বিৰুবালা ৰাভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিৰুবালা ৰাভা

বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী৷ তেওঁ যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। তেওঁৰ এই কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে তেওঁৰ নাম ২০০৫ চনত শান্তিৰ ন'বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল।[1][2]

জীৱন[সম্পাদনা কৰক]

প্ৰাৰম্ভিক জীৱন

গোৱালপাৰা জিলাঅসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।[1] শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিব লগীয়া হৈছিল। তেওঁৰ বিবাহ হয় গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাওঁৰ এগৰাকী কৃষকৰ সৈতে।[3]

সমাজকৰ্মী ৰূপে

সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পাইছিল। ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল।[1] প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। ১৯৮৫ চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ ছেক্ৰেটেৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে৷ তাৰপিছত তেওঁ বিভিন্ন গাৱে ভূঁঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাস সমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে৷ ২০০৬ চনত তেওঁ অসম মহিলা সমিতিৰ এই সন্দৰ্ভত চেষ্টা চলাই থকা বিভাগত যোগ দিয়ে।[4] বৰ্তমানলৈকে বিৰুবালা ৰাভাই প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে।[2] ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়।[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা (২০১১) - SI Foundation for Media & Social Welfare, Assam[1][4]
  • ২০০৮ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মুম্বাইত সম্বৰ্ধনা[6]
  • 12th Upendra Nath Brahma Soldier of Humanity Award, 2015[7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 প্ৰণৱজ্যোতি দত্ত (৯ মাৰ্চ ২০০৪). "বিৰুবালা ৰাভা: ডাইনী হত্যাৰ বিৰুদ্ধে এগৰাকী যোদ্ধা". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’: ৮, ১০ পৃষ্ঠা. 
  2. 2.0 2.1 SMITA BHATTACHARYYA (Nov. 21, 2011). "Activist seeks death for witch-hunters - Biru Bala wants shelter for victims". The Telegraph. প্ৰকাশক Jorhat. http://www.telegraphindia.com/1111122/jsp/northeast/story_14732984.jsp। আহৰণ কৰা হৈছে: 3 জুন 2014. 
  3. http://manipurupdate.com/birubala-rabha-mission-against-witch-hunting/
  4. 4.0 4.1 "Birubala Rabha for Sarbeswar Dutta award". The Assam Tribune. প্ৰকাশক JORHAT. Oct 26, 2011. http://www.assamtribune.com/scripts/detailsnew.asp?id=oct2711/state05। আহৰণ কৰা হৈছে: 3 জুন 2014. 
  5. "টেহেলকা ডট কমত প্ৰকাশিত বিৰুবালা ৰাভাৰ সাক্ষাৎকাৰ". http://www.tehelka.com/fighting-against-witch-hunts-meant-fighting-for-myself-and-all-women/। আহৰণ কৰা হৈছে: 28 ডিচেম্বৰ 2013. 
  6. "আমাৰ অসমত প্ৰকাশিত বাতৰি". G L Publications. 11 জানুৱাৰী 2014. http://amarasom.glpublications.in/Details.aspx?id=16334&boxid=123449750। আহৰণ কৰা হৈছে: 11 জানুৱাৰী 2014. 
  7. AssamHunt: "[http://www.assamhunt.com/tribal-woman-gets-award-for-crusade-against-witch-hunting-in-assam/ 12th Upendra Nath Brahma Soldier of Humanity Award for Birubala Rabha", AssamHunt.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]