কেনী দেউৰী বসুমতাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কেনী দেউৰী বসুমতাৰী

কেনী দেউৰী বসুমতাৰী
জন্ম ৯ এপ্ৰিল
গুৱাহাটী, অসম
পেচা অভিনয়, চলচ্চিত্ৰ পৰিচালনা
জনা যায় লোকেল কুংফু (চলচ্চিত্ৰ)

কেনী দেউৰী বসুমতাৰী (ইংৰাজী: Kenny Deori Basumatary) অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কেনী দেউৰী বসুমতাৰীৰ জন্ম হৈছিল অসমগুৱাহাটীত(জন্মদিন ৯ এপ্ৰিল)। তেওঁ লখিমপুৰ, তেজপুৰ তথা গুৱাহাটীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ উচ্চ মাধ্যমিক শিক্ষা উত্তৰ লখিমপুৰৰ ছেইন্ট মে'ৰিজ হাইস্কুলৰ পৰা সমাপ্ত কৰি উচ্চতৰ মাধ্যমিক শিক্ষা কটন কলেজত বিজ্ঞান শাখাত অধ্যয়ন কৰে৷ পৰৱৰ্ত্তী কালত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লী (IIT Delhi) ত ইঞ্জিনীয়াৰিঙ পাঠ্যক্ৰমত যোগদান কৰে যদিও শিক্ষা অৰ্ধসমাপ্ত হৈ ৰয়৷

কৰ্মজীৱন[সম্পাদনা কৰক]

চকলেট গীটাৰ ম'ম'জ শীৰ্ষক প্ৰথমখন উপন্যাস উন্মোচনৰ অনুষ্ঠানত ৰিচা চাদ্দাৰ সৈতে কেনী দেউৰী বসুমতাৰী

কেনীয়ে গুৱাহাটীৰ এটা আঞ্চলিক টেলিভিছন চেনেলত তিনিবছৰ ধৰি বাতৰি পৰিবেশক হিচাপে কাম কৰিছিল৷ তাৰপিছত তেওঁ সেই কাম ত্যাগ কৰি অভিনয় কৰাৰ হাবিয়াসেৰে মুম্বাইলৈ যায়৷ মুম্বাইত ছটা এডভাৰটাইজ আৰু চেনেল ভিৰ হাস্য-ব্যংগ অনুষ্ঠান বলিউদ ননচেনচেক্স (Bollywood Nonsensex) তথা স্কেচ্ছ কমেডি শ্ব' জয় হিন্দত কাম কৰাৰ সুযোগ লাভ কৰে৷ ইয়াৰ উপৰিও তেওঁ চাৰিখন হিন্দী চলচ্চিত্ৰত কাম কৰে, কিন্তু এখনেও মুক্তি লাভ নকৰিলে৷

কেনী দেউৰী বসুমতাৰীয়ে 75 Crazy People নামৰ ৪৯ মিনিটৰ এখন তথ্যচিত্ৰত সহযোগী সম্পাদনাৰ সুযোগ পায়৷ ভাতৃ ট'নী বসুমতাৰীৰ সৈতে মিলি তেওঁ ব্ৰহ্মপুত্ৰ নামৰ অসমীয়া আৰু হিন্দী গীতৰ এটা মৃদু ৰ'ক(soft rock) এলবামৰ বাবে গীতৰ ৰচনা আৰু সুৰাৰোপ কৰে। [1]

২০১৩ চনত কেনীয়ে নুন্যতম বাজেটেৰে লোকেল কুং ফু নামৰ এখন সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট হাস্যমধুৰ অসমীয়া-হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰে৷ এই চলচ্চিত্ৰখনে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰে৷ মাত্ৰ ৯৫,০০০ টকাৰ বাজেটত কেনন ৫৫০ডি কেমেৰাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে দৰ্শকৰো ভাল সঁহাৰি লাভ কৰে। [2]

অভিনয় তথা পৰিচালনাৰ উপৰিও কেনী দেউৰী বসুমতাৰীয়ে লিখকৰূপেও আত্মপ্ৰকাশ কৰিছে৷ তেওঁৰ প্ৰথমখন ইংৰাজী উপন্যাস চকলেট_গীটাৰ_ম'ম'জ (Chocolate_Guitar_Momos)ৰ ২০১১ চনত উন্মোচন হৈ যায়৷ [3]

অৱদান[সম্পাদনা কৰক]

গ্ৰন্থ[সম্পাদনা কৰক]

  • চকলেট গীটাৰ ম'ম'জ (ইংৰাজী ভাষাৰ উপন্যাস)[4]

অভিনয়[সম্পাদনা কৰক]

  • দিবাকৰ বেনাৰ্জীৰ 'চাংহাই'(Shanghai) নামৰ হিন্দী চলচ্চিত্ৰত পুলিচ অফিচাৰৰ ভুমিকাত(২০১৩)[5]
  • লোকেল কুংফুত চাৰ্লি নামৰ নায়কৰ ভূমিকাত (২০১৩)
  • বৰনদী ভটিয়ায়

চলচ্চিত্ৰ পৰিচালনা[সম্পাদনা কৰক]

এক্স'ন কৰিঅ'গ্ৰাফী[সম্পাদনা কৰক]

  • দ্য ডে আফটাৰ এভ্ৰিডে

তথ্যসুত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

কেনীৰ ইউটিউব চেনেল