সদৌ অসম ছাত্ৰ সন্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সদৌ অসম ছাত্ৰ সন্থা
চমু নাম AASU
নীতিবাক্য জয় আই অসম
প্ৰতিষ্ঠা ৮ আগষ্ট ১৯৬৭ (1967-08-08) (৫১ বছৰ পূৰ্বে)
ধৰণ ছাত্ৰ সংগঠন
প্ৰধান কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়
সেৱা ক্ষেত্ৰ অসম
সভাপতি দীপাংক কুমাৰ নাথ
পূৰ্বৰ নাম সদৌ অসম ছাত্ৰ সংগঠন

সদৌ অসম ছাত্ৰ সন্থা (ইংৰাজীত চমুকৈ AASU) অসমৰ এটা অন্যতম বৃহৎ ছাত্ৰ সংগঠন।[1] বাংলাদেশৰ পৰা অসমলৈ হোৱা অনুপ্ৰবেশৰ বিৰুদ্ধে ছবছৰীয়া অসম আন্দোলনৰ নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিছিল। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অসম গণ পৰিষদ দল গঠন কৰিছিল। অসম গণ পৰিষদ দলে ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈ আৰু ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিছিল।

ইতিহাস[সম্পাদনা কৰক]

১৯৪০ চনত অসম ছাত্ৰ সন্মিলনী (ইংৰাজী: Assam Students' Association) নামৰ এটা ছাত্ৰ সংগঠন বিভাজিত হৈ সদৌ অসম ছাত্ৰ ফেডাৰেছন (ইংৰাজী: All Assam Students' Federation) আৰু সদৌ অসম ছাত্ৰ কংগ্ৰেছ (ইংৰাজী: Assam Students' Congress) দুটা সংগঠন গঠিত হৈছিল। এক দশকৰ পিছত এই দুয়োটা সংগঠন একত্ৰিত হৈ সদৌ অসম ছাত্ৰ সংগঠন (ইংৰাজী: All Assam Student' Association) গঠন কৰে। ১৯৬৭ চনৰ জানুৱাৰীত এই ছাত্ৰ সংগঠনটো সদৌ অসম ছাত্ৰ সন্থা নামেৰে পুনঃনামকৰণ কৰা হয়।[1][2] ১৯৬৭ চনৰ আগষ্ট মাহত, সংগঠনটোৱে ইয়াৰ সংবিধান গ্ৰহণৰ দ্বাৰা আনুস্থানিক সংগঠন হিচাপে প্ৰতিস্থা কৰে।[2]

অসম আন্দোলন[সম্পাদনা কৰক]

সদৌ অসম ছাত্ৰ সন্থাই ক্ৰমে সমাজৰ সকলো শ্ৰেণীৰ জনগণৰ অংশগ্ৰহণৰ দ্বাৰা আন্দোলনৰ কাৰ্যসূচী ত্বৰিত কৰি তুলিছিল। ১৯৭৯ চনৰ আগষ্ট মাহত সদৌ অসম ছাত্ৰ সন্থাই অসম সাহিত্য সভা আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদৰ প্ৰতিনিধিৰে সদৌ অসম গণ সংগ্ৰাম পৰিষদ গঠন কৰিছিল। জাতীয়তাবাদী দল, অসম যুৱক সমাজ আৰু যুৱ অধিবক্তা ফ'ৰাম নামৰ সংগঠন কেইটাইও পিছত গণ সংগ্ৰাম পৰিষদত যোগদান কৰিছিল। সেই সময়ত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে, মূখ্য নিৰ্বাচনী আয়ুক্তই অসমৰ মূখ্য নিৰ্বাচনী বিষয়াক পূৰ্বৰ ভোটাৰ তালিকাত থকা সকলো লোকৰ নাম খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। সদৌ অসম ছাত্ৰ সন্থাই ৰাজনৈতিক দল সমূহক দাবী অনুসৰি অসমৰ ভোটাৰ তালিকাৰ সংশোধন নকৰা পৰ্যন্ত নিৰ্বাচনত অংশ গ্ৰহণ নকৰিবলৈ আহ্বান জনায়। সদৌ অসম ছাত্ৰ সন্থা ভাৰতৰ স্বাধীনতা আন্দোলনৰ অনুৰূপে বৃহৎ সত্যাগ্ৰহৰ কাৰ্যসূচী আৰম্ভ কৰিলে। দৈনিক হাজাৰ হাজাৰ লোকে কাৰাবৰণ কৰে। তেতিয়াৰ পৰা পৰৱৰ্তী ছয় বছৰ ধৰি এই আন্দোলন অব্যাহত থাকে। এই বৃহৎ আন্দোলনৰ কোনো কোনো পৰ্যায়ত এই আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। এই আন্দোলনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল যে, চৰকাৰ আৰু অনুপ্ৰবেশকাৰী বাংলাদেশীৰ প্ৰতি সহানুভূতিশীল কিছু অংশৰ বাহিৰে সমাজৰ সকলো শ্ৰেণীয়ে এই আন্দোলনৰ প্ৰতি বহুল সমৰ্থন লাভ কৰিছিল। আন্দোলনৰ বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছিল যে, এই আন্দোলন ধৰ্ম নিৰ্বিশেষে সকলো বিদেশী অনুপ্ৰবেশৰ বিৰুদ্ধে কৰা হৈছিল, নেপালৰ পৰা হোৱা অনুপ্ৰবেশকাৰীৰ বিৰূদ্ধেও সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰ আৰু পোনপটীয়াকৈ প্ৰধান মন্ত্ৰীক বাংলাদেশ আৰু নেপালৰ পৰা হৈ থকা অনুপ্ৰবেশে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি সংকট কঢ়িয়াই অনা সম্পৰ্কে নিৰৱছিন্নভাৱে জনাই আহিছিল। অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ চনৰ ১৫ আগষ্ট'ৰ নিশা অসম চুক্তি (সমাধানৰ ষ্মাৰক পত্ৰ) স্বাক্ষৰিত হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Karna, Mahendra Narain (1998). Social Movements in North-East India. প্ৰকাশক New Delhi: Indus Publishing. ISBN 8173870837. http://books.google.com/books?id=-3FJEfU3swcC. 
  2. 2.0 2.1 Deka, Meeta (1996). Student Movements in Assam. প্ৰকাশক New Delhi: Vikas Pub. House. ISBN 0706998820. http://books.google.com/books?id=N5XkAAAAMAAJ. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]