দেওধনী নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
দেওধনী নাচ

দেওধনী নাচ (ইংৰাজী: deodhani dance) অসমৰ এবিধ পুৰণিকলীয়া নাচ। অসমৰ জনজাতীয় লোকসকলৰ মাজত এই নাচৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নাচৰ প্ৰথা আছে[1]। দৰঙৰফালে দেওধনী নাচ বেছি জনপ্ৰিয়। দৰঙৰ দেওধনীসকলে মাৰৈ বা মনসা পূজাতহে নাচে। ঠাইবিশেষে অসমৰ আন আন ঠাইতো দেওধনী নাচৰ প্ৰচলন আছে। তেওঁলোকে কেচাঁইখাতী, সুবচনী, বুঢ়ী গোঁসানী ভুৰুলি আই, দুৰ্গা, বাথৌ, ব্ৰাই আদি পূজাত নাচে। দৰঙৰ দেওধনীৰ লগত সুকনানী (সুকবি নাৰায়ণী) আৰু ওজাপালি অনুষ্ঠান অপৰিহাৰ্য্য।

উৎপত্তি[সম্পাদনা কৰক]

ড: মহেশ্বৰ নেওগৰ মতে "দেওধনী" শব্দটোৰ উৎপত্তি হৈছে "দেৱ" আৰু "ধনি" শব্দ দুটাৰপৰা যাৰ অৰ্থ ক্ৰমে ভগৱান আৰু নাৰী। আনহাতে সংস্কৃতত ভগৱান বুজোৱা "দেৱ" আৰু শব্দ বুজোৱা "ধ্বনি"ৰ পৰাও "দেওধনী"ৰ উৎপত্তি হৈছে বুলি বহুতে মত পোষণ কৰে।[2] গতিকে চিধাচিধি "দেওধনী"ৰ অৰ্থ হ'ব ভগৱান বা দেৱতাৰ শব্দ বা কথা।

এটা কংবদন্তীমূলক সাধুৰ মতে মনসা আছিল সাপৰ দেৱী। চান্দ সদাগৰে আন দেৱতাক দিয়াৰ দৰে মনসাক অঞ্জলি দিবলৈ অমান্তি হোৱাত মনসাই সাপৰ হতুৱাই সদাগৰৰ ছটা পুত্ৰৰ প্ৰাণ নাশ কৰে। সপ্তম পুত্ৰ লখিন্দৰৰ বেউলা নামৰ কন্যাৰ লগত বিয়া হয়। বিয়াৰ নিশাই কালনাগে লখিন্দৰক খুঁটি প্ৰাণ লয়। তেতিয়া বেউলাই এখন নাৱত লখিন্দৰৰ মৃতদেহ লৈ স্বৰ্গৰফালে যায়। স্বৰ্গত তেওঁ নিজৰ নৃত্যৰে দেৱতাসকলক মুগ্ধ কৰে আৰু দেৱতাসকলে লখিন্দৰক পুনৰ জীয়াই তোলে। এই কাহিনীৰ দৰেই মনসা দেৱীক সন্তুষ্ট কৰিবলৈ মনসা পূজাৰ সময়ত দেওধনী নৃত্য কৰা হয়।

নৃত্যৰ ধৰণ[সম্পাদনা কৰক]

দেওধনীসকল সৰুতে দেৱতাৰ সেৱাৰ কাৰণে উত্সৰ্গিত ছোৱালী। তেওঁলোকে কেতিয়াও বিবাহপাশত আবদ্ধ হ’ব নোৱাৰে।[উদ্ধৃতিৰ প্ৰয়োজন] নাচৰ সময়ত দেওধনীয়ে বুকুত ফুলাম মেখেলা, তাৰ ওপৰত তপিনা ঢাকি এখন ফুলাম কাপোৰ মেৰিয়াই লয় আৰু কঁকালত ৰঙীন টঙালিৰে টানি বান্ধি দিয়ে। টঙালিখনৰ ফুলাম আগদুটা আগফালে ওলমাই লয়। দেওধনীসকলে হাতত পতীয়া খাৰু, বাজু, ডিঙিত মাদলী, জোনবিৰি, গলত গলপতা, কাণত কেৰু, নাকত নাকফুল আৰু ভৰিত চেলেই পিন্ধে।

দেওধনীসকলে নাচৰ আৰম্ভণিতে আগলি ক’লপাত এখনত চকু মুদি বহে। এজন পালিয়ে গাত বগা চেলেং এখন মেৰিয়াই দিয়ে। ওজাপালিয়ে দেৱতাৰ স্তুতি গীত আৰম্ভ কৰে। গীতৰ লগে দেওধনীয়ে মূৰটো ঘূৰাই থিয় হ’বলৈ আৰম্ভ কৰে। পালিয়ে গাৰ বগা চাদৰ খন আঁতৰাই দিয়াৰ পিছত দেওধনীয়ে গীতৰ লগে লগে নাচৰ ভংগীৰে থিয় হয়। মৃদু নাচ আৰম্ভ কৰাৰ লগে লগে মূৰৰ খোপাটো খুলি দেওধনী মুক্তকেশী হয়। ওজাই গীতত পাৰ বুলন, মৈৰা বুলন, নেউলী বুলন (পাৰ, ম’ৰা চৰাই আৰু নেউল খোজকঢ়া) আদিৰ কথা কয় আৰু দেওধনীয়ে সেই বুলনবোৰৰ গতিবোৰ ৰূপায়িত কৰে। ওজাৰ গীতৰ লগত নচা মৃদু নাচৰ শেষৰফালে জয়ঢোলত কোব পৰে আৰু দেওধনীয়ে ঢোলৰ চেৱত নাচিবলৈ ধৰে। ঢোলৰ চেও বাঢ়ি যোৱাৰ লগে লগে দেওধনীয়ে মুকলি চুলিকোচা ঘূৰাই ঘূৰাই নাচে। ক্ৰমাৎ নাচৰ লয় বাঢ়ি যোৱাত নাচৰ ৰূপ তাণ্ডৱীয় হয়। অতি দ্ৰুতগতিত চুলিকোচা ঘূৰোৱাৰ পিছত নাচৰ সামৰণি পৰে।

পাছৰ নাচত কেইবাটাও ভাগ থাকে। নাচৰ ক্ৰমবোৰ এনেধৰণৰ: হাড়ি নাচন, শুধকৰা নাচন (দেৱতাক), শিৱ নাচন, ধৰ্ম নাচন, দুৰ্গা নাচন, ধনতোলা কুৱেৰ নাচন, কাৰ্তিক নাচন, লক্ষী নাচন, আৰু মাগন মাগা নাচন। ওজাৰ গীতৰ লগত নচা নাচখিনি মৃদু লাস্যপূৰ্ণ (লয়লাস) কিন্তু জয়ঢোলৰ লগত নচা নাচ তাণ্ডৱীয়। প্ৰতিটো নাচৰ লগত বেলেগ বেলেগ বাদ্যযন্ত্ৰ লৈ ব্যৱহাৰ হয়। যেনে- শিৱনাচত কলঠৰুৱাৰ টকা বা ডম্বৰু, দুৰ্গা নাচনত তৰোৱাল, কাৰ্তিক নাচত জ্বলি থকা জুইৰ দুকুৰা, লক্ষী নাচনত দোণত ধান ইত্যাদি।

ওজাপালিয়ে মনসা কাব্যত থকা লক্ষীন্দৰক কালী সাপে দংশন কৰা আখ্যান গোৱাৰ লগে লগে দেওধনী সভাৰ মাজত শুই পৰে। পালিসকলে দেওধনীসকলক বগা কাপোৰেৰে ঢাকি থয়। ইয়াত দেওধনী “দকঁত পৰা” বোলে।[উদ্ধৃতিৰ প্ৰয়োজন] ওজাই যেতিয়া লক্ষীন্দৰক জীয়াই দিয়াৰ আখ্যান পায় তেতিয়া দেওধনী উঠি বহে আৰু নাচৰ অন্ত পৰে। তাৰপিছত দেওধনীসকলে কাষ চপা মানুহবোৰৰ ভৱিষ্যতবাণী কৰে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Deodhani Dance, Assamese Folk Dance". indianetzone.com. http://www.indianetzone.com/54/deodhani_dance.htm। আহৰণ কৰা হৈছে: November 28, 2012. 
  2. 2.0 2.1 "Deodhani Dance of Assam". Vedanti.com. 2013-05-04. http://www.vedanti.com/News/deodhani_dance_of_assam.htm। আহৰণ কৰা হৈছে: 2013-04-14. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]