জী আজীৱন চিৰকুমাৰ হৈ ৰয়। স্থানীয়ভাৱে অত্যন্ত জনপ্ৰিয় বেনাৰ্জী সকলোৰে বাবে 'ৰবীন খুড়া' আছিল। তেওঁ স্থানীয় বিদ্যালয় আৰু চিকিৎসালয় স্থাপনৰ বাবে বহু মাটি দান কৰি গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁ আগভাগ লৈছিল। এই উদেশ্যেৰে তেওঁ 'Kaziranga Wildlife Society' নামৰ এটা বেচৰকাৰী সংগঠনো স্থাপন কৰিছিল। বৰ্তমান গোলাঘাটস্থিত তেওঁৰ বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে। ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

ৰবীন বেনাৰ্জীয়ে ১৯৭১ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰে। ১৯৯১ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্ত্তী সময়ত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাও সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।

২০০৩ চনৰ ৬ আগষ্ট তাৰিখে বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত ৰবীন বেনাৰ্জীৰ মৃত্যু হয়।

ৰবীন বেনাৰ্জীৰ এটা বিখ্যাত উক্তি হ'ল, "Think twice before kill an animal, think twice before you catch a butterfly, think you before you cut a tree, because it may be the last species of the world."

অৱদান[সম্পাদনা কৰক]

তথ্যচিত্ৰ[সম্পাদনা কৰক]

ৰবীন বেনাৰ্জীয়ে নিৰ্মাণ কৰা ৩২খন তথ্যচিত্ৰৰ ভিতৰত উল্লেখযোগ্য হৈছে-

  • Kaziranga (৫০ মিনিট)
  • Wild Life of India (৩৫ মিনিট)
  • Rhino Capture (৩০ মিনিট)
  • A Day at Zoo (৪৫ মিনিট)
  • Elephant Capture (২০ মিনিট)
  • Monsoon (২০ মিনিট)
  • Nagaland (৩০ মিনিট)
  • Echidna, & On wild fowls (Australia)
  • Lake Wildness (৩৫ মিনিট)
  • 26 January (India) (৪০ মিনিট)
  • Flying Reptiles of Indonesia (৫০ মিনিট)
  • Through These Doors (৩৫ মিনিট)
  • Animals of Africa (৫০ মিনিট)
  • Underwater (৫০ মিনিট)
  • Peace Game (৩০ মিনিট)
  • Flowers of Africa (৪০ মিনিট)
  • Adventures of Newfoundland (৪৫ মিনিট)
  • Dragons of Komodo Island (৩৫ মিনিট)
  • Underwater World of Snakes (৫০ মিনিট)
  • White Wings in Slow Motion (winner of the Madame Pompidou Award) (৬০ মিনিট)
  • The World of Flamingo (৫০ মিনিট)
  • Wild but Friendly (৫৫ মিনিট)
  • Birds of Africa (৪৫ মিনিট)
  • Dresden - (৬০ মিনিট)
  • My Nature (৬০ মিনিট)
  • Birds of India (৫০ মিনিট)
  • Wild Flowers of the world (৪৫ মিনিট)
  • The Monarch Butterfly of Mexico (৬০ মিনিট)
  • Alaskan Polar Bear - (১৮০ মিনিট)
  • In the Pacific (৫৫ মিনিট)
  • Call of the Blue Pacific part I & II (৪৫ মিনিট)
  • So They May Survive (৪০ মিনিট)

বঁটা[সম্পাদনা কৰক]

  • ১৯৭১ : পদ্মশ্ৰী
  • ১৯৯১ : অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি
  • ১৯৯৪: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি
  • ২০০১ : যোৰহাটৰ 'প্ৰকৃতি' নামৰ সংস্থাৰ পৰা 'প্ৰকৃতি কোঁৱৰ উপাধি
  • ২০০১ : Service to Society through individual excellence NECCL, Guwahati, Assam

তথ্যসূত্ৰ[সম্পাদনা কৰক]