অলকানন্দা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অলকানন্দা  
লেখক নলিনীবালা দেৱী
দেশ  ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কাব্যগ্ৰন্থ
প্ৰকাশ ১৯৬৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অলকানন্দা (ইংৰাজী: Alakananda) হৈছে অসমীয়া কবি-সাহিত্যিক নলিনীবালা দেৱীৰ এখনি কাব্যগ্ৰন্থ। ১৯৬৭ চনত প্ৰকাশিত এই কাব্যগ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1]

কবিৰ চমু পৰিচয়[সম্পাদনা কৰক]

নলিনীবালা দেৱী (জন্ম: ২৩ মাৰ্চ, ১৮৯৮ – মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। অসমীয়া কাব্য সাহিত্যত তেখেতে অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত। পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সৈতে স্বাধীনতা সংগ্ৰামতো যোগদান কৰা নলিনীবালা দেৱীয়ে কেইবাখনো গ্ৰন্থ, কাব্যপুথি লিখি অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে-এৰি অহা দিনবোৰ। ১৯৭৭ চনত তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল।

গ্ৰন্থৰ চমু বিৱৰণ[সম্পাদনা কৰক]

অলকানন্দা কাব্যগ্ৰন্থ দুটা ভাগত বিভক্ত। কবিতা আৰু গীতিকা। কবিতাৰ সংখ্যা ৫০ আৰু গীতিকাৰ সংখ্যা ১১৪। কবিতাবোৰ প্ৰশস্তিমূলক, জাতীয়তাবাদী আৰু আধ্যাত্মিক চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত বুলি ক'ব পাৰি। এইখিনি কবিতা তেখেতে জীৱনৰ শেষৰফালে লিখিছিল।[1]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

কাব্যগ্ৰন্থখনৰ বাবে তেখেতে ১৯৬৮ চনত সাহিত্য অকাডেমি সন্মান লাভ কৰিছিল।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক. "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৩-৯৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.