লীল বাহাদুৰ চেত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
লীল বাহাদুৰ চেত্ৰী
জন্ম ১ মাৰ্চ ১৯৩৩
গুৱাহাটী, অসম
পেছা অধ্যাপক, সাহিত্যিক
ভাষা নেপালী, ইংৰাজী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
উল্লেখযোগ্য বঁটা নেপালী ভাষাসাহিত্য অকাডেমি বঁটা, ১৯৮৭
জগদম্বা শ্ৰী পুৰস্কাৰ, ২০১৬
পদ্মশ্ৰী, ২০২০

লীল বাহাদুৰ চেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমগুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ চেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে।[1] তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰক্ষ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ আন এখন উপন্যাস বাচীন নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে।[2] ২০১৬ চনত তেওঁৰ নেপালী ভাষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে নেপালৰ জগদম্বা শ্ৰী পুৰস্কাৰ লাভ কৰিছিল।[3] ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৩ চনৰ ১ মাৰ্চ তাৰিখে গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভত লীল বাহাদুৰ চেত্ৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰেম বাহাদুৰ চেত্ৰী আৰু মাতৃ পৱিত্ৰ দেৱী। তেওঁ প্ৰাৰম্ভিক শিক্ষা শ্বিলঙৰ জেল ৰ'ড বেংগলী হাইস্কুল, গোৰ্খা পাঠশালা আৰু শ্বিলং গৰ্ভমেণ্ট হাইস্কুলত গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ ১৯৫৬ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ দুবছৰ পিছত অৰ্থাৎ ১৯৫৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছয় বছৰকাল নেপালী ভাষাৰ অনুষ্ঠান পৰিবেশন কৰিছিল। ১৯৬২ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯৪ চনত তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী পদত থাকি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

সাহিত্য কীৰ্তি[সম্পাদনা কৰক]

  • বাসীন, ১৯৫৭
  • অতৃপ্ত, ১৯৬৮
  • ব্ৰক্ষ্মপুত্ৰকো ছেও ছাও, ১৯৮৬
  • প্ৰতিধ্বনি হাৰো বিস্মিত্ৰিয়েকা, ২০০৪

চুটি গল্প সংকলন[সম্পাদনা কৰক]

  • তিন দশক বিছ অভিব্যক্তি, ১৯৮৩
  • লীল বাহাদুৰ চেত্ৰী কা কাথাহাৰো, ১৯৯৩
  • কাহিলে নাফুকনে গাথ', ২০১৪

প্ৰবন্ধ সংকলন[সম্পাদনা কৰক]

  • আসাম মা নেপালী ভাষা ৰা তয়েছক' ছাৰহ' গাৰহ', ১৯৬১
  • পূৰ্বাঞ্চল ভাৰতীয় নেপালী কাথা সাহিত্য ৰা পত্ৰকৰিতা ক ইতিবৃত্ত, ১৯৯৭
  • ঝাওৰে পাৰ্টি মা লাগড়া, ১৯৯৯
  • পুৰ্বোত্তৰ ভাৰতীয় নেপালী সাহিত্য ৰা সমাজ ক সংক্ষিপ্ত ঐতিহাসিক দিগ দৰ্শন, ২০০০
  • ছিমল ক ভুৱা, ২০১১

নাটক[সম্পাদনা কৰক]

  • দবাটো, ১৯৬৭

একাংকিকা[সম্পাদনা কৰক]

  • চুৰু ক চুৰু, ১৯৮৭
  • মাগ, ১৯৭৮

কবিতা[সম্পাদনা কৰক]

  • শিৱ স্তুতি, ১৯৪৯

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

লীল বাহাদুৰ চেত্ৰীয়ে সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুতো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল:

  • দিয়ালু পুৰস্কাৰ, নেপালী সাহিত্য সন্মিলন, দাৰ্জিলিং, ১৯৮২
  • ভানু বঁটা, দাৰ্জিলিং নেপালী একাডেমী, ১৯৮৫
  • ব্ৰক্ষ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা, ১৯৮৭
  • বেদনিধি বঁটা, কাঠমাণ্ডু, ২০০৩
  • আগম সমিতি বঁটা, নেপালী সাহিত্য পৰিষদ, ছিক্কিম, ২০০৫
  • অসম সাহিত্য শিৰোমণি বঁটা, অভিজ্ঞানম স্মৃতি ন্যাস, দুলিয়াজান, ২০১১
  • হৰিভক্ত কাটোৱাল বঁটা, ২০১৩
  • জগদম্বা শ্ৰী পুৰস্কাৰ, নেপাল, ২০১৬
  • পদ্মশ্ৰী, ২০২০[5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

লীল বাহাদুৰ চেত্ৰী দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল। ধনমায়া চেত্ৰী আৰু লাৱণ্য চেত্ৰী তেওঁৰ পত্নী। তেওঁলোকৰ এগৰাকী কন্যা কৃষ্ণা চেত্ৰী আৰু দুজন পুত্ৰ পংকজ আৰু পল্লৱ চেত্ৰী। বৰ্তমান তেওঁলোক গুৱাহাটীৰ উলুবাৰী অঞ্চলৰ বি বৰুৱা পথৰ মৰখালিত বসবাস কৰে।

তথ্য উৎস[সম্পাদনা কৰক]