ছিপাঝাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দৰং জিলাৰ এখন অন্যতম চহৰ ছিপাঝাৰ। পুৰণি ছিফা নদীৰ পাৰৰ ঝাৰণি অঞ্চলেই বৰ্তমানৰ ছিপাঝাৰ বুলি পণ্ডিতসকলে কয়। মঙ্গলদৈ নগৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এই অঞ্চলটো এসময়ত এৰী, মুগা আৰু পাটপলু প্ৰতিপালনৰ বাবে বিখ্যাত আছিল। ছিপাঝাৰৰ নতিদুৰতে আছে এটি সূতাকলৰ বৃহৎ উদ্যোগ। ছিপাঝাৰৰ অন্যতম শিক্ষানুস্থান সমূহৰ ভিতৰত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় ( স্থাপিত১৯৩০ চন ) , ছিপাঝাৰ মহাবিদ্যালয় ( স্থাপিত১৯৭১ চন ), ছিপাঝাৰ বি.এড॰ কলেজ ( স্থাপিত১৯৯৪ চন ) আৰু ছিপাঝাৰ বি.জে. ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়