সমললৈ যাওক

অসম গণ পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম গণ পৰিষদ
নেতা প্ৰফুল্ল কুমাৰ মহন্ত
সভাপতি অতুল বৰা
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১৯৮৫
মূখ্য কাৰ্যালয় গোপীনাথ বৰদলৈ পথ, আমবাৰী, গুৱাহাটী-৭৮১০০১
ৰাজনৈতিক মতাদৰ্শ আঞ্চলিকতাবাদ
ৱেবছাইট অসম গণ পৰিষধৰ ৱেবচাইট

অসম গণ পৰিষদ (ইংৰাজী: Asom Gana Parishad) হ'ল অসমৰ এক ৰাজনৈতিক দল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অসম আন্দোলনৰ পৰিণতিত অসম গণ পৰিষদ গঠিত হৈছিল। বৰ্তমানলৈকে (২০১২ চন) অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদে দুবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি[1] পাছত প্ৰফুল্ল কুমাৰ মহন্ত দেশৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় আৰু অগপ প্ৰতিষ্ঠিত হয়।[2] ১৯৮৫-১৯৮৯ আৰু ১৯৯৬-২০০১ কালছোৱাত দুবাৰ অগপই অসমত চৰকাৰ গঠন কৰে। কিন্তু ২০০৫ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দল বিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰ বাবে দলৰ পৰা বৰ্খাস্ত হ'ব লগীয়া হয়। ২০০৬ চনত তেওঁ নিজ সমৰ্থকসকলৰ সৈতে মিলিত হয় আৰু অসম গণ পৰিষদ (প্ৰগতিশীল) নামৰ এক নতুন দল গঠন কৰে। কিন্তু এই দলটোৱে ৰাইজৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হয়। ২০০৮ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত অগপৰ প্ৰতিষ্ঠা দিৱসত দুই দলৰ মিলন ঘটে আৰু অসম গণ পৰিষদ (প্ৰগতিশীল) ভংগ হয়। [3]

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দলটোৱে ১২৬খন আসনৰ ভিতৰত ১৪খন আসনত জয়লাভ কৰি ভাৰতীয় জনতা পাৰ্টি আৰু বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ লগত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে। ২০১৬ চনৰ নৱেম্বৰত অতুল বৰা দ্বিতীয় বাৰৰ বাবে সভাপতি নিৰ্বাচিত হয়।[4]

বৰ্তমান ই ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটলৈ (NDA) সমৰ্থন আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক দলেৰে গঠিত উত্তৰ-পূব আঞ্চলিক ৰাজনৈতিক মৰ্চাৰ অংশীদাৰ। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ উপৰিও[5] ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো দলটোৱে বিজেপিৰ সৈতে মিত্ৰতা অব্যাহত ৰাখিছে।

আভ্যন্তৰীণ বিভাজন আৰু একত্ৰীকৰণ

[সম্পাদনা কৰক]

১৯৯১ চনৰ মাৰ্চ মাহত দলৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকন, প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী তথা সাংসদ দীনেশ গোস্বামী, ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী, অসম বিধানসভাৰ অধ্যক্ষ পুলকেশ বৰুৱা আদিয়ে অসম গণ পৰিষদৰ পৰা আঁতৰি গৈ নতুন অসম গণ পৰিষদ গঠন কৰে। বিভাজিত অংশটো ১৯৯২ চনত পুনৰ অগপত চামিল হয়।

২০০০ চনত পুলকেশ বৰুৱাৰ সৈতে অসমৰ প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা অতুল বৰা (জ্যেষ্ঠ) আঁতৰি আহি তৃণমূল গণ পৰিষদ গঠন কৰে।

প্ৰফুল্ল কুমাৰ মহন্তৰ অধীনত দ্বিতীয়খন অগপ চৰকাৰৰ শাসনকাল শেষ হৈ কংগ্ৰেছে পুনৰ ক্ষমতা দখল কৰাৰ পিছত তেওঁৰ কাৰ্যকালত সংঘটিত দুৰ্নীতি, গোপন হত্যাকাণ্ডত চৰকাৰ জড়িত হোৱা, আৰু মহন্তৰ সামগ্ৰিকভাৱে নিষ্ক্ৰিয় নেতৃত্ব আদি অসংখ্য অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। ফলস্বৰূপে তেওঁ দলৰ সভাপতি পদৰ পৰা পদচ্যুত হয় আৰু পিছলৈ ২০০৫ চনৰ ৩ জুলাইত দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। ইয়াৰ পিছত মহন্তই নিজাকৈ দল অসম গণ পৰিষদ (প্ৰগতিশীল) গঠন কৰে।

২০০৮ চনত অসমত আঞ্চলিক দলীয় আন্দোলনক শক্তিশালী কৰাৰ বাবে সকলো বিচ্ছিন্ন গোটৰ মাজত থকা মতানৈক্য আঁতৰাই সকলোকে মূল দলৰ ছাতিৰ তলত অনাৰ এক প্ৰক্ৰিয়া আৰম্ভ হয়। অৱশেষত ২০০৮ চনৰ ১৪ অক্টোবৰত ঐতিহাসিক চহৰ গোলাঘাটত সকলো বিচ্ছিন্ন গোটক একলগ কৰা হয়। প্ৰফুল্ল মহন্তৰ অগপ প্ৰগতিশীল, অতুল বৰা (জ্যেষ্ঠ) আৰু পুলকেশ বৰুৱাৰ তৃণমূল গণ পৰিষদ, কৃষক নেতা তথা পাটাছাৰকুছিৰ প্ৰাক্তন বিধায়ক পবীন্দ্ৰ ডেকাৰ পূৰ্বাঞ্চলীয় লোক পৰিষদ অগপ দলত চামিল হয়।

দলত্যাগ

[সম্পাদনা কৰক]

২০১১ চনত সপ্ৰতীভ যুৱ নেতা সৰ্বানন্দ সোণোৱালে অগপৰ ভিতৰৰ সকলো কাৰ্যবাহী পদৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে; কাৰণ বিতৰ্কিত আই এম ডি টি আইন বাতিলৰ বিপক্ষে থকা বিৰোধী দল এটাৰ সৈতে দলটোৰ জ্যেষ্ঠ নেতৃত্বই মিত্ৰতা গঢ়ি তুলিবলৈ চেষ্টা কৰা বাবে তেওঁ অসন্তুষ্ট হৈছিল। অগপৰ প্ৰাক্তন সাধাৰণ সম্পাদক সোণোৱালে এইদৰে কয়:

"ছয় বছৰীয়া অসম আন্দোলনৰ পিছত অবৈধ বিদেশী সমস্যাৰ পৰাই অগপৰ জন্ম হৈছিল; আন্দোলনত ৮৫৫ জন লোকে প্ৰাণ আহুতি দিছিল। দলটোৱে নিজৰ নীতিৰ পৰা বিচ্যুত হৈ শ্বহীদৰ বলিদানক সন্মান জনোৱাত ব্যৰ্থ হৈছে। কিন্তু নিষ্ঠাৱান তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ বিৰুদ্ধে মোৰ কোনো অভিযোগ নাই। যিহেতু অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ অগপ ব্যৰ্থ হৈছে, সেয়েহে অসমৰ জনসাধাৰণৰ স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনৰ সমস্যা আৰু বিষয়সমূহৰ ওপৰত আলোকপাত কৰিব পৰা হ’ব বুলি মনত ৰাখি বিজেপিত যোগদান কৰিছো।"

২০১১ চনৰ ৮ ফেব্ৰুৱাৰীত তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন গাডকাৰী; বৰুণ গান্ধী, বিজয় গোৱেল, বিজয়া চক্ৰৱৰ্তীৰ দৰে জ্যোষ্ঠ নেতা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দত্তৰ উপস্থিতিত সোণোৱালে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। নতুন সভাপতি হিচাপে ৰাজ্যৰ মুৰব্বী হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে, তাৎক্ষণিক ভাবে তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহীৰ সদস্য আৰু তাৰ পিছত ৰাজ্যিক বিজেপি গোটৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হয়।

পুনৰ ৩ জুলাই ২০১৩ তাৰিখে দলৰ জ্যেষ্ঠ নেতা অতুল বৰাই পুনৰবাৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে।

নিৰ্বাচনী প্ৰদৰ্শন

[সম্পাদনা কৰক]

অসম বিধানসভা

[সম্পাদনা কৰক]
নিৰ্বাচন আসন ভোট ভোটৰ শতাংশ
১৯৮৫
৬৪ / ১২৬
হাতীৰ প্ৰতীকত নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হয়।
নিৰ্বাচন পিছত অগপই নিৰ্বাচন আয়োগৰ স্বীকৃতি লাভ কৰে।
১৯৯১
১৯ / ১২৬
decrease৪৫ ১৭.৯৩%
১৯৯৬
৫৯ / ১২৬
বৃদ্ধি ৪০ ২৯.৭০%
২০০১
২০ / ১২৬
decrease৩৯ ২০.০২%
২০০৬
২৪ / ১২৬
বৃদ্ধি ২০.৩৯%
২০১১
১০ / ১২৬
decrease১৪ ১৬.২৯%
২০১৬
১৪ / ১২৬
বৃদ্ধি ৮.১%
২০২১
৯ / ১২৬
decrease ৭.৯১%
নিৰ্বাচন আসন ভোট ভোটৰ শতাংশ
১৯৮৪
৮ / ৫৪৩
নিৰ্দলীয় সদস্য হিচাপে
১৯৮৯ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই
১৯৯১
১ / ৫৪৩
১,৪৮৯,৮৯৮ ০.৫৪
১৯৯৬
৫ / ৫৪৩
২,৫৬০,৫০৬ ০.৭৬
১৯৯৮
০ / ৫৪৩
১,০৬৪,৯৭৭ ০.২৯
১৯৯৯
০ / ৫৪৩
১,১৮২,০৬১ ০.৩২
২০০৪
২ / ৫৪৩
২,০৬৯,৬০০ ০.৫৬
২০০৯
১ / ৫৪৩
১,৭৭৩,১০৩ ০.৪৩
২০১৪
০ / ৫৪৩
৫৭৭,৭৩০ ০.১০
২০১৯
০ / ৫৪৩
১,৪৮০,৬৯৭ ০.২৪
২০২৪
১ / ৫৪৩
১,২৯৮,৭০৭ ০.২০

মুখ্যমন্ত্ৰী সকলৰ তালিকা

[সম্পাদনা কৰক]



তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]