বাণীকান্ত কাকতি
বাণীকান্ত কাকতি | |
---|---|
জন্ম | ১৫ নৱেম্বৰ, ১৮৯৪ বৰপেটা, বাটিকুৰুহা গাঁও |
মৃত্যু | ১৫ নৱেম্বৰ, ১৯৫২ (৫৮ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | কলিকতা বিশ্ববিদ্যালয় |
বাণীকান্ত কাকতি (ইংৰাজী: Banikanta Kakati) একাধাৰে গৱেষক, ভাষাবিদ, সম্পাদক, সমালোচক৷[1] অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। তেওঁ প্ৰথম বাৰলৈ ১৯১৮ চনত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত এম.এ ডিগ্ৰী লাভ কৰে।[2] তাৰ পাছত তেওঁ কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপনা কৰিবলৈ লয়৷ অধ্যাপনা কৰি থাকোঁতেই পুনৰ ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ আনটো গ্ৰুপত পৰীক্ষা দি[3] প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ এম.এ পাছ কৰে। তেওঁ কটন কলেজৰ অধ্যাপক আছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল-‘Assamese : Its Formation And Development.
জন্ম
[সম্পাদনা কৰক]১৮৯৪ চনৰ ১৫ নৱেম্বৰত বৰপেটা জিলাৰ বৰকুৰিহা গাঁৱৰ তেখেতৰ জন্ম হয়। গাঁওখনৰ পূৰ্বৰ নাম আছিল খৰাৰভিঠা৷ তেখেতৰ পিতৃৰ নাম আছিল ললিতৰাম কাকতি[4] আৰু মাতৃৰ নাম লহোবালা কাকতি।[5] [5]বাণীকান্ত কাকতি মাতৃগৰ্ভত থাকোঁতেই পিতৃৰ মৃত্যু হয়৷ তেওঁলোকৰ সৰ্বমুঠ পাঁচজন ককায়ে-ভায়েক আছিল৷ বাণীকান্ত আছিল সৰ্বকনিষ্ঠ৷ জ্যেষ্ঠ ভাতৃ পৰমানন্দ কাকতিৰ ছত্ৰছায়াত থাকিহে তেখেত ডাঙৰ-দীঘল হৈছিল৷[6][7]
শিক্ষা
[সম্পাদনা কৰক]বাণীকান্ত কাকতিয়ে তেওঁৰ ককায়েক পৰমানন্দ কাকতিয়ে (যিজন ৰাধা পণ্ডিত নামেৰে জনাজাত আছিল) শিক্ষকতা কৰি থকা বাটিকুৰিহা নিম্ন প্ৰাথমিক বিদ্যালয়ত ১৯০০ চনত প্ৰথম শিক্ষা আৰম্ভ কৰিছিল। ককায়েকৰ তত্ত্বাৱধানত পঢ়া-শুনা কৰা বাণীকান্ত কাকতিয়ে প্ৰাথমিক বিদ্যালয়ৰ শেষ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছিল আৰু চৰকাৰী ঘৰৰ পৰা বৃত্তি বা জলপানী লাভ কৰিছিল। বৈষ্ণৱ পৰিৱেশত ডাঙৰ হোৱাৰ বাবেই তেওঁ বৈষ্ণৱ সাহিত্যৰ প্ৰতিও সৰুৰেপৰাই আগ্ৰহী হৈছিল৷
প্ৰাইমাৰী বিদ্যালয়ৰ পৰা শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইংৰাজী ১৯০৫ চনত বাণীকান্তই বৰপেটা হাইস্কুলত নাম লগায়। সেই সময়ত বৰপেটা হাইস্কুলৰ প্ৰধান শিক্ষক আছিল কালীমোহন গুপ্ত। তেওঁ বাণীকান্তৰ বছৰেকীয়া পৰীক্ষাৰ সংস্কৃতৰ বহীত এশ পাঁচ নম্বৰ দিয়া দেখি সংস্কৃতৰ শিক্ষক লক্ষ্মীনাৰায়ণ গোস্বামীক মাতি তেওঁৰ ভুল হৈছে বুলি চাবলৈ দিছিল৷ কিন্তু সংস্কৃত শিক্ষকগৰাকীয়ে উত্তৰত কৈছিল, বহীখনত ’বাছা’ই ইমান সুন্দৰকৈ শুদ্ধ উত্তৰ লিখিছে যে মই তাক পাঁচ নম্বৰ বেছিকৈ নিদি থাকিব নোৱাৰিলোঁ৷ প্ৰধান শিক্ষক কালীমোহন গুপ্তই বহীখন পৰীক্ষা কৰি সত্যতাৰ প্ৰমাণ পাইছিল৷[8] স্কুলখন তেতিয়া চৰকাৰী হোৱা নাছিল। এবাৰ স্কুলৰ বছৰেকীয়া পৰীক্ষাত প্ৰথম হোৱা বাবে ইংৰাজ লেখক চেমুৱেল স্মাইলছৰ "চেলফ্ হেল্প" আৰু জাৰ্মান পণ্ডিত ""মেক্সমুলাৰৰ জীৱনী"নামৰ কিতাপ দুখন বাণীকান্ত কাকতিয়ে পুৰস্কাৰ হিচাপে লাভ কৰিছিল আৰু এই কিতাপ দুখনে বাণীকান্ত কাকতিৰ মনৰ দ-সাঁচ বহুৱাইছিল। [9]
১৯১১ চনত বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা দি সমগ্ৰ অসম উপত্যকাৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সেই সময়ত প্ৰৱেশিকা পৰীক্ষা বিশ্ববিদ্যালয়ে চলাইছিল। অসমত তেতিয়াৰ দিনত বিশ্ববিদ্যালয় নাছিল। কলিকতা বিশ্ববিদ্যালয়য়েই অসমতো প্ৰৱেশিকা পৰীক্ষা চলোৱাৰ দায়িত্ব বহন কৰিছিল। বাণীকান্তই প্ৰৱেশিকা পৰীক্ষাত এই পৰীক্ষাত গোটেই অসমৰ ভিতৰত ইংৰাজীত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি বাণীকান্তই সোণৰ আৰু ৰূপৰ পদক অৰ্জন কৰিছিল। [10]
বাণীকান্ত কাকতিয়ে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইংৰাজী ১৯১১ চনত কটন কলেজত আই.এ. মহলাত নাম ভৰ্তি কৰিছিল।[11] ইংৰাজী ১৯১৩ চনত সেই কলেজৰ পৰাই কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত হোৱা আই.এ. পৰীক্ষাত বাণীকান্ত কাকতিয়ে বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল। ইংৰাজী ১৯১৩ চনত বাণীকান্ত কাকতিয়ে উচ্চ শিক্ষাৰ বাবে কলিকতা চহৰলৈ যায় আৰু তাত বিখ্যাত প্ৰেচিডেন্সি কলেজত বি.এ.মহলাত নামভৰ্তি কৰে। ইংৰাজী ১৯১৫ চনত বাণীকান্ত বি.এ. পৰীক্ষাত বহে আৰু ইংৰাজীত অনাৰ্চ লৈ দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰি স্নাতক হয়। প্ৰেছিডেন্সি কলেজৰপৰা অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ ভিতৰত সৰ্বোচ্চ স্থান লাভ কৰা বাবে তেখেতে ‘টনী স্মৃতি বঁটা’ লাভ কৰে৷
বি.এ. পাছ কৰাৰ পাছত ইংৰাজী ১৯১৫ চনত বাণীকান্তই কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত ইংৰাজী বিভাগত নাম লগায়। তেতিয়াৰ অসমৰ শিক্ষা বিষয়া কানিংহাম চাহাবলৈ তেওঁ ইংৰাজীত এখন চিঠি লিখিছিল৷ চিঠিৰ ভাষা এনে মৰ্মস্পৰ্শী আছিল আৰু তাৰ প্ৰকাশৰ আকৰ্ষণীয় ভংগী দেখি কানিংহাম চাহাবে নিজৰ জেপৰ পৰাই মাহিলী এক নিৰ্ধাৰিত নিৰিখৰ টকা দিবলৈ গাত লৈছিল৷ অৱশ্যে, অসুস্থতাৰ কাৰণে তেওঁ ইংৰাজী ১৯১৭ চনত এম.এ. পৰীক্ষাত বহিব নোৱাৰিলে। [12] ইংৰাজী ১৯১৮ চনত তেওঁ এম.এ.পৰীক্ষাত বহে আৰু ইংৰাজী সাহিত্যৰ 'এ' গ্ৰুপত দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হয়। ইয়াৰ পাঁচ বছৰ পিছত ইংৰাজী ১৯২৩ চনত তেওঁ ইংৰাজী সাহিত্যৰ 'বি' গ্ৰুপৰ পৰীক্ষাত পুনৰ বহে আৰু প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হয়। [13]
কটন কলেজত কাম কৰি থাকোঁতে তেওঁ ভাষাবিজ্ঞানী সুনীতিকুমাৰ চেটাৰ্জীৰ তত্ত্বাৱধানত অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কত গৱেষণা কৰিবলৈ আৰম্ভ কৰে৷ তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল- ‘Assamese : Its Formation And Development.’ ১৯৩৫ চনত এই গৱেষণাৰ বাবে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ উল্লেখ্য যে ভাৰতীয় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে বাণীকান্ত কাকতি৷[14]
কৰ্ম জীৱন
[সম্পাদনা কৰক]১৯১৮ চনৰ ১৬ নবেম্বৰত কাকতিদেৱে ইংৰাজীৰ অধ্যাপক হিচাপে কটন কলেজত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। [15] কটন কলেজত অধ্যাপকৰ পদ পোৱা প্ৰথম অসমীয়া আছিল ড° সূৰ্য্যকুমাৰ ভূঞা আৰু দ্বিতীয় আছিল বাণীকান্ত কাকতি৷[16] ইয়াৰ মাজতে তেওঁ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইণ্ডিয়ান হিষ্টৰিকেল ৰেকৰ্ডছ্ কমিছনৰ পেছোৱাত অনুষ্ঠিত দ্বাবিংশতিতম অধিৱেশনত যোগদান কৰে আৰু এবছৰ কালৰ বাবে এই কমিছনৰ সদস্য মনোনীত হয়৷ ১৯৪৭ চনত তেখেতে ঔ কটন কলেজৰ অধ্যক্ষ ৰূপে পদোন্নতি লাভ কৰে।[17] ১৯৪৯ চনৰ জানুৱাৰী মাহলৈকে বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।৷[18] সেই বছৰতে তেখেতে নতুনকৈ স্থাপিত হোৱা অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰাধ্যাপক হিচাপে পুনৰ কামত যোগদান কৰে মৃত্যুৰ সময়লৈকে তেওঁ সেই পদতে থাকি সেৱা আগবঢ়াইছিল।[11] কাকতি আছিল অসমীয়া বিভাগৰ প্ৰথমজন ‘কলাগুৰু’ (Dean, Faculty Of Arts) ৰূপে নিৰ্বাচিত হৈছিল৷ তেওঁ বিশ্ববিদ্যালয়ৰ ক’ৰ্ট সভাৰো সদস্য আছিল৷ ৷[19]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯১৬ চনৰ ৬ মে’ত বি.এ পাছ কৰিয়েই (বাইছ বছৰ বয়সত) বৰপেটাৰ গায়নহাটীৰ চিৰস্তাদাৰ উমাকান্ত দাসৰ জীয়েক কনকলতা দাসক তেখেতে বিয়া কৰায়।[11] ঘৰখন চলোৱাৰ সকলো দায়িত্ব পত্নীয়ে গ্ৰহণ কৰি তেওঁক অধয়য়নৰ বাবে সময় উলিয়াই দিছিল৷ সেই বাবে পত্নীৰ আকস্মিক বিয়োগত মৰ্মাহত হৈ থাকি তেওঁ আক্ষেো কৰি কৈছিল, “ধুমুহাৰ দৰে তেওঁ আহিল, আৰু গোটেইখন তেনেই খেলিমেলি লগাই থৈ গুচি গ’ল৷ কেতিয়াবা সঁচাকৈয়ে বৰ বেয়া লাগে’’৷[20] বাণীকান্ত কাকতি আৰু কনকলতা (দাস)কাকতিৰ তিনিজন পুত্ৰ আৰু তিনিজনী জীয়েক আছিল। ইংৰাজী ১৯৫২ চনত ১৭ ছেপ্তেম্বৰ তাৰিখে কনকলতা কাকতিৰ মৃত্যু ঘটে। কাকতি ব্যক্তিগত জীৱনত বৰ সাধাৰণভাবে দিন কটাইছিল৷ সাজ-পাৰ আছিল তেনেই সাধাৰণ৷ পিন্ধনত সদায় ধুতী-চোলা আৰু গাত সূতাৰ চাদৰ মেৰিয়াই লৈছিল৷ তেওঁক ছাত্ৰাৱস্থাত যিসকল লোকে অৰ্থসাহায্য দি সহায় কৰিছিল, সেইসকলৰ নাম তেওঁ লিখি ৰাখিছিল আৰু পিছত চাকৰিত সোমায়েই তেওঁ সেই অৰ্থসাহায্যৰ ধন ওভোতাই দিছিল৷ বাণীকান্ত কাকতি নিজেও বহু দুখীয়া ছাত্ৰক অৰ্থসাহাযয় দি পঢ়িবলৈ উৎসাহ যোগাইছিল৷[21]
ভাষাতাত্ত্বিক অধ্যয়ন
[সম্পাদনা কৰক]Assamese: Its Formation and Development তেখেতৰ এখন অতি মূল্যবান গৱেষণামূলক গ্ৰন্থ। এই গ্ৰন্থখনৰ কাৰণেই তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি প্ৰদান কৰা হয়।[22][23] এই গৱেষণামূলক গ্ৰন্থখনৰ দ্বাৰাই তেওঁ অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰতিষ্ঠা কৰে৷ এই অধ্যয়নত তেওঁ ভাষাবিদ ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ Origin And Development of Bengali Language গ্ৰন্থই আদৰ্শ দেখুৱাইছিল৷ সেইসময়ৰ অসমত ভাষা অধ্যয়নৰ দৰে কঠিন বিষয় এটা অধ্যয়নৰ কোনো পৰিৱেশ নথকাতো বাণীকান্ত কাকতিয়ে এনে দুঃসাধ্য কৰ্ম কৰি অসমীয়া ভাষাক স্বতন্তৰীয়া ভাষা হিচাপে প্ৰতিষ্ঠা কৰা দেখি, তেওঁৰ পৰীক্ষক পেৰিছ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুল ব্লখে প্ৰশংসা কৰিছিল৷ তেওঁ কৈছিল, I suppose the writer lives in a place far from academical atmosphere. But, I am really surprised to find such a writing coming from such quarter.[24] বাণীকান্ত কাকতিৰ গদ্যৰ এক সুকীয়া বৈশিষ্ট আছে৷ ভাব আৰু বিষয়ৰ সৈতে সংগতি ৰাখি বাণীকান্তই গদ্য ৰচনা কৰিছিল৷ শব্দচয়নত সংযমতা, বাক্য গঠনত হ্ৰস্ব, দীৰ্ঘ আৰু মিশ্ৰ বাক্যৰ প্ৰয়োগ আছিল মনকৰিবলগীয়া৷ আকৰ্ষণীয় ৰচনাভংগী, বিবিধ শব্দৰ সুপ্ৰয়োগ, বিচিত্ৰ বাক্য-ৰচনা, যথোচিত অলংকাৰ[25]ৰ প্ৰয়োগ আদিৰে অনুকৰণীয় গদ্য ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে৷
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]বাণীকান্ত কাকতিৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য কৃতি হ’ল তেওঁ গৱেষণা গ্ৰন্থ- Assamese : Its Formation And Development. ইয়াৰ বাহিৰে তেওঁ ইংৰাজী ভাষাত আন তিনিখন গৱেষণালব্ধ সাহিত্য পুথি ৰচনা কৰে৷
- ভাষাতত্ত্বমূলক গ্ৰন্থ
- Assamese: Its formation and Development, ১৯৪১[26]
- সাহিত্য আলোচনামূলক গ্ৰন্থ
- পুৰণি অসমীয়া সাহিত্য, ১৯৪০[27]
- সাহিত্য আৰু প্ৰেম, ১৯৪৮
- নতুন অসমীয়া সাহিত্য (এই নামত গ্ৰন্থ প্ৰকাশ হোৱা নাই যদিও ১৯৯১ চনত প্ৰকাশিত বাণীকান্ত ৰচনাৱলীত ঠাই দিয়া হৈছে)
- সমাজতত্ত্ব বিষয়ক গ্ৰন্থ
- Mother Goddess Kamakhya, ১৯৪৮[28]
- কলিতা জাতিৰ ইতিবৃত্ত, ১৯৪৩[29]
- পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, ১৯৫৫
- Vaishnavite Myths and legends, ১৯৫২[30]
জীৱনী গ্ৰন্থ
- Life and Teachings of Sankardeva, ১৯২৩
শিশু সাহিত্য
- পখিলা, ১৯৫১[31]
সম্পাদিত গ্ৰন্থ
- চোৰধৰা আৰু পিম্পৰা গুছোৱা, ১৯২০
সংকলিত গ্ৰন্থ
- Aspect of Early Assamese Literature, ১৯৫৩
অনুবাদ সাহিত্য
- Song of the Cell, ১৯৪২ (অম্বিকাগিৰী ৰায়চৌধুৰীৰ দেশাত্মবোধক ১৫ কবিতাৰ ইংৰাজী অনুবাদ)[5]
বাণীকান্ত কাকতিয়ে সময়ে সময়ে বাতৰি কাকত, আলোচনী আদিত পুৰণি অসমীয়া গ্ৰন্থ আৰু আধুনিক অসমীয়া গ্ৰন্থ সম্পৰ্কে বিভিন্ন সমালোচনামূলক প্ৰবন্ধ লিখিছিল৷ এই সকলো প্ৰবন্ধ ‘বাণী-প্ৰতিভা’ (১৯৯৬)[32] [33]ত সংকলন কৰা হৈছে৷ তদুপৰি, কাকতিয়ে নিজে সম্পাদনা কৰা “Aspect of Early Assamese Literature’’ গ্ৰন্থখন অসমীয়া সাহিত্যৰ প্ৰাচীন যুগৰ ওপৰত আলোকপাত কৰি লিখা এখন মূল্যবান গ্ৰন্থ৷[34]
সন্মান লাভ
[সম্পাদনা কৰক]কলিকতা বিশ্ববিদ্যালয়ে বাণীকান্ত কাকতিক তেওঁৰ গৱেষণামূলক গ্ৰন্থ "অসমীয়া ভাষা:ইয়াৰ গঠন আৰু ক্ৰমবিকাশ"ৰ বাবে তেওঁক পি.এইচ.ডি.ডিগ্ৰী প্ৰদান কৰে। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক "ডিন অৱ দি ফেকাল্টি অৱ আৰ্টছ এণ্ড কমাৰ্ছ" বা "কলাগুৰু" উপাধিৰে বিভূষিত কৰে।[11]
মৃত্যু
[সম্পাদনা কৰক]ইংৰাজী ১৯৫২ চনৰ ১৫ নৱেম্বৰ[35] তাৰিখে শনিবাৰৰ দিনা গুৱাহাটীৰ ৰিহাবাৰীৰ নিজা বাসভৱনত প্ৰাত:ভ্ৰমণৰপৰা ঘূৰি অহাৰ পিছতেই ডক্টৰ বাণীকান্ত কাকতিয়ে অসুস্থতা অনুভৱ কৰি বিছনাত শুই পৰে আৰু ক্ষন্তেক পিছতেই শেষ নিশ্বাস ত্যাগ কৰে।[36] [11] মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-পাতনি
- ↑ সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পৃ:নং; ১৬৭,কিৰণ প্ৰকাশন, ধেমাজি,২০১৬
- ↑ সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পৃ:নং; ১৬৭,কিৰণ প্ৰকাশন, ধেমাজি,২০১৬
- ↑ সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পৃ:নং; ১৬৭,কিৰণ প্ৰকাশন, ধেমাজি,২০১৬
- ↑ 5.0 5.1 5.2 অনুৰাধা শৰ্মা (২০০৯). বাণীকান্ত কাকতি জীৱন আৰু কৃতি. প্ৰকাশক গুৱাহাটী: ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন. পৃষ্ঠা. ৩-৪৯.
- ↑ বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-২৮
- ↑ ড° বাণীকান্ত কাকতি, অতুলচন্দ্ৰ বৰুৱা, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ২০৬, অসম প্ৰকাশন পৰিষদ, ২০০৩
- ↑ বাণিকান্ত কাকতি, সুৰেন্দ্ৰ মোহন দাস, পৃ:নং; ৭,প্ৰকাশক: মৃণালকান্তি ভট্টাচাৰ্য, ষ্টুদেণ্টছ্ এম্পোৰিয়াম, ১৯৯৬
- ↑ বাণিকান্ত কাকতি, সুৰেন্দ্ৰ মোহন দাস, পৃ:নং; ৮,প্ৰকাশক: মৃণালকান্তি ভট্টাচাৰ্য, ষ্টুদেণ্টছ্ এম্পোৰিয়াম, ১৯৯৬
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ২০৯, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ 11.0 11.1 11.2 11.3 11.4 এম. আব্দুল মজিদ খান. জিলিকালে লুইতৰ পাৰ. বনলতা প্ৰকাশন, নতুন বজাৰ, ডিব্ৰুগড়-১. পৃষ্ঠা. ১৯–২৫. ISBN নাই.
- ↑ ড° বাণীকান্ত কাকতি, অতুলচন্দ্ৰ বৰুৱা, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ২০৯, অসম প্ৰকাশন পৰিষদ, ২০০৩
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ২০৯, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-৩০
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ২১০, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ ড° বাণীকান্ত কাকতি, অতুলচন্দ্ৰ বৰুৱা, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ২১০, অসম প্ৰকাশন পৰিষদ, ২০০৩
- ↑ "The birthplace of literary masterpieces lives on Heritage - House of Banikanta Kakati". https://www.telegraphindia.com/north-east/the-birthplace-of-literary-masterpieces-lives-on-heritage-house-of-banikanta-kakati/cid/1560838। আহৰণ কৰা হৈছে: ২২ জুন ২০২২.
- ↑ বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-৩০
- ↑ বাণীকান্ত কাকতি, সম্পা. অনুৰাধা শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়, প্ৰথম প্ৰকাশ,২০১৫, পৃষ্ঠা-৩০
- ↑ ড° বাণীকান্ত কাকতি, অতুলচন্দ্ৰ বৰুৱা, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ২১২, অসম প্ৰকাশন পৰিষদ, ২০০৩
- ↑ ড° বাণীকান্ত কাকতি, অতুলচন্দ্ৰ বৰুৱা, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ২১৪, অসম প্ৰকাশন পৰিষদ, ২০০৩
- ↑ বাণীকান্ত ৰচনাৱলী, ভূমিকা, সম্পা: মহেশ্বৰ নেওগ, অসম প্ৰকাশন পৰিষদ, ২০০৬, পৃ: নং; ১৯
- ↑ সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পৃ:নং; ১৬৭,কিৰণ প্ৰকাশন, ধেমাজি,২০১৬
- ↑ বাণীকান্ত ৰচনাৱলী, ভূমিকা, সম্পা: মহেশ্বৰ নেওগ, অসম প্ৰকাশন পৰিষদ, ২০০৬, পৃ: নং; ১৯
- ↑ বাণীকান্ত কাকতিৰ গদ্যশৈলী, ড° মঞ্জু লস্কৰ, মনপুৰ মৌচন্দা, অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ, পৃ:নং; ৪৮৫
- ↑ "Assamese: Its formation and Development". https://archive.org/details/AssameseitsFormationAndDevelopment.
- ↑ Puraṇi Asamīẏā sāhitya. https://books.google.co.in/books?id=qKGtOgAACAAJ&dq=inauthor:%22Banikanta+Kakati%22&hl=en&sa=X&redir_esc=y.
- ↑ Mother Goddess Kāmākhyā. https://books.google.co.in/books?id=crV3nQEACAAJ&dq=inauthor:%22Banikanta+Kakati%22&hl=en&sa=X&redir_esc=y.
- ↑ Kalitā jātira itibr̥tta. https://books.google.co.in/books?id=Ir7GHAAACAAJ&dq=inauthor:%22Banikanta+Kakati%22&hl=en&sa=X&redir_esc=y.
- ↑ Visnuite Myth and Legends. https://books.google.co.in/books?id=nX1urgEACAAJ&dq=inauthor:%22Banikanta+Kakati%22&hl=en&sa=X&redir_esc=y.
- ↑ Pakhilā. https://books.google.co.in/books?id=mh5kGwAACAAJ&dq=inauthor:%22Banikanta+Kakati%22&hl=en&sa=X&redir_esc=y.
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ২১১, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ২১০, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ সাহিত্যৰত্ন : এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পৃ:নং; ১৭০, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৬
- ↑ বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পৃ:নং; ২১১, চন্দ্ৰ প্ৰকাশ, ২০১৪
- ↑ ড° বাণীকান্ত কাকতি, অতুলচন্দ্ৰ বৰুৱা, জীৱনী সংগ্ৰহ, পদ্মনাথ গোহাঞিবৰুৱা, পৃ:নং; ২১৩, অসম প্ৰকাশন পৰিষদ, ২০০৩
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিউৎসত বাণীকান্ত কাকতিৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |