বিজনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিজনী
—  নগৰ  —
বিজনী is located in Assam
বিজনী
ভাৰতঅসমত বিজনীৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°31′N 90°40′E / 26.52°N 90.67°E / 26.52; 90.67স্থানাংক: 26°31′N 90°40′E / 26.52°N 90.67°E / 26.52; 90.67
দেশ  ভাৰত
ৰাজ্য অসম
জিলা চিৰাং[B.T.A.D.]
উচ্চতা ৫৩ মিটাৰ (১৭৩.৮৮ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১২,৬০৭ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

বিজনী(ইংৰাজী: Bijni) অসমচিৰাং জিলা ত অৱস্থিত এখন চহৰ৷

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

বিজনী 26°31′N 90°40′E / 26.52°N 90.67°E / 26.52; 90.67 ত অৱস্থিত৷ [1] সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৫৩ মিটাৰ (১৭৩ ফুট)৷

বিজনী ৰেলৱে ষ্টেচন
বিজনী নামঘৰৰ ভিতৰভাগ

বিজনীৰ আশে পাশে থকা গাওঁসমূহ হৈছে-ভেটাগাওঁ, বাটবাৰী, ছাতিয়ানগুৰী, লেচিয়াগাওঁ, আমগুৰী, পুৰাণ বিজনী, গেৰুকাবাৰী, শাকতোলা,গৰৈমাৰি, বাঘমাৰা, মাজৰাবাৰী, পানবাৰী আদি৷

ইতিহাস[সম্পাদনা কৰক]

১৬৭১ চনৰ পৰা ১৮৬৪ লৈ বিজনী কোঁচ শাসনৰ অধীনষ্ঠ ৰাজধানী আছিল বুলি জনা যায়৷ পৰৱৰ্ত্তী কালত ভূটানৰ ঝালিয়া মেছ (Jhawlia Mech) নামৰ শাসকজনে এই স্থান অধিকাৰ কৰাত ৰাজধানী দুমুৰিয়ালৈ স্থানান্তৰ কৰা হয়৷ ১৮৯৭ চনৰ ভূইকঁপৰ ফলত বহুতো ৰাজকীয় অট্টালিকাৰ ক্ষতিসাধন হোৱাত পুনৰ ৰাজধানীৰ পৰিৱৰ্ত্তন হয়৷ ১৯৫৬ চনত বিজনীত কোঁচ শাসনৰ অন্ত পৰে৷

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি[2] বিজনীৰ জনসংখ্যা প্ৰায় ১২,৬০৭ জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ বিজনীৰ সাক্ষৰতাৰ হাৰ ৭৯%, পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৪% আৰু ৭৩%৷ ইয়াৰ জনসংখ্যাৰ প্ৰায় ১১% ছয় বছৰৰ অনুৰ্ধৰ৷

ৰাজনীতি[সম্পাদনা কৰক]

বিজনী কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [3]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]