বিশ্বনাথ জিলা
বিশ্বনাথ জিলা Biswanath district | |
---|---|
জিলা | |
বিশ্বনাথ শিৱ মন্দিৰ | |
![]() | |
দেশ | ![]() |
ৰাজ্য | অসম |
বিশ্বনাথ জিলা | ২০১৫ |
সদৰ ঠাই | বিশ্বনাথ চাৰিআলি |
কালি | |
• মুঠ |
১,১০০ বৰ্গকিমি (৪০০ বৰ্গমাইল) |
উচ্চতা | ৪৮ মিটাৰ (১৫৭ ফুট) |
জনসংখ্যা (2011) | |
• মুঠ |
৫,৮০,০০০ |
• ঘনত্ব | ৫৩০/km২ (১,৪০০/sq mi) |
বিশ্বনাথ জিলা (IPA: ˌbɪswəˈnɑːθ ˈtʃɑːrɪˌælɪ) অসমৰ উত্তৰ-পাৰৰ এখন জিলা। ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বিশ্বনাথ জিলা গঠনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল।[1][2] শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ বেছি ভাগ অংশ আৰু গহপুৰৰ কিছু অংশৰে বিশ্বনাথ জিলা গঠন কৰা হ’ল। ইয়াৰ উত্তৰে অৰুণাচল প্ৰদেশ দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু গোলাঘাট জিলা, পূবে লখিমপুৰ জিলা আৰু পশ্চিমে শোণিতপুৰ জিলা অৱস্থিত। জিলাখনৰ সদৰ ঠাই হৈছে বিশ্বনাথ চাৰিআলি।
ইতিহাস
[সম্পাদনা কৰক]এই জিলা পূৰ্বতে চুতীয়া আৰু বাৰ ভূঞা সকলৰ মাজত বিভক্ত আছিল। সীমা আছিল ঘিলাধাৰী আৰু দিকাৰাই নৈ। সীমাৰ ওচৰত অৱস্থিত প্ৰতাপ গড় চুতীয়া ৰজা প্ৰতাপ নাৰায়ণে নিৰ্মাণ কৰা বুলি জনা যায়। অৰুণাচল প্ৰদেশৰ সীমান্তৰৰ বুৰৈ নদীৰ পাৰত এটি গড় অৱস্থিত আছে য'ত শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ দেৱালত পোৱা খনিকৰে অঁকা আক্ষৰ-চিহ্ন মিল দেখা গৈছে। সেইবাবে এই গড় চুতীয়া ৰাজ্যৰ দিনৰ বুলি কোৱা হয়।
উত্তৰ পূব ভাৰতৰ প্ৰাচীন তীৰ্থক্ষেত্ৰ বিখ্যাত শিৱ মন্দিৰ বিশ্বৰপৰাই এই অঞ্চলৰ নাম বিশ্বনাথ হয়[3]}। বৰ্তমান যি অঞ্চলক বিশ্বনাথ বোলা হয়, সেই অঞ্চলৰ পুৰণি নাম আছিল 'সলা'। তাৰপাছত জনাজাত হ'ল নদুৱাৰ নামেৰে। বৰ্তমান নদুৱাৰ অঞ্চলৰ পূব অংশই বিশ্বনাথ অঞ্চল। প্ৰশাসনিক মহকুমা হ'ল বিশ্বনাথ। পুৰাণ আৰু তন্ত্ৰত উল্লেখিত বিশ্বনাথ নামে বিশ্বনাথ তীৰ্থক্ষেত্ৰ বা বিশ্বনাথ ধামকহে বুজাইছিল। বিশ্বনাথ শব্দৰ অৰ্থ বিশ্বৰ গৰাকী। বিশ্বৰ গৰাকীৰ অধিষ্ঠান ক্ষেত্ৰ এই বিশ্বনাথ। বিশ্বনাথক গুপ্তকাশী বুলিও কোৱা হয়। কিম্বদন্তি মতে, কুমুদ আৰু কৌস্তভ নামৰ দুজন মুনিৰ শাপত বিশ্বনাথখন গুপ্ত কাশী হ'ল। গুপ্তকাশীৰ অৰ্থ এই যে ই কাশী বুলি জনাজাত নহয়।
প্ৰশাসন
[সম্পাদনা কৰক]- সদৰ ঠাই : বিশ্বনাথ চাৰিআলি
- মহকুমাৰ সংখ্যা : বিশ্বনাথ চাৰিআলি, গহপুৰ
- ৰাজহ চক্ৰ : বিশ্বনাথ চাৰিআলি, গহপুৰ, হেলেম
- পুলিচ ষ্টেচন : গহপুৰ, হেলেম, বিহালী, জিনজিয়া, বিশ্বনাথ চাৰিআলি, চতিয়া
- চহৰৰ নাম : বিশ্বনাথ চাৰিআলি, গহপুৰ
- পৌৰসভাৰ সংখ্যা : ১
- নগৰ সমিতিৰ সংখ্যা : ১
লগতে চাওক
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]
|