সমললৈ যাওক

আব্দুল মজিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আব্দুল মজিদ
জন্ম ১৬ নৱেম্বৰ ১৯৩১
পুৰণি বালিবাট, যোৰহাট, অসম
মৃত্যু ২৪ ছেপ্টেম্বৰ ২০১৭ (বয়স ৮৫)
GNRC, গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, অভিনেতা
দাম্পত্যসঙ্গী অকুমা
সন্তান নেচিমুল, কাজু, ওমৰ

আব্দুল মজিদ (ইংৰাজী: Abdul Majid; জন্ম: ১৬ নৱেম্বৰ, ১৯৩১ - মৃত্যু: ২৪ ছেপ্টেম্বৰ, ২০১৭ ) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা। নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ (১৯৫৮) নামৰ বোলছবিত অভিনয়ৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰিছিল[1]। তেখেতে মুঠতে ৬খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। অভিনেতা হিচাপে তেখেত প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰি আহিছে। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ চামেলি মেমচা'বে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল[2], উক্ত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল[3]। ২০১৭ চনৰ ২৪ ছেপ্টেম্বৰৰ পুৱা ৯-৩০ বজাত আব্দুল মজিদৰ মৃত্যু হয়। [4][5]

জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

১৯৩১ চনৰ ১৬ নবেম্বৰত যোৰহাটৰ পুৰণি বালিবাটত আব্দুল মজিদৰ জন্ম হয়। পিতৃ আছিল আব্দুল মোনাফ আৰু মাতৃ নুৰ বিবি (লখিমী)। প্ৰাথমিক শিক্ষা যোৰহাট মোক্তাৱ স্কুলত, সপ্তম শ্ৰেণীলৈ যোৰহাট বেজবৰুৱা হাইস্কুলত পঢ়ি তেখেতে যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা ১৯৫০ চনত প্ৰৱেশিকা উত্তীৰ্ণ হয়। উচ্চশিক্ষাৰ বাবে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ভৰ্তি হয় যদিও শিক্ষা আধৰুৱা হৈ থাকে। বহুকেইটা বিভাগত অস্থায়ী চাকৰি কৰাৰ অন্তত ১৯৫৫ চনত বিদ্যুৎ পৰিষদত নিম্নবৰ্গ সহায়কৰ লাভ কৰে। ১৯৮১ চনত বিদ্যুৎ পৰিষদে স্পেচিয়েল অফিচাৰ কালচাৰেল এণ্ড ডকুমেণ্টেচন নামৰ পদ এটাৰ সৃষ্টি কৰি গুৱাহাটীত নিযুক্তি দিয়ে। ১৯৯০ৰ এপ্ৰিলত তেখেতৰ কাৰ্যকাল শেষ হয় যদিও ১৯৯১ৰ ১১ জুলাইলৈ চাকৰিৰ ম্যাদ বৃদ্ধি কৰা হয়। [6]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

আব্দুল মজিদে মুঠতে ৭খন ছবি পৰিচালনা কৰিছিল[5][3][1]

ছবিৰ নাম বৰ্ষ টোকা
মৰম তৃষ্ণা১৯৬৮
চামেলী মেমচাব১৯৭৫শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ
বনহংস১৯৭৭
বনজুই১৯৭৮
পোনাকণ১৯৮১
উত্তৰ কাল১৯৯০
সাত নম্বৰৰ সন্ধানত২০১৬

১৯৫৭ চনত ৰঙা পুলিচ ছবিৰ যোগেদি তেখেতে চলচ্চিত্ৰ অভিনেতা ৰূপে আত্মপ্ৰকাশ কৰে। তেখেতে নিজে পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চামেলি মেমচা'বত মংলু নামৰ এটা সৰু চৰিত্ৰত অভিনয় কৰে। প্ৰায় অৰ্ধশতাধিক ছবিত অভিনয় কৰা মজিদৰ কেইখনমান উল্লেখযোগ্য ছবি হ'ল- পূজা, সূৰুজ, সেন্দূৰ, উপপথ, এই দেশ মোৰ দেশ, বোৱাৰী, সংকল্প, মমতাজ, ভাই ভাই, প্ৰতিদান, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন সুমন, অপেক্ষা, (হিন্দী) ইত্যাদি। ৰঙা পুলিচ ছবিত তেখেতে এটা ঋণাত্মক চৰিত্ৰত অভিনয় কৰি যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল; যাৰবাবে ছবি নিৰ্মাতাসকলে তেখেতেক খলনায়কৰ চৰিত্ৰৰ বাবে অধিক পচন্দ কৰিছিল। অৱশ্যে পিছলৈ তেখেতে মন, মমতাজ আদি ছবিত ভাল মানুহৰ চৰিত্ৰতো অভিনয় কৰে।[5]

পৰিচালিত ধাৰাবাহিক আৰু তথ্যচিত্ৰ

[সম্পাদনা কৰক]

“নামঘৰীয়া”, “অজাগা”, “জোৰ পুৰি হাত”, “দাপোণ” (২টা খণ্ড), “অগ্নিগৰ্ভ”, “হাতোৰা”, “শেগুন পুলি ৰুব কোনে”, “ৰাম-ৰহিম”, “ৰোমন্থন” ইত্যাদি।

অন্যান্য বঁটা / সন্মান

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Abdul Majid". Encyclopedia of Indian Cinema. https://cinemaofindia.org/wiki/Abdul%20Majid আহৰণ কৰা হৈছে: February 11, 2013.[সংযোগবিহীন উৎস]
  2. "Assam Film Awards". joiaaiaxom.com. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304123349/http://www.joiaaiaxom.com/assam/about/film-awards-71.html আহৰণ কৰা হৈছে: February 12, 2013.
  3. 1 2 "Film Directors". enajori.com. 2013-01-22. Archived from the original on 2015-09-12. https://web.archive.org/web/20150912143940/http://enajori.com/film-directors/ আহৰণ কৰা হৈছে: 2013-01-30.
  4. "Abdul Majid passes away". Archived from the original on 29 November 2019. https://web.archive.org/web/20191129233332/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep2517/at058 আহৰণ কৰা হৈছে: 25 September 2017.
  5. 1 2 3 "দৈনিক অগ্ৰদূত". জীৱন নাট সামৰিলে আব্দুল মজিদে: পৃষ্ঠা ১, ১১. ২৫ চেপ্তেম্বৰ ২০১৭.
  6. "Asomiya Pratidin". অভিনয়প্ৰাণ আব্দুল মজিদৰ মহাপ্ৰয়াণ. http://www.asomiyapratidin.in/article.php?date=25-09-2017&page=12&article=1.jpg&cid=397428#.WcskSPMjG1s আহৰণ কৰা হৈছে: 27 September 2017.[সংযোগবিহীন উৎস]
  7. 1 2 3 "Abdul Mazid". Rupaliparda.com. http://www.rupaliparda.com/english/who%27s-who/abdul-mazid.htm আহৰণ কৰা হৈছে: 2013-03-12.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]