অম্বিকাগিৰি ৰায়চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অম্বিকাগিৰি ৰায়চৌধুৰী
জন্ম ১৮ ডিচেম্বৰ, ১৮৮৫
বৰপেটা
মৃত্যু ২ জানুৱাৰী, ১৯৬৭
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কবি, গায়ক, লেখক, সংবাদসেৱী, সমাজ-সেৱক, স্বাধীনতা সংগ্ৰামী
উল্লেখযোগ্য কৰ্ম বেদনাৰ উল্কা, তুমি, বীণা
দাম্পত্যসঙ্গী কৌশল্যা দেৱী
পিতৃ-মাতৃ কৃষ্ণৰাম ৰায়চৌধুৰী (পিতৃ)
দেৱকী দেৱী (মাতৃ)
সন্তান শুচিব্ৰতা ৰায়চৌধুৰী
আত্মীয়-স্বজন গিৰীশ চন্দ্ৰ ৰায়চৌধুৰী (জেষ্ঠ ভাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি সাহিত্য অকাডেমি বঁটা

অম্বিকাগিৰি ৰায়চৌধুৰী (ইংৰাজী: Ambikagiri Raichoudhury; ১৮৮৫-১৯৬৭) কুৰি শতিকাৰ অসমৰ এজন কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেওঁক অসম কেশৰী উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনৰ ১১ আৰু ১২ মাৰ্চত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ একবিংশতম অধিৱেশনত ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল৷[1][2] ১৯৬৫ চনত ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে।[3]

শৈশৱ আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

শ্ৰীমন্ত শংকৰদেৱৰ বংশৰ জগদানন্দ বা ৰামৰায় অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূৰ্বপুৰুষ। ১৮০৭ শকৰ ৪ পুহত, ইংৰাজী ১৮৮৫ চনৰ ডিচেম্বৰ মাহত; বৰপেটাত অম্বিকাগিৰিৰ জন্ম হয়। বৰপেটাৰ বিখ্যাত কায়স্থ কুলীয় ৰায়চৌধুৰী পৰিয়ালৰ কৃষ্ণৰাম ৰায়চৌধুৰী অম্বিকাগিৰিৰ পিতৃ আৰু মাতৃ দেৱকী দেৱী শ্ৰীমন্ত শংকৰদেৱৰ চৰিত প্ৰণেতা শ্ৰীৰামচৰণ ঠাকুৰৰ বংশজাত।[3][1] তেওঁ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান আছিল। ককায়েক গিৰীশ চন্দ্ৰ ৰায়চৌধুৰী অভিনেতা আৰু শিক্ষাবিদ আছিল। আন দুগৰাকী ভগ্নী, ক্ৰমে ৰোহিণী দেৱী আৰু লক্ষ্মী প্ৰিয়া দেৱী। ৰোহিণী দেৱীৰ পুত্ৰ সাহিত্যিক মহেশচন্দ্ৰ দেৱগোস্বামী নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ আছিল।

সৰুতেই পিতৃ বিয়োগ হোৱাত অম্বিকাগিৰি আৰু ককায়েক গিৰীশ চন্দ্ৰৰ পঢ়া-শুনাৰ ভাৰ লৈছিল মোমায়েকসকলে। বৰপেটাত প্ৰাথমিক শিক্ষা লাভ কৰা অম্বিকাগিৰীয়ে বৃত্তি লাভ কৰি প্ৰাইমেৰী পৰীক্ষাত উৰ্ত্তীণ হৈছিল। ১৮৯৯ খৃঃত তেওঁ তাৰাবাৰী হৈ জাহাজত গুৱাহাটীলৈ আহে আৰু গুৱাহাটীৰ সোণাৰাম হাইস্কুলত ইংৰাজী শিক্ষা লয়। পঢ়ি থাকোঁতেই তেওঁ পান বজাৰৰ বিখ্যাত ব্যায়াম বীৰ বিভৱানন্দ চৌধুৰীৰ অধীনত ব্যায়াম শিকিছিল। ১৯০০ খৃঃৰ পিছত কিছুদিন তেওঁ গৌৰীপুৰ আৰু শিৱসাগৰতো পঢ়িছিল। পিছত পুনৰ গুৱাহাটীলৈ আহে। [1]

স্কুলীয়া শিক্ষা আধাতে বিসৰ্জন দি ১৯০৪-০৫ চনৰ পৰাই তেওঁ স্বদেশী আন্দোলনত আৰু সামাজিক উন্নয়নমূলক কাম-কাজত যোগ দিছিল। আন কেইজনমান ডেকা ছাত্ৰৰ লগ লাগি তেওঁ এই সময়ছোৱাতে ইংৰাজ-বিৰোধী এনাৰ্কিষ্ট দল গঠন কৰি দীঘলী পুখুৰীৰ উত্তৰ পাৰে থকা ইংৰাজ চাহাবৰ ক্লাৱ ঘৰত অগ্নিসংযোগ কৰিছিল। সৰস্বতী পূজাৰ সময়ত একে ৰাতিতে বন্দিনী ভাৰত মাতা নামে এখন নাটক লিখি কলেজিয়েট স্কুলত পূজাৰ দিনা মঞ্চস্থ কৰিছিল। নাটকখনে দৰ্শকৰ মাজত মৃদু উত্তেজনাৰ সৃষ্টি কৰিছিল। পিছত পুলিচে এইখন বাজেয়াপ্ত কৰে।[1] উগ্ৰবাদী কৰ্ম-কাণ্ডত জড়িত হোৱাৰ সময়ত অম্বিকাগিৰিয়ে দীঘাই কলিতালৈ নাম সলাইছিল। তেওঁক ইংৰাজ চৰকাৰে ১৯০৭ চনৰপৰা ১৯১৫ চনলৈ বৰপেটাত নজৰবন্দী কৰি ৰাখে। নজৰবন্দী হৈ থকা সময়ছোৱাতে তেওঁ বীণা, তুমি, অনুভূতি আদি কবিতা সংকলনৰ কবিতাসমূহ লিখে। [4]

ৰাজনৈতিক আৰু সামাজিক জীৱন[সম্পাদনা কৰক]

বৰপেটাত থকা কালছোৱাত অম্বিকাগিৰিয়ে ৰাজনৈতিক কাৰ্যাৱলী পৰিহাৰ কৰি বৰপেটাৰ সমাজ জীৱনলৈ চাই কিছুমান সামাজিক সংগঠনমূলক আৰু সাহিত্য-সংস্কৃতিমূলক কামত আত্মনিয়োগ কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল- দুখীয়া ছাত্ৰৰ পঢ়া-শুনাৰ সুবিধাৰ্থে পুঁজি গঠন, থলুৱা ঢুলীয়া চাৰ্কাচৰ সংশোধিত ৰূপত “শংকৰদেৱ চাৰ্কাচ” গঠন, অসমীয়া লোকগীত আৰু বৰগীত চৰ্চাৰ বাবে মানুহক উৎসাহিত কৰা ইত্যাদি। তদুপৰি তেওঁ বৰপেটাৰ সমাজ জীৱনৰ পৰা বঙলা যাত্ৰা নাটৰ প্ৰভাৱ লোপ কৰাত প্ৰভূত অৰিহণা যোগায়।

১৯১৫ চনত ডিব্ৰুগড়লৈ গৈ অম্বিকাগিৰিয়ে ৰে'ল বিভাগত টাইপিষ্ট, সংগীত শিক্ষক আদি হিচাপে কৰ্মৰত হোৱাৰ উপৰিও হৰেকৃষ্ণ দাসৰ সৈতে আসাম বান্ধৱ নামৰ সাহিত্য আলোচনীখনৰ সাহিত্য সম্পাদক ৰূপে কাম কৰে। তাৰ পিছৰ কালছোৱাত তেওঁৰ সৰহভাগ সামাজিক আৰু ৰাজনৈতিক চিন্তাধাৰা নিজে ছপাই উলিওৱা চেতনাৰ সম্পাদকীয় ৰূপেই প্ৰকাশ পাইছিল। ইয়াৰ লগতে ডেকা অসম নামৰ আলোচনীৰো তেওঁ সম্পাদক আছিল।[3] অসহযোগ আন্দোলনৰ সময়ত কাৰাবাসত ভোগা শাস্তিৰ অভিজ্ঞতাৰে তেওঁ তই ভাঙিব লাগিব শিল, ধৰ ঝাৰু ধৰ ভাই, কি দেখাবি ভয় কাৰাগাৰ আদি সংগ্ৰামী উদ্দীপনাৰ গীত ৰচনা কৰে, যিবোৰে আন সংগ্ৰামীসকলক যথেষ্ট অনুপ্ৰেৰণা যোগায়। ১৯৩০ চনৰ আন্দোলনত অম্বিকাগিৰিয়ে পুনৰ কাৰাবাস খাটে। সেই সময়ৰ কংগ্ৰেছৰ সাংগঠনিক কাৰ্যৰ বাবে তেওঁ ‘ডিক্টেটৰ’ নিয়োজিত হৈছিল। ৰাজনৈতিক দিশত তেওঁ মহাত্মা গান্ধীৰ অনুগামী এজন নিভাঁজ দেশপ্ৰেমিক আহিল। যি ক্ষেত্ৰত কংগ্ৰেছৰ নেতাসকলে আন্দোলনৰ সময়ছোৱাত বিবিধ দিশৰ পৰা অসমীয়া জাতি সত্ত্বাক হেঁচা মাৰি ধৰিব বিচৰা বহিৰাগতৰ সমাগম, অসমৰ খেতিৰ মাটিৰ ওপৰত পমুৱাৰ বে-দখল, চাকৰি-ব্যৱসায় আদি ক্ষেত্ৰৰ পৰা অসমীয়াৰ অধিকাৰ সংকোচন ইত্যাদি প্ৰশ্নৰ প্ৰতি মনোযোগ কমকৈ দিছিল সেই ক্ষেত্ৰত অসম আৰু অসমীয়াৰ ভৱিষ্যতলৈ লক্ষ্য কৰি অম্বিকাগিৰিয়ে কংগ্ৰেছৰ লগত সম্পৰ্ক ৰক্ষা কৰিও “অসমীয়াৰ অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষণী সভা”, “অসম জাতীয় মহাসভা”, আৰু অসম শিক্ষা প্ৰচাৰ সমিতি আদি স্থাপন কৰিছিল আৰু অসমীয়া জাতিৰ মৰ্যাদা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত তেওঁ "সেৱা সংঘ" নামৰ এটা বিপ্লৱী সংগঠনৰ জন্ম দিছিল ইয়াৰ উপৰি তেওঁ স্বদেশী কিনক সংঘ খুলি নিজে মায়াবিনী কেমিকেল ৱৰ্কছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান পাতি অম্বিকাগিৰিয়ে অসমীয়া সমাজক অৰ্থনৈতিকভাৱে আত্মপ্ৰতিষ্ঠাৰ পথ প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিছিল। নিজৰ মতবাদ ৰাইজৰ মাজত প্ৰকাশ কৰিবলৈ তেওঁ ডেকা-ডেকেৰীৰ বেদ, আহুতি আদি পুথি ৰচনা কৰিছিল। ১৯৪৬-৪৭ চনত অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ আশংকাৰ সময়ত জাতি ৰক্ষাৰ উদ্দেশ্যেৰে অসমীয়া হিন্দু-মুছলমানৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে সংগঠিত কৰিছিল অসম আত্মৰক্ষী বাহিনী। আনহাতে সমষ্টি গঠনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আমৰণ অনশনৰ সংকল্প ঘোষণা কৰিছিল । ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত, চৰকাৰে অসমীয়া ভাষাক ৰাজ্যভাষা ৰূপে ঘোষণা কৰিবলৈ ইতস্ততঃ বোধ কৰাৰ পৰিপ্ৰেক্ষিতত, অসম চৰকাৰে তেওঁক দিয়া “সাহিত্যিক পেঞ্চন” তেওঁ বৰ্জন কৰিছিল।[5]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯১৫ চনত তুমি আৰু ১৯১৬ চনত ‘বীণা’ নামৰ কবিতা পুথি প্ৰকাশ কৰে। ১৯১৮ চনত চন্দ্ৰনাথ শৰ্মাৰ সহযোগিতাত ‘চেতনা’ নামৰ মাহেকীয়া আলোচনী উলিয়ায়। তেখেতে ‘চেতনা’ৰ লিখাবোৰত স্বাধীনতা আন্দোলন, অসহযোগিতা, ৰাজনীতিত হিংসা-অহিংসাৰ স্থান, দেশ-বিদেশৰ বিবিধ সমস্যা আদিৰ উপৰিও বিশেষভাৱে অসম দেশ,অসমৰ জাতীয় সমস্যা আদিৰ বিষয়ে বিষদভাৱে আলোচনা কৰিছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত জেলত থাকোঁতে বহুতো জাতীয়তাবাদী গীত ৰচনা কৰে। ইয়াৰেই ইংৰাজী ভাঙনি ‘Songs of The Cell’ নামেৰে পিছলৈ প্ৰকাশ পায়। ৰায়চৌধুৰীৰ প্ৰকাশিত আন কবিতা পুথিসমূহ হ’ল- ‘অনুভূতি’, ‘স্থাপন কৰ, স্থাপন কৰ’(১৯৫৮), ‘বেদনাৰ উল্কা’(১৯৬৪) আৰু ‘আজি বন্দো কি ছন্দেৰে’[6]। তাৰ বাহিৰেও ভালেখিনি কবিতা বিবিধ আলোচনীত প্ৰকাশ পায়। গদ্যৰ ভিতৰত ‘আহুতি’ (১৯৫৪), ‘ডেকা-ডেকেৰীৰ বেদ’ আৰু ‘কল্যাণময়ী’, ‘ভক্তগৌৰৱ’, ‘জয়দ্ৰথ বধ’ নামৰ তিনিখন নাটক প্ৰকাশ হৈছে। ৰায়চৌধুৰীৰ কবিতাত দুটা প্ৰধান সুৰ ধ্বনিত হৈছে। এটা হৈছে দৃপ্ত জাতীয়তাবাদৰ দুন্দভিধ্বনি আৰু আনটো তুমি আৰু বীণাত থকা ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ। ‘তুমি’ কাব্য প্ৰিয়তমাৰ দৈহিক সৌন্দৰ্য-আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দৰ্য আৰু অতীন্দ্ৰিয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে। তেওঁৰ জাতীয়তাবাদী কবিতাত নিষ্পেষণ আৰু অত্যাচাৰৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ, দুৰ্গম গিৰি কান্তাৰ মৰু অতিক্ৰম কৰি জীৱনযুদ্ধত বীৰদৰ্পে আগবাঢ়িবলৈ উদাত্ত আহ্বান পোৱা যায়[6]। কবিয়ে এনে এটা জীৱন কামনা কৰে য’ত ব্যক্তিয়ে সংগ্ৰামৰ মাজেদি সকলো গ্লানি,ভণ্ডামি,নীচতা আঁতৰাই মানৱতাই বিকাশ ঘটাব পাৰে। ৰায়চৌধুৰীৰ কবিতাৰ শব্দগঠন আৰু তান বা শ্বাসাঘাত প্ৰধান বলিষ্ঠ ছন্দও অসমীয়া কবিতাৰ বিশেষ সম্পদ।[7]

১৯৬৭ চনৰ ২ জানুৱাৰীৰ সন্ধিয়া ৬ বাজি ৪৫ মিনিটত, ৮২ বছৰ বয়সত অসম কেশৰী অম্বিকাগিৰিয়ে মৃত্যুবৰণ কৰে। ৩ জানুৱাৰীৰ দিনৰ ১ বাজি ৩০ মিনিটত শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হয়।[1]

ৰায়চৌধুৰীৰ গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

কবিতা[সম্পাদনা কৰক]

  • তুমি (ৰচনা: ১৯০৭, বৰপেটা; প্ৰথম প্ৰকাশ: ১৯১৬ খৃঃ, ডিব্ৰুগড়)
  • বীণা (ৰচনা: ১৯০৭, বৰপেটা; প্ৰথম প্ৰকাশ: ১৯১৬ খৃঃ, ডিব্ৰুগড়)
  • অনুভূতি (ৰচনা: ১৯১০-১৯৫৪, ৬১টা কবিতাৰ সংকলন, প্ৰথম প্ৰকাশ: ১৯৫৪, গুৱাহাটী)
  • স্থাপন কৰ স্থাপন কৰ আৰু মই আছোঁ মই আছোঁ (দুটা কবিতাৰ সংকলন; প্ৰথম প্ৰকাশ: ১৯৫৮, গুৱাহাটী)
  • বেদনাৰ উল্কা (৪৬ টা কবিতাৰ সংকলন; ৰচনা:১৯২০-১৯৬০; প্ৰথম প্ৰকাশ: ১৯৬৪, গুৱাহাটী)
  • দেশেই ভগৱান (প্ৰথম প্ৰকাশ: ১৯৬৫, গুৱাহাটী)

গীত[সম্পাদনা কৰক]

  • বন্দো কি ছন্দেৰে (২৫টা গীতৰ সংকলন; ৰচনা: ১৯০৫-১৯৫০; প্ৰথম প্ৰকাশ: ১৯৫৮, গুৱাহাটী)

গদ্য ৰচনা[সম্পাদনা কৰক]

  • জগতৰ শেষ আদৰ্শ আৰু বিশ্ব শান্তি স্থাপনৰ পথ (ৰচনা:১৯১৪; প্ৰথম প্ৰকাশ:১৯১৬, ডিব্ৰুগড়)
  • শতধাৰ (ৰচনা: ১৯২৩, গুৱাহাটী)
  • আহুতি (৪১টা প্ৰৱন্ধৰ সংকলন; ৰচনা: ১৯১৪-১৯৫০; প্ৰথম প্ৰকাশ: ১৯৫৩, গুৱাহাটী)
  • ডেকা-ডেকেৰীৰ বেদ (ৰচনা: ১৯৩৫-৪২; প্ৰথম প্ৰকাশ: ১৯৪২, গুৱাহাটী)
  • ভাৰতীয় স্বৰাজ আৰু অসমীয়া স্বৰাজ (প্ৰথম প্ৰকাশ: ১৯৩৪)
  • স্বাধীন পঞ্চায়ৎ ৰাষ্ট্ৰগঠনৰ প্ৰাথমিক আঁচনি (প্ৰথম প্ৰকাশ: ১৯৪২, গুৱাহাটী)
  • আত্মৰক্ষী বাহিনী গঠন (প্ৰথম প্ৰকাশ: ১৯৮৭, গুৱাহাটী)

নাটক[সম্পাদনা কৰক]

  • জয়দ্ৰথ বধ (ৰচনা: ১৯১১, বৰপেটা; প্ৰথম প্ৰকাশ: ১৯৬১, গুৱাহাটী)
  • কল্যাণময়ী (ৰচনা: ১৯১১, বৰপেটা; প্ৰথম প্ৰকাশ: ১৯১৪, আৱাহন)

বিবিধ[সম্পাদনা কৰক]

  • স্বৰ্গ মৰ্ত ডাক বিভাগ (ৰূপাত্মক ৰচনা, আসাম বান্ধৱ ২য় বছৰ, ১ম সংখ্যা)
  • বিপ্লৱৰ শেষ (চেতনাত প্ৰকাশিত)
  • বিশ্বনাট্য (ৰূপক নাট, ১ম বছৰ চেতনাত প্ৰকাশিত)
  • ধুনপেচ (নাট্য দৃশ্য, আসাম বান্ধৱ ৮ম বছৰ, ১২শ সংখ্যা)
  • শ্ৰীৰামচন্দ্ৰ আৰু তাৰা (ৰেডিঅ’ নাট, ১৯৬৫ খৃঃত প্ৰচাৰিত)
  • ফৰাছী মহিলাৰ উক্তি (নাটকীয় কবিতা, আসাম বান্ধৱ ৭ম বছৰ, ৩য় সংখ্যা)

সম্পাদিত[সম্পাদনা কৰক]

  • সাহিত্য মঞ্জৰী (শুচিব্ৰতা ৰায়চৌধুৰীৰ সৈতে যুটীয়াভাৱে সম্পাদিত)
  • বেণু (গীতৰ সংকলন)
  • মোৰ দাদা (স্বৰ্গীয় গিৰীশচন্দ্ৰ ৰায়চৌধুৰীৰ জীৱনী)
  • মোৰ জীৱনৰ ধুমুহা এছাটি (অসম বাণী, অসম বাতৰি, ৰামধেনু আদিত প্ৰকাশিত প্ৰৱন্ধ সংকলন)
  • বন্দিনী ভাৰত (নাটক)
  • ভক্ত গৌৰৱ বা শিখীধ্বজৰ দান পৰীক্ষা (যাত্ৰা গীতিনাট্য)

ইংৰাজী[সম্পাদনা কৰক]

  • চঙচ্‌ অৱ দ্য চেল (অনুবাদ: বাণীকান্ত কাকতি আৰু ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ১৯৪২)
  • ফাইনেল গল অৱ এ মেন এণ্ড লাষ্টিং পিচ (অনুবাদ: মহেন্দ্ৰ বৰা, ১৯৬০)

(প্ৰথমখন কাৰাবাসত থকাৰ সময়ত লিখা গীতৰ পুথি, দ্বিতীয়খন জগতৰ শেষ আদৰ্শ আৰু বিশ্ব শান্তি স্থাপনৰ পথ শীৰ্ষক প্ৰৱন্ধৰ ইংৰাজী ভাষান্তৰ)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 নন্দ তালুকদাৰ (১৯৬৮). অম্বিকাগিৰী ৰায়চৌধুৰী. প্ৰকাশক যোৰহাট: অসম সাহিত্য সভা. পৃষ্ঠা. ২৩৯-২৪৬. 
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. 3.0 3.1 3.2 "Ambikagiri Raichoudhry". indiaonline.in. https://www.indiaonline.in/about/personalities/writersandpoets/ambikagiri-raichoudhry। আহৰণ কৰা হৈছে: 22 June 2022. 
  4. ড° তিলক বৰা (২০০৬). কথা বৰণ্য ১০০ (সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন). প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ৪৮-৪৯. ISBN 81-89148-14-1. 
  5. প্ৰণতি শৰ্মা গোস্বামী আৰু অনিল শৰ্মা (সম্পাদনা) ১৯৯৯ কুৰি শতিকাৰ কুৰিজন বিশিষ্ট অসমীয়া, জাৰ্নাল এম্পৰিয়াম,পৃ: ৬৬
  6. 6.0 6.1 অঞ্জল বৰা. "অম্বিকাগিৰি ৰায়চৌধুৰীৰ মই বিপ্লৱী মই তাণ্ডৱী – সমকালীন সমাজৰ এক প্ৰতিচ্ছবি". http://enajori.com/2012/02/%E0%A6%85%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%97%E0%A6%BF%E0%A7%B0%E0%A6%BF-%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80%E0%A7%B0/। আহৰণ কৰা হৈছে: ফেব্ৰুৱাৰী, ০২, ২০১২. 
  7. সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, অৰুণোদয় প্ৰেছ, পৃ: ২৮৬

বহিঃ সংযোগ[সম্পাদনা কৰক]