সমললৈ যাওক

বিশ্বনাথ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্বনাথ জিলা
Biswanath district
জিলা
বিশ্বনাথ শিৱ মন্দিৰ
বিশ্বনাথ শিৱ মন্দিৰ
দেশ  ভাৰত
ৰাজ্য অসম
বিশ্বনাথ জিলা ২০১৫
সদৰ ঠাই বিশ্বনাথ চাৰিআলি
কালি
 • মুঠ
১,১০০ বৰ্গকিমি (৪০০ বৰ্গমাইল)
উচ্চতা
৪৮ মিটাৰ (১৫৭ ফুট)
জনসংখ্যা
 (2011)
 • মুঠ
৫,৮০,০০০
 • ঘনত্ব ৫৩০/বৰ্গকিমি (১,৪০০/বৰ্গমাইল)

বিশ্বনাথ জিলা (IPA: ˌbɪswəˈnɑːθ ˈtʃɑːrɪˌælɪ) অসমৰ উত্তৰ-পাৰৰ এখন জিলা। ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বিশ্বনাথ জিলা গঠনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল।[1][2] শোণিতপুৰ জিলাবিশ্বনাথ মহকুমাৰ বেছি ভাগ অংশ আৰু গহপুৰৰ কিছু অংশৰে বিশ্বনাথ জিলা গঠন কৰা হ’ল। ইয়াৰ উত্তৰে অৰুণাচল প্ৰদেশ দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু গোলাঘাট জিলা, পূবে লখিমপুৰ জিলা আৰু পশ্চিমে শোণিতপুৰ জিলা অৱস্থিত। জিলাখনৰ সদৰ ঠাই হৈছে বিশ্বনাথ চাৰিআলি

এই জিলা পূৰ্বতে চুতীয়া ৰাজ্য আৰু বাৰ ভূঞাসকলৰ মাজত বিভক্ত আছিল। সীমা আছিল ঘিলাধাৰী আৰু দিকাৰাই নৈ। সীমাৰ ওচৰত অৱস্থিত প্ৰতাপ গড় চুতীয়া ৰজা প্ৰতাপ নাৰায়ণে নিৰ্মাণ কৰা বুলি জনা যায়‌। অৰুণাচল প্ৰদেশৰ সীমান্তৰৰ বুৰৈ নদীৰ পাৰত এটি গড় অৱস্থিত আছে য'ত শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ দেৱালত পোৱা খনিকৰে অঁকা আক্ষৰ-চিহ্ন মিল দেখা গৈছে। সেইবাবে এই গড় চুতীয়া ৰাজ্যৰ দিনৰ বুলি কোৱা হয়।‌ [3]

উত্তৰ-পূব ভাৰতৰ প্ৰাচীন তীৰ্থক্ষেত্ৰ বিখ্যাত শিৱ মন্দিৰ বিশ্বৰপৰাই এই অঞ্চলৰ নাম বিশ্বনাথ হয়[4]}। বৰ্তমান যি অঞ্চলক বিশ্বনাথ বোলা হয়, সেই অঞ্চলৰ পুৰণি নাম আছিল 'সলা'। তাৰপাছত জনাজাত হ'ল নদুৱাৰ নামেৰে। বৰ্তমান নদুৱাৰ অঞ্চলৰ পূব অংশই বিশ্বনাথ অঞ্চল। প্ৰশাসনিক মহকুমা হ'ল বিশ্বনাথ। পুৰাণ আৰু তন্ত্ৰত উল্লিখিত বিশ্বনাথ নামে বিশ্বনাথ তীৰ্থক্ষেত্ৰ বা বিশ্বনাথ ধামকহে বুজাইছিল। বিশ্বনাথ শব্দৰ অৰ্থ বিশ্বৰ গৰাকী। বিশ্বৰ গৰাকীৰ অধিষ্ঠান ক্ষেত্ৰ এই বিশ্বনাথ। বিশ্বনাথক গুপ্তকাশী বুলিও কোৱা হয়। কিম্বদন্তি মতে, কুমুদ আৰু কৌস্তভ নামৰ দুজন মুনিৰ শাপত বিশ্বনাথখন গুপ্ত কাশী হ'ল। গুপ্তকাশীৰ অৰ্থ এই যে ই কাশী বুলি জনাজাত নহয়।

শৈক্ষিক অনুষ্ঠান

[সম্পাদনা কৰক]
  • বিশ্বনাথ মহাবিদ্যালয়
  • বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়
  • বিশ্বনাথ কলেজ অৱ এডুকেশ্বন,বিশ্বনাথ
  • চাৰিদুৱাৰ মহাবিদ্যালয়,গহপুৰ
  • বিশ্বনাথ কৃষি মহাবিদ্যালয়
  • বেহালী স্নাতক মহাবিদ্যালয়,বেহালী
  • চতিয়া মহাবিদ্যালয়,চতিয়া
  • জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান,বিশ্বনাথ
  • বিশ্বনাথ চাৰিআলি চৰকাৰী আই টি আই মহাবিদ্যালয়
  • চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান,বিশ্বনাথ
  • জ্ঞান উদয় পেৰামেডিকেল নাৰ্চিং প্ৰতিষ্ঠান,বিশ্বনাথ চাৰিআলি
  • ডাফ্নে জুনিয়ৰ কলেজ (উ.মা.)
  • অৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ (উ.মা.)
  • তৰুণ চন্দ্ৰ ভট্টাচাৰ্য মেম’ৰিয়েল জুনিয়ৰ কলেজ (উ.মা.)
  • আনন্দ ৰাম বৰুৱা জুনিয়ৰ কলেজ (উ.মা.)

প্ৰশাসন

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. http://www.dnaindia.com/india/report-cm-tarun-gogoi-announces-5-new-districts-in-assam-on-independence-day-2114724
  2. http://zeenews.india.com/news/assam/assam-gets-five-more-districts_1647470.html
  3. Shin, Jae-Eun (2020). "Descending from demons, ascending to kshatriyas: Genealogical claims and political process in pre-modern Northeast India, The Chutiyas and the Dimasas", "Though the geographical extent of these rulers' power is not yet known in detail, according to Neog, the present-day North Lakhimpur district of Assam, which covers the find sites of most inscriptions, perhaps formed a part of their political dominion. If architectural continuity is admitted between the fortifications in the Sadiya region and the Burai river ruin site, it would be possible to believe that the kingdom of these rulers extended as far as the outer limit of Darrang district, to the westernmost extent of which Ahom conquerors settled the vanquished Chutiyas in the early part of the sixteenth century",p.52-53
  4. বিশ্বনাথৰ ইতিহাস,তৰুণ দাস।