জঙ্গম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জংগমৰ পৰা পুনঃনিৰ্দেশিত)
জঙ্গম  
গ্ৰন্থখনৰ বেটুপাত
উপন্যাসখনৰ বেটুপাত
লেখক দেৱেন্দ্ৰ নাথ আচাৰ্য
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক অসম প্ৰকাশন পৰিষদ
প্ৰকাশ ১৯৮৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৯৯

জঙ্গম (ইংৰাজী: Jangam) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ এখন ঐতিহাসিক উপন্যাস। গ্ৰন্থখন ১৯৮৩ চনত প্ৰকাশিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[1]

গ্ৰন্থকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

ঔপন্যাসিক দেৱেন্দ্ৰ নাথ আচাৰ্য

দেবেন্দ্ৰ নাথ আচাৰ্যৰ জন্ম হৈছিল যোৰহাটৰ ওচৰৰ গৰখীয়া দ'লত। পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য, আৰু মাতৃৰ নাম জয়ন্তীপ্ৰিয়া দেৱী। তেখেত এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। তেখেত ঘাইকৈ অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাসৰ ৰচয়িতা। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস জংগমে মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

গ্ৰন্থৰ চমু পৰিচয়[সম্পাদনা কৰক]

দ্বিতীয় মহাযুদ্ধৰ কালছোৱাত ম্যানমাৰে (ব্ৰহ্মদেশ) ভাৰত আক্ৰমণ কৰিছিল। যুদ্ধৰ সেই সময়তে ব্ৰহ্মদেশৰ এখন গাঁৱত থকা এটা অসমীয়া মূলৰ কৃষক পৰিয়ালৰ জীৱন আৰু মনোভাৱ বিশেষভাৱে প্ৰভাৱিত হৈছিল। গ্ৰন্থখনত এই পৰিয়ালটোৰেই জীৱন-বৃত্তান্ত সন্নিৱিষ্ট হৈছে।[1]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

বিশেষ গ্ৰন্থখনৰ বাবে ঔপন্যাসিক দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৩. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.