চাদৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
এখন চাদৰ আৰু ইয়াৰ পাৰি

চাদৰ হৈছে এবিধ বহল আৰু দীঘলীয়া কাপোৰ বিশেষ। বিশেষকৈ অসমীয়া তিৰোতা মানুহে পৰিধান কৰা মেখেলা-চাদৰৰ এক অংশ। মেখেলা আৰু চাদৰ মিলি এক সংহতি গঠন কৰে। চাদৰখন শৰীৰৰ ওপৰ অংশত পৰিধান কৰা হয়। অসমীয়া মেখেলা-চাদৰ পৰিধানৰ কলা অনুসৰি চাদৰ খনৰে দেহৰ সমুখৰ অংশ বিশেষকৈ পেট আৰু বক্ষস্থল ঢাকি এটা আগ বাওঁ বাহুৰ ওপৰেৰে নি পিঠিৰ ফালে কিছু দীঘলকৈ এৰি দিয়া হয়। আনটো আগ পেটৰ সোঁফালে দি পকাই পিছ কঁকালৰে বাওঁফাললৈ আনি নাভিৰ ওচৰত মেখেলাত খোচা মাৰি সুমুৱাই দিয়া হয়। অৱশ্যে চাদৰ পৰিধান কৰাৰ আন কিছুমান বিকল্পও অৱলম্বন কৰা দেখা যায়। চাদৰ বুলি ক'লে কেৱল 'মেখেলা-চাদৰ'ৰ চাদৰ খনকে বুজা নাযায়।

ব্যৱহাৰ[সম্পাদনা কৰক]

চাদৰৰ প্ৰকাৰ অনুসৰি ব্যৱহাৰ ভিন্ন। পুৰণি কালত আহোম মহিলা সকলে ব্যৱহাৰ কৰা চাদৰ আৰু শীত কালত পুৰুষ মহিলা উভয়ে লোৱা এৰি চাদৰ পৰিধানৰ পদ্ধতি একেই। আহোম স্বৰ্গদেউ সকলৰ দিনত অসমত অভিজাত শ্ৰেণীৰ মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে স্তনভাৰণৰ লগতে পিঠিভাগো আবৃত কৰি ৰাখিছিল। তাৰ ওপৰত ওৰণী লোৱাৰ দৰে খোপাৰ পৰা বাহুলৈ চাদৰ এখন মেৰিয়াই লৈছিল। এই দুবিধ চাদৰৰ উপৰিও চেলেং চাদৰ শৰীৰৰ ওপৰ অংশত পৰিধান কৰা আন এবিধ অসমীয়া পৰম্পৰাগত বস্ত্ৰ। সাধাৰণতে দেহৰ সন্মুখৰ ফালে এটা অংশ ৰাখি লৈ বাঁও কান্ধেৰে পিঠিৰ ফালে চেলেঙৰ আনটো অংশ ওলোমাই লোৱা হয়। এই চাদৰ পুৰুষ মহিলা উভয়েই পৰিধান কৰে। হুঁচৰি বিহুত মুখিয়ালজনে, সত্ৰাধিকাৰ, গোসাঁই আৰু ভকত-বৈষ্ণৱসকলে প্ৰায় বাধ্যতামূলকভাৱে চেলেঙৰ ব্যৱহাৰ কৰে। ভাওনাৰ গায়ন-বায়নসকলেও চেলেং চাদৰৰ ব্যৱহাৰ কৰে। ভাওনাত ভাৱৰীয়া প্ৰৱেশৰ পূৰ্বে চেলেং চাদৰৰ আঁৰ দিয়া হয়। অসমীয়া বিবাহ অনুষ্ঠানত বৰ-কন্যা উভয়ে চেলেং চাদৰ পৰিধান কৰে। ইয়াৰোপৰি বিবাহ পৰম্পৰা অনুসৰি পানীতোলা, দৰা আদৰা, দৰা কইনা নোওৱা, জোৰোণ দিয়া আদি কাৰ্যত চেলেং চাদৰ ব্যৱহাৰ কৰে। অন্যান্য মাঙ্গলিক কাম-কাজতো চেলেং লোৱাৰ নিয়ম আছে। অসমীয়া পৰম্পৰা অনুসৰি সমাজত পাঠকে পুথি পঢ়াৰ সময়ত সমুখত চেলেং চাদৰ এখন বহলকৈ আঁৰি দিয়া হয়। বিছনা আদিত পাৰিবলৈ ব্যৱহাৰ কৰা বৰকাপোৰ খনক বিছনা চাদৰ বুলি কোৱা হয়। পৌৰাণিক ভাৰতীয় শাস্ত্ৰ অনুসৰি উপনয়নৰ সময়ত উপবিত্ত ধাৰণ কৰাৰ প্ৰকৃত নিয়মমতে বাওঁ ফালৰ বাহুৰ ওপৰৰ পৰা মূৰেদি পাৰ কৰি আনি সোঁ বাহুৰ তলৰ ফালে ৰাখিব লাগে।[1]ওপৰৰ বস্ত্ৰ বা পবিত্ৰ সূতা পৰিধানৰ ধাৰণা তথা ইয়াৰ তাৎপৰ্য মহিলা সকললৈয়ো প্ৰসাৰিত হৈছিল আৰু ইয়াৰ দ্বাৰাই শাৰী, চাদৰ আদি পৰিধান কৰোঁতে বাওঁ ফালৰ পৰা পৰিধান কৰা নিয়মটো প্ৰচলিত হয়।

চাদৰৰ প্ৰকাৰ[সম্পাদনা কৰক]

অসমীয়া লোকসকলে বিভিন্ন প্ৰকাৰৰ চাদৰৰ ব্যৱহাৰ কৰে।[2] যেনে:-

  1. চেলেঙ চাদৰ
  2. কেঁচা সূতাৰ চাদৰ
  3. পকোঁৱা সূতাৰ চাদৰ
  4. আঁচু দিয়া চাদৰ
  5. গাৰিয়লী চাদৰ
  6. পাৰি দিয়া চাদৰ
  7. গুণাকটা চাদৰ
  8. বুটাবচা চাদৰ
  9. ৰিহা চাদৰ
  10. এৰিয়া চাদৰ
  11. বিছনা চাদৰ(বৰ কাপোৰ)

আকাৰ[সম্পাদনা কৰক]

বিশেষত্ব[সম্পাদনা কৰক]

চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. PV Kane, History of Dharmasastra Volume 2.1, 1st Edition, pages 290-293
  2. বৰদলৈ, উপেন্দ্ৰ নাথ (১৬ এপ্ৰিল ২০১৭). "ৰঙালী বিহু তথা অসমৰ বস্ত্ৰ অলংকাৰৰ অতীত". INFORMATION & PUBLIC RELATIONS, DIRECTORATE OF INFORMATION AND PUBLIC RELATIONS, GOVERNMENT OF ASSAM. ৰাইজৰ বাতৰি. https://dipr.assam.gov.in/portlets/raijor-batori-exclusive-fortnightly। আহৰণ কৰা হৈছে: April 5, 2020.