খিলঞ্জীয়া লোক

খিলঞ্জীয়া লোকসকল (ইংৰাজী: Indigenous peoples) হৈছে এনে নৃগোষ্ঠীয় লোক যিসকল কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা। আন কোনো লোক যিসকলে শেহতীয়াকৈ কোনো অঞ্চলত বসবাস, দখল বা উপনিবেশ স্থাপন কৰিছে তেওঁলোকক খিলঞ্জীয়া লোক বোলা নহয়। খিলঞ্জীয়া লোকসকল ভূমিপুত্ৰ, থলুৱা লোক, প্ৰথম জনগণ, প্ৰথম জাতি আদি নামেৰেও জনা যায়। সাধাৰণতে কোনো গোটক খিলঞ্জীয়া হিচাপে বৰ্ণনা কৰা হয় যেতিয়া তেওঁলোকে পৰম্পৰাগত সংস্কৃতি বা আন কোনো প্ৰাৰম্ভিক সংস্কৃতিৰ সৈতে সম্পৰ্কিত দৃষ্টিভঙ্গিসমূহ মানি চলে। সকলো খিলঞ্জীয়া লোকেই এনে বৈশিষ্ট্য মানি নচলিবও পাৰে, কাৰণ বহুতো ক্ষেত্ৰত তেওঁলোক ঔপনিবেশিক সংস্কৃতি যেনে সাজপাৰ, ধৰ্ম বা ভাষা আঁকোৱালি ল'ব পাৰে। খিলঞ্জীয়া লোকসকলে কোনো নিৰ্দিষ্ট অঞ্চলত বাস কৰিব পাৰে বা এক বিশাল অঞ্চলজুৰি যাযাবৰ জীৱন-যাপন কৰিব পাৰে, কিন্তু তেওঁলোক সাধাৰণতে ঐতিহাসিকভাবে এক নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত বা নিৰ্ভৰশীল। খিলঞ্জীয়া সমাজসমূহ পৃথিৱীৰ প্ৰতিটো জলবায়ু অঞ্চল আৰু মহাদেশতে পোৱা যায়।[1]
খিলঞ্জীয়া লোকসকল সচৰাচৰ তেওঁলোকৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক সুস্থতা আৰু তেওঁলোকৰ সংস্কৃতি নিৰ্ভৰশীল সম্পদসমূহৰ প্ৰতি ভাবুকিৰ সন্মুখীন হয়। সেয়েহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ যেনে ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা, বিশ্ব বেংক আদিয়ে তেওঁলোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ দ্বাৰা ৰাজনৈতিক অধিকাৰ নিৰ্ধাৰণ কৰিছে। ২০০৭ চনত ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় নীতি পৰিচালনাৰ বাবে "খিলঞ্জীয়া লোকৰ অধিকাৰৰ ঘোষণাপত্ৰ" (Declaration on the Rights of Indigenous Peoples; UNDRIP) জাৰি কৰে য'ত খিলঞ্জীয়া লোকৰ সংস্কৃতি, পৰিচয়, ভাষা আৰু কৰ্মসংস্থান, স্বাস্থ্য, শিক্ষা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি অধিকাৰ কথা উল্লেখ কৰা হয়। এক সমীক্ষা অনুসৰি খিলঞ্জীয়া লোকৰ মুঠ জনসংখ্যা ২২ৰ পৰা ৩৫ কোটি বুলি অনুমান কৰা হৈছে।[2]
বিশ্বৰ খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস প্ৰতিবছৰৰ ৯ আগষ্টত পালন কৰা হয়।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Acharya, Deepak and Shrivastava Anshu (2008): Indigenous Herbal Medicines: Tribal Formulations and Traditional Herbal Practices, Aavishkar Publishers Distributor, Jaipur, India. আই.এচ.বি.এন. 978-81-7910-252-7. p. 440
- ↑ Bodley 2008:2