আনন্দ চন্দ্ৰ বৰুৱা
আনন্দ চন্দ্ৰ বৰুৱা | |
---|---|
![]() আনন্দ চন্দ্ৰ বৰুৱা | |
জন্ম | ৩১ ডিচেম্বৰ, ১৯০৭[1] মৰাণ, অসম |
মৃত্যু | ২৭ জানুৱাৰী, ১৯৮৩ চন |
আনন্দ চন্দ্ৰ বৰুৱা (ইংৰাজী: Ananda Chandra Barua; ১৯০৭- ১৯৮৩) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতক বকুল বনৰ কবি নামেৰে জনা যায়।[2] কলেজীয়া দিনৰেপৰা কবিতা লিখিবলৈ আৰম্ভ কৰা বৰুৱাৰ প্ৰথম কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত 'বাঁহী'ত প্ৰকাশ পায়। সাংবাদিকতা আৰু শিক্ষকতাও কৰা বৰুৱাক ১৯৬৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি নিৰ্বাচন কৰা হৈছিল। ১৯৭০ চনত তেখেতক পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল।[2]
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
আনন্দ চন্দ্ৰ বৰুৱাৰ ১৯০৭ চনৰ ৩১ ডিচেম্বৰত মৰাণৰ খুমটাই চাহ বাগিছাত জন্ম হয়। পিতৃ আছিল প্ৰেমধৰ বৰুৱা আৰু মাতৃ ইন্দ্ৰানী দেৱী। ঢেকীয়াখোৱাত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত তেখেত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়লৈ পঢ়িবলৈ যায়। বিদ্যালয়ৰ হাতেলিখা আলোচনীৰ পাততে তেখেতৰ সাহিত্যিক প্ৰতিভাৰ অংকুৰণ ঘটে। ১৯২৬ চনত মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হোৱাৰ পিছত তেখেত বাণাৰসীলৈ উচ্চ শিক্ষাৰ বাবে যায় যদিও পঢ়া সাং কৰিব নোৱাৰিলে। সেই কালছোৱাতে অসমীয়া ছাত্ৰসকলে উলিওৱা হাতে লিখা আলোচনী ‘জাহ্নৱী’লৈ তেখেতে অৰিহণা যোগায়। অসমলৈ ঘূৰি অহাৰ পিছত প্ৰমীলা দেৱীৰ লগত বৰুৱাৰ বিবাহ হয়।
কৰ্মজীৱন[সম্পাদনা কৰক]
১৯৩০ চনত দেউতাকৰ মৃত্যুৰ পিছত আনন্দ চন্দ্ৰ বৰুৱাই ‘অসমীয়া’ নামৰ বাতৰি কাকতত সম্পাদক হিছাপে যোগদান কৰে। দুবছৰ পিছত তেখেতে যোৰহাটৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়ত কিছুদিন কাম কৰে। তিনিচুকীয়াতো অলপ দিন শিক্ষকতা কৰি উঠি তেখেতে পুনৰ যোৰহাটলৈ আহি সাপ্তাহিক ‘বাতৰি’ত সহ-সম্পাদক হিছাপে যোগদান কৰে। এই বাতৰি কাকতৰ জৰিয়তেই তেখেতে প্ৰথম নীলমণি ফুকনক ‘বাগ্মীবৰ’ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ উপাধি প্ৰদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেত কৰাচীলৈ গৈ ভাৰতীয় বায়ু সেনাত যোগ দিয়ে আৰু ১৯৪৭ চনত ঘৰলৈ ঘূৰি আহি উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত অৱসৰ পৰ্যন্ত চাকৰি কৰে।
১৯৬৯ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হয়[3]।
সাহিত্যিক হিচাপে খ্যাত যদিও সাহিত্য চৰ্চাৰ বাহিৰেও তেখেত এজন ভাল অভিনেতা আৰু সক্ৰিয় সমাজকৰ্মী আছিল। ১৯৩০ চনত তেখেতে ‘বাণী সন্মিলন’ আৰু ১৯৪৮ চনত ‘চিন্তামণি চক্ৰ’ প্ৰতিষ্ঠা কৰিছিল। তাৰ বাহিৰেও তেখেত অসম নাট্য সন্মিলন, অসম প্ৰতিযোগিতা সমিতি, যোৰহাট সংগীত বিদ্যালয় আদিৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল।
মৃত্যু[সম্পাদনা কৰক]
১৯৮৩ চনৰ ২৭ জানুৱাৰীত আনন্দ চন্দ্ৰ বৰুৱাদেৱৰ মৃত্যু হয়।
সাহিত্য কৰ্ম[সম্পাদনা কৰক]
সাহিত্যিক ৰূপে আনন্দ চন্দ্ৰ বৰুৱাই একাধাৰে কবিতা, নাটক, অনুবাদ সাহিত্য, উপন্যাস আদি ক্ষেত্ৰত অৱদান আগবঢ়ায়।
- প্ৰকাশিত কাব্য পুথি-পৰাগ, পুষ্পক, ৰঞ্জন ৰশ্মি, সেই নিমাতী পুৱাৰে পৰা, বকুল বনৰ কবিতা, পাপৰিৰ পৰিমল আদি।
- অনুবাদ পুথি- হাফিজৰ সুৰ, কুমাৰ সম্ভৱ, মেঘদূত পূৰ্বমেঘ, ছোভিয়েট কবিতা, এছিয়া জ্যোতি আদি।
- নাট- বিজয়া, বিসৰ্জন, কমলা কুৱঁৰী, নল-দময়ন্তী, নীলাঞ্জন আদি।
অপ্ৰকাশিত ৰচনাসমূহৰ ভিতৰত পঞ্চমী, তেজীমলা, বণিক বন্ধু, মৃগমায়া, বাণীপথ, অসমীয়া সাহিত্য আদি অন্যতম।
স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]
- ১৯৭৩ চন - পদ্মশ্ৰী[4]
- ১৯৭৭ চন - সাহিত্য অকাডেমি বঁটা (বকুল বনৰ কবিতাৰ বাবে)[5]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ http://www.bipuljyoti.in/authors/anandachandra.html
- ↑ 2.0 2.1 সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ২১৪-২১৮.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ http://india.gov.in/myindia/advsearch_awards.php
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|
|