সমললৈ যাওক

দ্ৰোণ ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্ৰোণ ভূঞা
জন্ম ১ জানুৱাৰী, ১৯৫৬ (৬৮ বছৰ)[1]
সাতঘৰীয়া গাঁও, ছিপাঝাৰ, দৰং জিলা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ওজাপালি শিল্পী
বঁটা, সন্মান, পুৰস্কাৰ আদি বিষ্ণুৰাভা বঁটা, ২০২১
অসম গৌৰৱ, ২০২৩
পদ্মশ্ৰী, ২০২৪


দ্ৰোণ ভূঞা (ইংৰাজী: Drona Bhuyan, জন্ম: ১ জানুৱাৰী ১৯৫৬) অসমৰ এগৰাকী ওজাপালি শিল্পী। তেওঁ বিশেষকৈ সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ এগৰাকী বিশিষ্ট শিল্পী হিচাপে জনাজাত। ২০২১ চনত তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা বিষ্ণুৰাভা বঁটা লাভ কৰে। ২০২৪ চনত অসম চৰকাৰে কলা ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে তেওঁক ২০২৩ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ প্ৰদান কৰে।[2] ২০২৪ তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনৰ ১ জানুৱাৰী তাৰিখে দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ সাতঘৰীয়া গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত দ্ৰোণ ভূঞাৰ জন্ম হয়। আৰ্থিক অনাটনৰ বাবে প্ৰাথমিক শিক্ষা লাভতেই তেওঁৰ আনুষ্ঠানিক শিক্ষাৰ অন্ত পৰিছিল। সৰুৰে পৰা তেওঁৰ সুকনানি সংগীত আৰু দেওধনী নৃত্যৰ প্ৰতি তেওঁৰ অতি আগ্ৰহ আছিল। মাত্ৰ ৭/৮ বছৰ বয়সতে তেওঁ “যাত্ৰা পাৰ্টী”ত যোগদান কৰি দেউতাকৰ সৈতে ঘূৰি ফুৰিছিল। কৈশোৰকালতে সমাজে তেওঁৰ সু-অভিনয়ৰ শলাগ লৈছিল। তেওঁ ‘ভিলেজ গাৰ্ল', ‘চন্দ্ৰ হংস’, ‘লালসাৰ বেলি’ আদি ভিন্ন নাটকত অভিনয় কৰিছিল। সুকনানি সংগীতৰ প্ৰতি তেওঁৰ অতিশয় আগ্ৰহ আছিল। সেয়ে দেউতাকে তেওঁক শিক্ষা গ্ৰহণৰ বাবে সুকনানি ওজাপালিৰ ওজা ৰত্নেশ্বৰ বৰাৰ ওচৰলৈ পঠিয়াইছিল। এইদৰে তেওঁ ওজাপালি সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰে।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ সুকনান্নী ওজাপালিৰ বিশিষ্ট শিল্পী চন্দ্ৰ কান্ত নাথ ওজাৰ নেতৃত্বত ওজাপালি চৰ্চা আৰম্ভ কৰে। ১৯৭২ চনত তেওঁ নতুন দিল্লীৰ প্ৰগতি ময়দানত সুকনানি ওজাপালি আৰু দেওধনী নৃত্য প্ৰদৰ্শন কৰিছিল। দ্ৰোণ ভূঞা ঢোল বাদনতো বিশাৰদ। সুকনানি সংগীত আৰু দেওধনী নৃত্যৰ এগৰাকী সফল শিল্পী হিচাপে তেওঁ দৰং জিলাত পৰিবেশ্য কলাৰ প্ৰসাৰৰ বাবে অসামান্য অৱদান আগবঢ়াই আছে। তেওঁ আকাশবাণী গুৱাহাটী আৰু সংগীত নাটক একাডেমীৰ নিয়মীয়া শিল্পী হিচাপে ওজাপালি প্ৰদৰ্শন কৰি আহিছে। তেওঁ দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আদিত পৰিবেশ্য কলাৰ কৰ্মশালাসমূহত এগৰাকী সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আহিছে। তেওঁ শিষ্যসকলক দীক্ষা প্ৰদানৰ জৰিয়তে “গুৰু” উপাধি লাভ কৰিছে। ইয়াৰ লগতে তেওঁ বিভিন্ন নামঘৰ, সংঘ, শিক্ষানুষ্ঠান আদি ভিন্ন সামাজিক অনুষ্ঠানত সুকনানি সংগীত পৰিবেশন কৰি আহিছে। ২০০৯ চনত তেওঁ নিজা বাসগৃহতে এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনেৰে আগ্ৰহী শিল্পীসকলক ওজাপালি আৰু দেওধনী নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰে। এতিয়া ইয়াত সময়ে-সময়ে ভিন্ন ধৰণৰ পৰিবেশ্য কলা সম্পৰ্কে চৰ্চা কৰা হয়। এই কেন্দ্ৰটো পৰম্পৰাগত পৰিবেশ্য কলা কেন্দ্ৰ বুলি জনাজাত।[1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

লোকশিল্পৰ ক্ষেত্ৰখনলৈ অসামান্য অৱদান আগবঢ়োৱাৰ বাবে দ্ৰোণ ভূঞাই একাধিক বঁটা আৰু সন্মান লাভ কৰিছে। ২০০৯ চনত তেওঁ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ “গুৰু সন্মান” লাভ কৰে। উত্তৰ প্ৰদেশৰ আগ্ৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট্য আৰু লোক কলা মহোৎসৱত তেওঁ ২০১২ বৰ্ষৰ মীৰা বঁটা লাভ কৰে। ২০২১ চনত তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা বিষ্ণুৰাভা বঁটা লাভ কৰে। ২০২৪ চনত অসম চৰকাৰে কলা ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে তেওঁক ২০২৩ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ প্ৰদান কৰে। ২০২৪ তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।

তথ্য উৎস

[সম্পাদনা কৰক]