সমললৈ যাওক

জ্ঞান পূজাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্ঞান পূজাৰী
জন্ম ১৯৪৮
কলাবাৰী, শোণিতপুৰ জিলা
পেচা কবি, শিক্ষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা  ভাৰত
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি মেঘমালাৰ ভ্ৰমণ
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (২০১৬)[1]

জ্ঞান পূজাৰী এজন অসমীয়া কবি তথা নাট্যকাৰ। ১৯৪৮ চনত তেওঁৰ জন্ম হৈছিল। ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰা চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ "চলচ্চিত্ৰৰ ছাঁ-পোহৰ" তেওঁ প্ৰকাশ কৰিছিল। ২০১৬ চনত তেওঁ "মেঘমালাৰ ভ্ৰমণ" নামৰ কবিতা পুথিৰ জৰিয়তে সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2]

১৯৪৮ চনত শোণিতপুৰ জিলাৰ কলাবাৰীত জ্ঞান পূজাৰীৰ জন্ম হয়। তাৰ পিছত তেওঁ সুদীৰ্ঘ কাল কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিষয় শিক্ষক হিচাপে চাকৰি কৰি ২০০৯ চনত অৱসৰ গ্ৰহণ কৰিছিল। ‘দুঃসাহসৰ সময়’, ‘পুৱা গধূলিৰ বেলি’, ‘কথা মালিকাৰ গন্ধ’, ‘বনৰীয়া ঘাঁহ’, ‘ক’লা ঘোঁৰাৰ ৰঙা জোন’ শীৰ্ষক বিশ্ববিখ্যাত কবি লৰকাৰ কবিতা পুথিৰ অনুবাদ কৰা জ্ঞান পূজাৰীয়ে প্ৰকাশ কৰা অপূৰ্ব শৰ্মাৰ গ্ৰন্থ ‘অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ’ৰ বাবে ২০০২ চনত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি নাট্য সাহিত্যতো যথেষ্ট দখল থকা প্ৰগতিশীল সত্তাৰ অধিকাৰী জ্ঞান পূজাৰীয়ে হবিব তনবিৰৰ যুগজয়ী নাটক ‘চৰণদাস চোৰ’ আৰু চাওলী মিত্ৰৰ আন এখন প্ৰখ্যাত নাটক ‘নাথৱতী অনাথৱৎ’ অসমীয়ালৈ অনুবাদ কৰাৰ পাছত বিভিন্ন মঞ্চত সফল মঞ্চায়ন হৈছিল। জ্ঞান পূজাৰীয়ে ‘সাম্প্ৰতিক সাময়িকী’ নামৰ এসময়ৰ বহুল সমাদৃত আলোচনীখনত চাৰি বছৰ ধৰি সহযোগী সম্পাদক হিচাপেও কাম কৰিছিল।

২০১৩ চনত প্ৰকাশ পোৱা জ্ঞান পূজাৰীৰ ৩৮টা কবিতাৰ কাব্য সংকলন ‘মেঘমালাৰ ভ্ৰমণ’ৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]
  • দুঃসাহসৰ সময় (১৯৮৩)
  • পুৱা গধূলিৰ বেলি (১৯৯২)
  • কথা মালিকাৰ গন্ধ (১৯৯৭)
  • বনৰীয়া ঘাঁহ (২০০৬)
  • মেঘমালাৰ ভ্ৰমণ (২০১৩)
  • পানি ৰঙৰ জল কুঁৱৰী (২০১৭)
  • কেনে আছা সত্তৰ (২০২২)
  • তাঁতশালৰ সপোন: জ্ঞান পূজাৰীৰ নিৰ্বাচিত কবিতা (সম্পা. ধ্ৰুৱজ্যোতি দাস, ২০২৩)

প্ৰবন্ধ সংকলন

[সম্পাদনা কৰক]
  • মনিমুগ্ধৰ পুনৰ জনম আৰু অন্যান্য ৰচনা
  • চন্দ্ৰ চুৰ (মূল: হাবিব তানবীৰৰ চৰণদাস চুৰ)
  • চক্ৰবেহু (মূল: ৰতন থিয়ামৰ চক্ৰভিউ)
  • নাথৱতী অনাথৱৎ (মূল: চাওলী মিত্ৰৰ নাথৱতী অনাথৱৎ)
  • অকলশৰীয়া এজনী (মূল: দাৰিঅ' ফ'ৰ এ ৱমেন এলন)
  • ক'লা ঘোঁৰাৰ ৰঙা জোন (ফেদ্ৰিক' জি লৰকাৰ ব্লাড ৱেডিং)

প্ৰকাশক

[সম্পাদনা কৰক]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]