জঙ্গম
| জঙ্গম | |
|---|---|
উপন্যাসখনৰ বেটুপাত | |
| লেখক | দেৱেন্দ্ৰ নাথ আচাৰ্য |
| দেশ | অসম, ভাৰত |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | উপন্যাস |
| প্ৰকাশক | অসম প্ৰকাশন পৰিষদ |
| প্ৰকাশ | ১৯৮৩ |
| মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
| পৃষ্ঠা সংখ্যা | ১৯৯ |
জঙ্গম (ইংৰাজী: Jangam) হৈছে অসমীয়া ঔপন্যাসিক, সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ এখন ঐতিহাসিক উপন্যাস। গ্ৰন্থখন ১৯৮৩ চনত প্ৰকাশিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাসখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[1] এই উপন্যাসখন ২০১৮ চনত অমিত আৰ. বৈশ্যই 'Jangam: A Forgotten Exodus in Which Thousands Died' ( জঙ্গম : এক বিস্মৃত প্ৰবজন কাহিনী য'ত হাজাৰ মানুহৰ মৃত্যু হৈছিল) নামেৰে ইংৰাজীলৈ অনুবাদ কৰে ।
গ্ৰন্থকাৰৰ চমু পৰিচয়
[সম্পাদনা কৰক]
দেবেন্দ্ৰ নাথ আচাৰ্যৰ জন্ম হৈছিল যোৰহাটৰ ওচৰৰ গৰখীয়া দ'লত। পিতৃৰ নাম আছিল নগেন্দ্ৰনাথ আচাৰ্য, আৰু মাতৃৰ নাম জয়ন্তীপ্ৰিয়া দেৱী। তেখেত এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। তেখেত ঘাইকৈ অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাসৰ ৰচয়িতা। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস জংগমে মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
গ্ৰন্থৰ চমু পৰিচয়
[সম্পাদনা কৰক]দ্বিতীয় মহাযুদ্ধৰ কালছোৱাত ম্যানমাৰ(ব্ৰহ্মদেশ)ৰ ইৰাৱতী নদীৰ পাৰৰ 'মানকু' নামৰ এখন গাঁৱত থকা ভাৰতীয় মূলৰ কৃষক তথা ব্যৱসায়ী পৰিয়ালৰ জীৱন আৰু মনোভাৱ বিশেষভাৱে প্ৰতিফলিত হৈছে। গ্ৰন্থখনত যুদ্ধৰ ভয়াবহতাৰ পৰা বাচিবলৈ দূৰ্গম পথ অতিক্ৰম কৰি মাৰ্ঘেৰিটাত উপস্থিত হোৱা এমুঠি শ্ৰমজীৱি মানুহৰ জীৱন-বৃত্তান্ত সন্নিৱিষ্ট হৈছে।[2]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]বিশেষ গ্ৰন্থখনৰ বাবে ঔপন্যাসিক দেৱেন্দ্ৰ নাথ আচাৰ্যই ১৯৮৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৩. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.
- 1 2 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ; "জংগম" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
| ||||||||||||||