আন এজন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন এজন  
লেখক হৰেকৃষ্ণ ডেকা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কাব্য সংকলন
প্ৰকাশ ১৯৮৬

আন এজন (ইংৰাজী: Aan ejon) হৈছে অসমৰ সাহিত্যিক, কবি, সমালোচক হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত কেইটিমান কবিতাৰ সংকলন। ১৯৮৭ চনত এই কাব্য গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[1]

কবিৰ চমু পৰিচয়[সম্পাদনা কৰক]

হৰেকৃষ্ণ ডেকা (১৯৪৩-) এগৰাকী কবি, চুটি গল্প লেখক আৰু কবিতাৰ সমালোচক। ভাৰতীয় পুলিচ সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম আৰক্ষীৰ মহাপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সাহিত্য বিষয়ক আলোচনী গৰীয়সী আৰু ইংৰাজী দৈনিক কাকত দ্যা ছেণ্টিনেলৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। আন এজন কাব্য গ্ৰন্থ ১৯৮৬ চনত প্ৰকাশিত হৈছিল।

গ্ৰন্থৰ চমু পৰিচিতি[সম্পাদনা কৰক]

কবিতা সংকলনখনিত মুঠতে ২৯টা কবিতা সন্নিৱিষ্ট হৈছে। কবিতাত জীৱনৰ অভিজ্ঞতা আৰু উপলব্ধিৰ প্ৰভাৱ দৃশ্যমান হৈ আছে। তাৰেই কাব্যিক ৰূপায়ণ এই কাব্য সংকলন।[1]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.