সমললৈ যাওক

বীৰেশ্বৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীৰেশ্বৰ বৰুৱা
জন্ম ১ ছেপ্টেম্বৰ, ১৯৩৩ চন
অসম
মৃত্যু ১৪ মাৰ্চ, ২০১০ চন
পেচা সাহিত্যিক, সমালোচক, কবি, গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতক
মাতৃশিক্ষায়তন কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি ‘অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা’,
‘ৰামধেনু যুগ আৰু পৰবৰ্তী কাল’
উল্লেখযোগ্য বঁটা ভাৰতীয় ভাষা পৰিষদ বঁটা, ১৯৮৯
সাহিত্য অকাডেমি বঁটা, ২০০৩[1]
দাম্পত্যসংগী সুভদ্ৰা ৰায়চৌধুৰী

বীৰেশ্বৰ বৰুৱা (ইংৰাজী: Bireswar Baruah; ১৯৩৩ - ২০১০)[2]অসমৰ এগৰাকী কবি আৰু সমালোচক। ৰামধেনু যুগত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী কালত গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল।[3] তেওঁ একাধাৰে গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ, শিশু-সাহিত্যিক আৰু অনুবাদক।[4]১৯৮৯ চনত বীৰেশ্বৰ বৰুৱাই ‘ভাৰতীয় ভাষা পৰিষদ বঁটা’ আৰু ২০০৩ চনত ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছিল। [5] ২০১০ চনৰ ১৪ মাৰ্চত বৰুৱাৰ মৃত্যু হয়।[3]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৩৩ চনৰ ছেপ্টেম্বৰ মাহৰ ১ তাৰিখে বৰপেটা জিলাৰ অন্তৰ্গত সুন্দৰীদিয়াত বীৰেশ্বৰ বৰুৱাৰ জন্ম হয়।[3]তেওঁৰ পিতৃৰ নাম চন্দ্ৰমোহন বৰুৱা আৰু মাতৃ পূৰ্ণিমা বৰুৱা। ১৯৫০ চনত বৰুৱাই বৰপেটা চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈ কটন কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে। ১৯৫৪ চনত তেওঁ কটন কলেজৰ পৰাই অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। [5]

১৯৬৬ চনত সুভদ্ৰা ৰায়চৌধুৰীৰ সৈতে বীৰেশ্বৰ বৰুৱা বিবাহ পাশত আৱদ্ধ হয়।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনত বৰুৱাই এ চি এছ পৰীক্ষাত উৰ্ত্তীণ হৈ অসম চৰকাৰৰ ই এচ চি পদত যোগদান কৰে। সুদীৰ্ঘ চাকৰি জীৱনত তেওঁ উপায়ুক্ত, অসম বিত্তীয় নিগমৰ পৰিচালন সঞ্চালক, শিক্ষা সচিব আদি গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰি সংস্কৃতি আৰু ক্ৰীড়া বিভাগৰ সচিব ৰূপে অৱসৰ গ্ৰহণ কৰে। ১৯৭৮ চনত তেওঁ আই এ এছলৈ পদোন্নতি লাভ কৰিছিল। [5]

১৯৮৯ চনত ‘নিৰ্বাচিত কবিতা’ৰ বাবে বীৰেশ্বৰ বৰুৱা ভাৰতীয় ভাষা পৰিষদ বঁটা আৰু অসম সাহিত্য সভা বঁটাৰে সন্মানিত হয়। ২০০৩ চনত ‘অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা’ শীৰ্ষক কাব্য সংকলনৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

সাহিত্যিক অৱদান

[সম্পাদনা কৰক]

স্কুলৰ আলোচনীত কবিতা লিখি বীৰেশ্বৰ বৰুৱাই তেওঁৰ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। পাছত ৰামধেনুত তেওঁৰ প্ৰথমটো কবিতা প্ৰকাশ পায়। প্ৰথমখন কাব্য-সংকলন ‘নিৰ্জন নাবিক’ প্ৰকাশ পায় ১৯৬১ চনত। ১৯৫৯ চনত তেওঁৰ প্ৰথমখন গল্প সংকলন ‘প্ৰথম ৰাগিণী’ প্ৰকাশ পাইছিল। ১৯৬২ চনত ‘অনেক পুতলাৰ নাচ’ আৰু ‘মন জেতুকাৰ পাত’ নামৰ উপন্যাস দুখন একেসময়তে প্ৰকাশ কৰি তেওঁ প্ৰথমবাৰৰ বাবে ঔপন্যাসিক ৰূপে আত্মপ্ৰকাশ কৰিছিল। [5]

ভূপালত অনুষ্ঠিত দ্বি-বাৰ্ষিক কবি সন্মিলনত বীৰেশ্বৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। ১৯৯৮ চনত প্ৰকাশ হোৱা ‘একান্ত নিৰ্জন’ বৰুৱাৰ আত্মজীৱনী।[3]

কবিতা
  • নিৰ্জন নাৱিক (১৯৬১)
  • অচিন আৰাও (১৯৭০)
  • ডাউকী (১৯৭৯)
  • চৰাই , শামুক আৰু নক্ষত্ৰ (১৯৮৫)
  • নিৰ্বাচিত কবিতা (১৯৮৭)
  • অন্য এক জোনাক (১৯৯০)
  • অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা (২০০১)
গল্প সংকলন
  • প্ৰথম ৰাগিনী (১৯৫৯)
  • নীলিমাৰ মন (১৯৬০)
  • বন হৰিণী (১৯৬৩)
  • প্ৰাচীৰ (১৯৭৩)
  • প্ৰতিচ্ছবি (১৯৮৫)
  • মহাজীৱনৰ পাণ্ডুলিপি (১৯৮৭)
  • বীৰেশ্বৰ বৰুৱাৰ নিৰ্বাচিত গল্প (১৯৯৩)
উপন্যাস
  • অনেক পুতলাৰ নাচ (১৯৬২)
  • মন জেতুকাৰ পাত (১৯৬২)
  • অবন্ধনা (১৯৬৩)
  • সন্ধিক্ষণ (১৯৮৮)

প্ৰৱন্ধ
  • ৰামধেনু যুগ আৰু পৰবৰ্তী কাল (১৯৮৬)
  • সুন্দৰীত শ্ৰীশ্ৰীমাধৱদেৱ মাধৱ মৰল অতিৰাম বৰুৱা আৰু অন্যান্য (১৯৮৮)
  • সুন্দৰী আৰু আই গোসাঁনী (১৯৮৯)
  • সাহিত্যিক অন্তৰ্জগত (১৯৯০)
  • জীৱন, মৃত্যু আৰু কবিতা (১৯৯০)
  • সাহিত্য সাধনাৰ আভাস (১৯৯৩)
  • সাহিত্য আৰু সাধনা (২০০৫)
আত্মজীৱনী
  • একান্ত নিৰ্জন
অনূদিত
  • অন্যপূৰ্বা (স্তেফান জ্বোৱাইগৰ বিখ্যাত উপন্যাস, ১৯৬২)
  • নক্ষত্ৰৰ দিন (ফৰাচী কবিতা, ১৯৮৮)
  • ৰঙা ৰঙা গোলাপ (ইংৰাজী কবিতা, ১৯৮৯)
  • অমৃতৰ সন্ধানত (জাৰ্মান কবিতা, ১৯৮৯)
  • সাত সাগৰ তেৰ নদী (আমেৰিকান কবিতা, ১৯৮৯)
  • বিশ্ব কবিতা সংগ্ৰহ (১৯৯৪)
শিশু উপযোগী
  • কণী আৰু ঘোঁৰা (১৯৮৭)
সম্পাদিত
  • সূৰ্য্যকুমাৰ ভূঞাৰ কবিতা সংগ্ৰহ (১৯৯৪)

অভিযোজন

[সম্পাদনা কৰক]

বৰুৱাৰ ‘বনৰীয়া ফুল’ নামৰ জনপ্ৰিয় গল্পটিক অতুল বৰদলৈয়ে চলচ্চিত্ৰ ৰূপ প্ৰদান কৰিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. "Assam Tribune". Archived from the original on 2012-06-07. https://web.archive.org/web/20120607040431/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar1510/city07। আহৰণ কৰা হৈছে: 2012-03-22. 
  3. 3.0 3.1 3.2 3.3 শান্তনু কৌশিক বৰুৱা (২০২০). অসম ইয়েৰ বুক, ২০২১. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮৯৯. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮. 
  4. বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
  5. 5.0 5.1 5.2 5.3 5.4 সম্পাদক : শোণিত বিজয় দাস, মুনীন বায়ন (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ৩২৮-৩২৯. ISBN ৮১-৮৯১৪৮-১৪-১.