গহপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
গহপুৰ
—  মহকুমা  —
গহপুৰ
গহপুৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বিশ্বনাথ জিলা
মহকুমাধিপতি
জনসংখ্যা 9,408 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


69 m (226 ft)

গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমশোণিতপুৰ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ৷ ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়৷ৰামচন্দ্ৰ বা প্ৰতাপচন্দ্ৰ বা মায়ামত্ত ৰজাৰ ঔৰসত তেওঁৰ মহিষী নাম্নী বা চন্দ্ৰপ্ৰভা ৰাণীৰ গৰ্ভত,১৩০০ খ্ৰীষ্টাব্দত বিখ্যাত আৰিমত্ত ৰজাৰ জন্ম হৈছিল। তেওঁ দিগ্বিজয় কৰি ফুৰা সময়ত কামৰূপৰ বেতনালৈকে দিগ্বিজয় কৰি উঠি, আকৌ উজাই আহি, লুইত মুখৰ পোন ধৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰপাৰে দিগ্বিজয় কৰিবলৈ ধৰে।তেওঁ তেজপুৰৰ কলাবাড়ীৰ পৰা ভটীয়াই দিব্যা(এতিয়াৰ ডুবিয়া), কুঁৱৰীনশ্বৰ প্ৰভৃতি ঠাই দখল কৰি, এখন প্ৰকাণ্ড হাবি পাই। সেই হাবি ভঙ্গাই তাত আৰিমত্ত ৰজাই 'গহনপুৰ' নামেৰে এখন গাঁও পাতিছিল আৰু সেয়াই বৰ্তমানৰ গহপুৰ।

ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]

গহপুৰ 26°53′N 93°38′E / 26.88°N 93.63°E / 26.88; 93.63- অক্ষ্যাংশ আৰু দ্ৰাঘিমাংশত অৱস্থিত৷[1] আনহাতে সমুদ্ৰ পৃষ্ঠৰ পৰা ৬৯ মিটাৰ (২২৬ ফুট)উচ্চতাত অৱস্থিত৷ নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে৷ লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে৷

চাৰিসীমা[সম্পাদনা কৰক]

উত্তৰে- অৰুণাচল প্ৰদেশ

দক্ষিনে- ব্ৰহ্মপুত্ৰ নদী

পূবে- লক্ষীমপুৰ জিলা

পশ্চিমে- বুৰৈ নদী

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ ভাৰতৰ জনগণনা অনুসৰি, গহপুৰৰ জনসংখ্যা ৯৪০৮৷ মুঠ জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% মহিলা৷ গহপুৰৰ শিক্ষিতৰ হাৰ হৈছে ৭২%, ইয়াৰে পুৰুষ ৭৭%, আৰু মহিলা ৬৬%৷[2]

ৰাজনীতি[সম্পাদনা কৰক]

গহপুৰ তেজপুৰ (লোকসভা সমষ্টি)ৰ অংশ৷ গহপুৰ বিধান সভা নিৰ্বাচনে উত্তৰ অসমৰ এটা বৃহৎ অঞ্চল হাৱাজানৰ পৰা বুৰৈলৈকে সামৰি লয়৷ গহপুৰ বিধানসভা সমষ্টিৰ বিধায়কসকলৰ নাম তলত উল্লেখ কৰা হ'ল -

  • গহন চন্দ্ৰ গোস্বামী (১৯৫১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৫৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৬২) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • বিষ্ণুলাল উপাধ্যায় (১৯৬৭) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ৰামচন্দ্ৰ শৰ্মা (১৯৭৩) জনতা দল
  • ৰামচন্দ্ৰ শৰ্মা (১৯৭৮) জনতা দল
  • গণেশ কুটুম (১৯৮৫) অসম গণ পৰিষদ
  • কোষেশ্বৰ বৰুৱা (১৯৯১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • গণেশ কুটুম (১৯৯৬) অসম গণ পৰিষদ
  • ৰিপুন বৰা (২০০১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • ৰিপুন বৰা (২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • মনিকা বৰা (২০১১) ভাৰতীয় জাতীয় কংগ্ৰেছ
  • উৎপল বৰা (২০১৬) ভাৰতীয় জনতা পাৰ্টী

উচ্চ শিক্ষা প্ৰতিষ্ঠান[সম্পাদনা কৰক]

উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়[সম্পাদনা কৰক]

সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান[সম্পাদনা কৰক]

ঐতিহাসিক ক্ষেত্ৰ(দ'ল/দেৱালয়/সত্ৰ)[সম্পাদনা কৰক]

এই সমূহৰ উপৰিও গহপুৰ মহকুমাত যথেষ্ট সংখ্যক দ'ল,দেৱালয়,সত্ৰ তথা ঐতিহাসিক স্মৃতি বিজৰিত স্থান আছে ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

তথ্যচিত্ৰ- Gohpur-The Golden glory By AG CREATION (YouTube যোগে উপলব্ধ)