লোকেল কুং ফু ২
লোকেল কুং ফু ২ | |
---|---|
পৰিচালক | কেনী বসুমতাৰী হিৰক নাথ |
ৰচনা | কেনী বসুমতাৰী |
প্ৰযোজক | দুৰ্লভ বৰুৱা কেনী বসুমতাৰী |
অভিনয়ত |
|
সংগীত পৰিচালক |
|
মুক্তি |
১৯ এপ্ৰিল ২০১৭ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বাজেট | ৩৫ লাখ[1] |
লোকেল কুং ফু ২ (ইংৰাজী: Local Kung Fu 2) এখন এক্সনধৰ্মী হাস্যৰসাত্মক অসমীয়া ছবি। ছবিখনৰ পৰিচালক কেনী বসুমতাৰী। কেনী বসুমতাৰীয়ে দুৰ্লভ বৰুৱাৰ সৈতে যুগ্মভাবে প্ৰযোজনাও কৰিছে। এইখন ২০১৩ত মুক্তি পোৱা লোকেল কুং ফুৰ চিকুৱেল।[2][3] লোকেল কুং ফু ২ৰ কাহিনী উইলিয়াম শ্বেইকছপীয়েৰৰ হাস্যৰসাত্মক নাট কমেডী অৱ এৰ'ৰচৰ আধাৰত ৰচনা কৰা হৈছে। নিৰ্মাতাই ক্ৰাউড ফাণ্ডিঙৰ যোগেদি ছবি নিৰ্মাণৰ ধন আহৰণ কৰিছিল।[4] ছবিখনে ২০১৭ৰ ১৮ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰে।[5]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- কেনী বসুমতাৰী- (দীপ আৰু দীপুৰ যুগ্ম ভূমিকাত)
- উৎকল হাজোৱাৰী- (অৰুণ আৰু মোহনৰ যুগ্ম ভূমিকাত)
- ইপ্সিতা হাজৰিকা- (লুচী)
- বণী দেউৰী- (বিকু)
- জনী দেউৰী
- ৰণী দেউৰী
- বিভাষ সিংহ- (বিজয়)
- টনী দেউৰী বসুমতাৰী-
- অমৰ সিংহ দেউৰী
- কবিন্দ্ৰ দাশ
- সুনীত বৰা- ( ৰাহুল)
- মৃগাঙ্ক কোঁৱৰ- (ৰাজ)[1]
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]ছবিৰ কাহিনী উইলিয়াম শ্বেইকছপীয়েৰৰ নাটক কমেডী অৱ এৰ'ৰচৰ দৰে ইয়াত দুযোৰা দেখিবলৈ সাইলাখ একে দুযোৰা যমজ ল'ৰাৰ কাহিনী বৰ্ণিত হৈছে, যিয়ে দুৰ্ঘটনাক্ৰমে শিশু অৱস্থাতে বিচ্চিন্ন হৈ গৈছিল। এযোৰা ডাঙৰ-দীঘল হৈছিল গুৱাহাটীত আৰু আনযোৰা তেজপুৰত। গুৱাহাটীত থকা যোৰাটোৱে সমৰ কলা জানে, কিন্তু তেজপুৰৰ যোৰাটোৱ নাজানে। ঘটনাচক্ৰত গুৱাহাটীৰ যোৰাটো তেজপুৰ ওলালগৈ আৰু আৰম্ভ হ’ল খেলিমেলি আৰু ভুল বুজাবুজি।[1]
গীত
[সম্পাদনা কৰক]ছবিখনত সাতটা গীত অন্তৰ্ভুক্ত কৰা হৈছে।
- কুং ফু ইউ- কণ্ঠশিল্পী টনী ডিবি
- য'তে ত'তে- কণ্ঠশিল্পী অম্বৰ দাস
- পি- কণ্ঠশিল্পী মুনু আৰু চাও
- হিজ নেম ইজ জি.কে. কণ্ঠশিল্পী বনী দেউৰী
- খেলিমেলি মন- কণ্ঠশিল্পী অনিষা শইকীয়া
- মায়াভৰা জীৱন- কণ্ঠশিল্পী উৎকল হাজোৱাৰী
- বৰষা- কণ্ঠশিল্পী উৎকল হাজোৱাৰী
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Local Kung Fu 2". Box Office of Assam (BOA). Archived from the original on 11 January 2020. https://web.archive.org/web/20200111131556/http://www.boxofficeassam.com/movie/local-kung-fu-2/। আহৰণ কৰা হৈছে: 28 May 2020.
- ↑ "There’s Kung Fu in the air". The Hindu. 2013-09-25. http://www.thehindu.com/features/cinema/theres-kung-fu-in-the-air/article5167612.ece। আহৰণ কৰা হৈছে: 2014-03-10.
- ↑ "‘Local Kung Fu’ hits perception barrier". The Times of India. 2013-10-04. http://timesofindia.indiatimes.com/city/guwahati/Local-Kung-Fu-hits-perception-barrier/articleshow/23506802.cms। আহৰণ কৰা হৈছে: 2014-03-10.
- ↑ https://www.wishberry.in/campaign/local-kung-fu-2/
- ↑ https://thereel.scroll.in/835053/cult-assamese-film-local-kung-fu-has-a-sequel-and-one-of-its-characters-is-proudly-gay Cult Assamese film ‘Local Kung Fu’ has a sequel
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|